ভাৰত আক্ৰমণৰ বাবে পৰিকল্পনা চলি আছে!

বতৰ অনুকূল আছিল৷ চৰাইৰ খুন্দাৰ দৰে দুৰ্ঘটনাৰো খবৰ নাছিল৷ তথাপি আহমেদাবাদত দ্বৈত ইঞ্জিনৰ বয়িং দুৰ্ঘটনাগ্ৰস্ত হ’ল৷ এই সন্দৰ্ভত নতুন চৰ্চাৰ উদ্ৰেক কৰিছে ছাৰা আডামছে৷ চি আই এৰ প্ৰাক্তন এজেণ্ট ছাৰাই ৯ আৰু ১০ জুনত দুটা বিশেষ বাৰ্তা প্ৰকাশ কৰিছিল৷
এক্স হেণ্ডেলত তেওঁ ভাৰতত এটা সাংঘাতিক ঘটনা সংঘটিত হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল৷ আমেৰিকাৰ গুপ্তচৰ হিচাপে দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা ছাৰা আডামছে ৯ জুনতে প্ৰথমটো টুইট কৰিছিল৷ য’ত তেওঁ আফগানিস্তানত এটা ভয়াৱহ আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা থকা বুলি প্ৰকাশ কৰিছিল৷
উক্ত পোষ্টত ভাৰত সৰ্বকালৰ ভিতৰতে বৃহৎ আক্ৰমণৰ সন্মুখীন হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল ছাৰা আডামছে৷ আলোক ভাট নামৰ ফল’ৱাৰ্ছক সম্বোধন কৰি ছাৰাই লিখিছিল যে ভাৰতত নৰমেধ কৰিবলৈ আফগানিস্তানত পৰিকল্পনা কৰি থকা হৈছে৷
অৰ্থাৎ তালিবানৰ ভূমিৰ পৰা ভাৰতত আক্ৰমণৰ ব্লুপ্ৰিণ্ট কৰা বুলি আডামছে ব্যক্ত কৰিছিল৷ ১০ তাৰিখেও তেওঁ অনুৰূপ পোষ্ট দিছিল৷ উক্ত পোষ্টত ছাৰা আডামছে গোপন স্থানত ভাৰত ৰাঙলী কৰাৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ খবৰ দিছিল৷
কিন্তু সেইবাৰ তেওঁ বিশেষ স্থানৰ বিষয়ে প্ৰকাশ কৰা নাছিল৷ এইগৰাকী ছাৰা আডামছ পূৰ্বে আছিল চি আই এৰ এজেণ্ট৷ যি ইছলামিক জেহাদ দমনৰ অৰ্থে আমেৰিকাৰ হৈ সক্ৰিয় ভূমিকা পালন কৰিছিল৷ তেওঁৰ ভাষ্যই আকৌ আহমেদাবাদৰ ঘটনাক সন্দেহজনক কৰি তুলিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial