নৱেম্বৰৰ হাড় কঁপোৱা শীতৰ সেইনিশা টেকেলা গাঁৱৰ মানুহবোৰ শুইছিলে৷ সেইদিনাই যোৰহাটৰ কাছাৰী ফিল্ডৰ সভালৈ অহাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই৷ দেশৰ প্ৰথম অকংগ্ৰেছী জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰীক চাবলৈ টেকেলা গাঁৱৰো কেইজনমান যুৱক গৈছিল৷ কিন্তু সন্ধিয়ালৈ প্ৰধানমন্ত্ৰী আহি নাপালেহি৷
ৰেডিঅ’টো মিটিঙৰ খবৰ নোলাল৷ শীতৰ নিশা টেকেলা গাঁও নিঃপালি দিছিল৷ তেনেহে গুৰুমকৈ এটা বিকট শব্দ হ’ল৷ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ দৰেই এটা শব্দ ১৯৭৭ চনৰ ৪ নৱেম্বৰৰ নিশা টেকেলা গাঁৱত হ’ল৷ নিহালীৰ উম লৈ শুই থকা গঞায়ো সাৰ পায় গ’ল৷ গঞাৰ গা চেবালে৷
এজন এজনকৈ মানুহবোৰ ঘৰৰ পৰা ওলাল৷ ইন্দ্ৰেশ্বৰ বৰুৱা নামৰ লোকজনৰ ঘৰৰ কাষৰ পথাৰতে সেই শব্দটো হৈছিল৷ তেওঁ পথাৰলৈ চাই দেখে এটা ৰূপালী অৱয়ব থিয় হৈ আছে৷ হাতত জোঁৰ লৈ বৰুৱা পথাৰখনলৈ গ’ল৷ তেওঁৰ লগতে গ’ল ইতিমধ্যে দৌৰি অহা কেবাজনো গঞা৷
সেইখনেই আছিল দেশৰ প্ৰধানমন্ত্ৰীৰ VVIP বিমান পুষ্পক ৰথ৷ তেতিয়ালৈ গঞাই একো গম পোৱা নাছিল৷ কিন্তু কোনোবা এজন চিঞৰিছিল- জুই কাষলৈ নানিবা৷ মানুহবোৰ উলিওৱা৷
সেইমতে গঞা বিমানৰ কাষ চাপি গ’ল৷ এজন এজনকৈ সকলোকে উলিয়ালে৷ তেতিয়ালৈ শেষ নিশ্বাস ত্যাগ কৰিছিল উইং কমাণ্ডাৰ ক্লাৰেঞ্চ ডি লিমা, উইং কমাণ্ডাৰ যোগিন্দৰ সিং, স্কোৱাড্ৰন লীডাৰ মেথিউ ছাইৰিয়াক, স্কোৱাড্ৰন লীডাৰ ভি ভি এছ সুনকৰ আৰু ফ্লাইট লেফটেনেণ্ট অ’ পি অৰোৰাই৷
বিমানৰ বাহিৰত থৰথৰকৈ কঁপি ৰৈ থকা লোকজনে গঞাক ক’লে- মই প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই
সেইদিনা আচলতে দিল্লীৰ পালম বন্দৰৰ পৰা যোৰহাটলৈ বিমানখন ঠিক সময়তে উৰিছিল৷ কিন্তু নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ নোহোৱা হৈ গৈছিল পুষ্পক ৰথৰ৷ দিল্লীত সিপিনে হাহাকাৰ লাগিছিল৷ প্ৰধানমন্ত্ৰী পৰি আছিল যোৰহাটৰ টেকেলা গাঁৱৰ পথাৰত৷ ভিভিআইপি বিমান পুষ্পক ৰথত প্ৰধানমন্ত্ৰীৰ লগতে আহিছিল তেওঁৰ পুত্ৰ কান্তিভাই দেশাই¸ অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমখাণ্ডু থুংগন¸ সৰ্বোদয় নেতা নাৰায়ণ দেশাই¸ দুজন সাংসদ¸ ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক জন ল’ব’কে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক। VIP¸ পাইলট¸ বিমানৰ কৰ্মচাৰীকে ধৰি মুঠতে ২২ জন মানুহ তাত আছিল।
মানুহবোৰে পৰিস্থিতিৰ ভয়াৱহতা বুজি পালে৷ লগে লগে মোৰাৰজী দেশাইক ইন্দ্ৰেশ্বৰ বৰুৱাই ঘৰলৈ লৈ গ’ল৷ একমাত্ৰ নালছিগা চকীখনতে বহিবলৈ দিলে প্ৰধানমন্ত্ৰীক৷ মোৰাৰজী দেশাই বহা চকীখনত বাকচৰ পৰা উলিয়াই এড়িয়া চাদৰো পাৰি দিলে৷ জীয়েকৰ ইউনিফৰ্মৰ কাপোৰ ফালি আঘাতপ্ৰাপ্তসকলক বেণ্ডেজ হিচাপে দিলে বৰুৱাই৷ সেইদিনা মোৰাৰজী দেশাইৰ নাকেৰে তেজ ওলাইছিল৷ কান্তিভাই দেশাইৰ ভৰিৰ মাংস ফাটিছিল৷ যন্ত্ৰণাত চিঞৰি আছিল কান্তিভায়ে৷
গাঁৱখনত খবৰটো ৰাষ্ট্ৰ হৈ পৰিল৷ প্ৰধানমন্ত্ৰীয়ে নিকটৱৰ্তী ৰৰৈয়া বিমান বন্দৰত খবৰ দিয়াবলৈ ক’লে৷ তেতিয়া আকৌ প্ৰধানমন্ত্ৰীক গাঁৱৰে এগৰাকী বৃদ্ধাই কল এটাও যাচিলে৷ প্ৰধানমন্ত্ৰীয়ে কিন্তু নাখালে৷ বহুতে চুই চালে প্ৰধানমন্ত্ৰীক৷
সেইখন গাঁৱৰে শিক্ষক তৰুণ চুতীয়াৰ আৰ্মীৰ পৰা নিলামত কিনা এখন হাফটন গাড়ী আছিল৷ যিখন লৈ তেওঁ ৰৰৈয়ালৈ ওলাল৷ কাষতে বহিল প্ৰধানমন্ত্ৰীৰ সৈতে অহা ট্ৰেইনী ফ্লাইট ইঞ্জিনীয়াৰ ৰবীন্দ্ৰন আৰু আনজন সহযোগী মি: কেশৱ উপাধ্যায়৷ কিন্তু তৰুণ চুতীয়াৰ গাড়ী কিছুদূৰ গৈ বোকাত লাগি ধৰিলে৷ গতিকে লগতে যোৱা পুনাই সেনাপতি আৰু থগেশ্বৰ বৰাৰ সহায়ত তেওঁলোকে এঘৰৰ পৰা চাইকেল বিচাৰি ৰৰৈয়ালৈ গ’ল৷
ৰৰৈয়াৰ পৰা উদ্ধাৰকাৰী আহিল৷ তেওঁলোকে পুৱালৈ প্ৰধানমন্ত্ৰী আৰু সহযোগীক উদ্ধাৰ কৰিলে৷ কিন্তু বিমানখন ডেৰমাহ তাতে পৰি আছিল৷ প্ৰধানমন্ত্ৰী পিছদিনা তেজপুৰ হৈ দিল্লীলৈ উভতি গৈছিল৷ দুৰ্ঘটনা ঘটা স্থানতে গাঁৱৰ ৰাইজে ৰুইছিল এডাল মদাৰ গছ৷ আচৰিতভাৱে মদাৰজোপা জীয়াই থাকিল যদিও নাবাঢ়িল৷ দুৰ্ঘটনাৰ সাক্ষ্য বহন কৰি একেটা জোখতে এতিয়াও আছে মদাৰজোপা৷
কিন্তু সেই স্থানত কোনো স্মাৰক হৈ নুঠিল৷ যোৰহাটৰ পৰা দেৰগাঁৱৰ দিশত ১১ কিঃমিঃ গৈ পানীচকুৱাইদি ৪ কিঃমিঃ দূৰৰ গাঁৱখনৰ ঘটনাস্থলী চৰকাৰেও সংৰক্ষণ নকৰিলে৷ আহমেদাবাদৰ ঘটনাৰ সময়ত আমি দৰ্শকক সোঁৱৰাই দিছোঁ অসমৰ সেই ঘটনাৰ কথা৷ যিদিনা প্ৰধানমন্ত্ৰী মোৰাৰজী দেশা টেকেলা গাঁৱৰ ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰত আলহী হৈছিল৷ সেই ঘটনাৰ বহুদিনৰ পিছত আহিছিল ৰবীন্দ্ৰন৷ যি ওভতনিৰ সময়ত পুষ্পকখন দিল্লীলৈ উৰাই নিয়াৰ কথা আছিল৷
যোৰহাটৰ গাঁৱত নিশা হৈছিল আহমেদাবাদৰ দৰে বিকট শব্দ
