ডিগবৈ পাণবাৰীত গৰু চোৰক লৈ উত্তেজনাৰ সৃষ্টি হয়৷ বৃহত্তৰ পাণবাৰী বন গাঁওখনত গৰু চোৰৰ উপদ্ৰৱত দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে বিনিদ্ৰ ৰজনী কটাইছিল৷ প্ৰায় এবছৰ দিন ধৰি প্ৰত্যেক সপ্তাহত কৃষি ওপৰত নিৰ্ভৰশীল গাঁওবাসীৰ চাৰি-পাঁচটাকৈ গৰু-ম’হ চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছিল৷
শেহতীয়াকৈ নিশা চাৰে তিনি বজাত একে গাঁৱৰে কুখ্যাত গৰু চোৰ তোলন চাংমাইক হাতে-লোটে আটক কৰাৰ লগতে চোৰাং গৰু কঢ়িয়াই নিয়া গাড়ীখনো ক্ষোভিত ৰাইজে জ্বলাই দিয়ে৷ যোৱা কিছুদিন ধৰি সঘনে পাণবাৰীত গৰু চোৰ হৈ থকাত স্থানীয় ৰাইজ সজাগ হৈ আছিল৷
পুৱতি নিশা প্ৰায় তিনিমান বজাত মদন কোঁৱৰ, বাবু ভূমিজ, ৰজিত কোঁৱৰৰ ঘৰৰ গোহালিৰ পৰা এখন গাড়ীত কেইবাটাও গৰু চুৰি কৰি উঠাই লৈ পাণবাৰীৰ বনগাঁৱৰ পৰা ডিগবৈ ৰামনগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে যাবলৈ লওঁতেই ৰাইজে প্ৰত্যক্ষ কৰি খেদি খেদি গাড়ীখন আগচি ধৰে৷
গাড়ীখনৰ চালকৰ আসনত থকা তোলন চাংমায়ে গাড়ীখন পথৰ কাষত থৈ জঁপিয়াই পথৰ কাষতে থকা এজন ব্যক্তিৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি আত্মগোপন কৰিবলৈ চেষ্টা চলায় যদিও স্থানীয় লোকে কুখ্যাত গৰু চোৰ টোলনক আটক কৰি উত্তম-মধ্যম শোধাই ডিগবৈ আৰক্ষীক গতাই দিয়ে৷
ইফালে উত্তেজিত একাংশ ৰাইজে চুৰি গৰুকেইটা উদ্ধাৰ কৰি গৰু চোৰ কৰিবলৈ ব্যৱহাৰ কৰা এচি গাড়ীখন জ্বলাই দিয়ে৷ পথৰ দাঁতিত নিমিষতে গাড়ীখন জ্বলি ভস্মীভূত হয় যদিও একাংশ ৰাইজে গাড়ীখন নিজে নিজেই জ্বলিছে বুলি দাবী কৰিছে৷
স্থানীয় মহিলাসকলে প্ৰতিবেদকক জানিব দিয়া অনুসৰি একে গাঁৱৰ বাসিন্দা তোলনৰ চাল-চলন সন্দেহজনক আছিল৷ গাঁওখনৰ বহু লোকৰ হালোৱা গৰু, ম’হ চোৰ কৰি নিয়াৰ ফলত কৃষিৰ¸ ওপৰত নিৰ্ভৰশীল গঞা ৰাইজ বিপাঙত পৰি মূৰে-কঁপালে হাত দিব লগীয়া হৈছিল৷
বৰ্তমান এটা ম’হৰ বজাৰ মূল্য ষাঠি হাজাৰতকৈও অধিক৷ সমান্তৰালকৈ এহাল হালোৱা গৰুৰ বজাৰ মূল্য চল্লিশ হাজাৰোধিক৷ আনহাতে পাণবাৰী বন গাঁওখনত নিশা হ’লেই বিলাসী বাহনত বহু অচিনাকি লোকৰ আগমন ঘটে৷ এই বিলাসী বাহনসমূহতেই গৰু চোৰে গৰু লৈ উধাও হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷
বিগত ডেৰমাহ দিন ধৰি পাণবাৰী গাঁৱৰক্ষী বাহিনী সমিতিখন কিছু অভ্যন্তৰীণ খেলিমেলিৰ বাবে ভংগ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ সমান্তৰালকৈ ডিগবৈ নগৰখনৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে৷
নিশাৰ ভাগত ডিগবৈ আৰক্ষী থানাৰ তহলদাৰী দল গাঁৱৰক্ষী বাহিনী সষ্টম হৈ থকাৰ পিছতো নিয়মিতভাৱে চুৰিকাৰ্য সংঘটিত হৈ থকাক লৈ স্থানীয় জনসাধাৰণ শংকিত হৈ পৰিছে৷ ইফালে ডিগবৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টিংৰাই ষ্টেছন আৰু উল্টাপুলৰ সমীপত ডকাইতি কাণ্ড আৰু চুৰিকাণ্ডৰ লগত জড়িত এটা চোৰৰ গেঙক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷
পৰৱৰ্তী সময়ত পাণবাৰী গাঁৱৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলা ডিগবৈ থানাত উপস্থিত হৈ গৰুচোৰ তোলনক কঠোৰ শাস্তি দিবলৈ দাবী জনাই এখন এজাহাৰ দিয়ে৷ ৰাইজে জনোৱা মতে তোলনৰ সহযোগী চোৰৰ গেংটোৱে এখন ছুইফ্ট গাড়ীৰে পলাই যাবলৈ সক্ষম হয়৷
পলায়ন কৰা চোৰকেইটা ক্ৰমে ডিগবৈ পাণবাৰী বনগাঁও অঞ্চলৰ ৰাজীৱ চাংমাই, জিতু কোঁৱৰ, মুকুল কোঁৱৰ, মৰাণ-ডিব্ৰnগড়ৰ সুৰজ নাওহলীয়া আছিল বুলি স্থানীয় ৰাইজে এজাহাৰত উল্লেখ কৰিছে৷
ডিগবৈৰ পাণবাৰীৰ লগতে ঢেকীয়াজান, ভীমপথাৰ, বালিজান, লক্ষ্মীপথাৰ আদি অঞ্চলত দৈনিক গৰু চোৰ হৈ আছে৷ বিশেষকৈ পাণবাৰীত গৰু চোৰ হৈ থকাত অঞ্চলটোত গৰু প্ৰায় নোহোৱা হৈছে৷ বিশেষকৈ হালুৱা গৰু চোৰ হোৱাত খেতিয়কসকল চিন্তিত হৈ পৰিছে৷ গতিকে টোলনৰ জৰিয়তে জিলাখনত গঢ় লৈ উঠা গৰু চোৰ চক্ৰটোক উৎখাট কৰিবলৈ ৰাইজে দাবী জনাইছে৷
মিঞা নহয়, একে গাঁৱৰে তোলনেই চোৰ
