বিষাক্ত গেছে ভটীয়াপাৰ ছানি ধৰাৰ আশংকা

লাহে লাহে শিৱসাগৰৰ ভটিয়াপাৰত পৰিস্থিতি বেয়া হৈ আহিছে৷ জুই লগাৰ আশংকাত আজি স্থানীয় লোকসকলক ঘৰৰ পৰা আঁতৰাই পঠিয়াইছে ONGCয়ে৷ শিৱসাগৰ নগৰৰ পৰা মাত্ৰ চাৰি কিল’মিটাৰ নিলগৰ বাৰীচুকত থকা অ’এনজিচিৰ ১৪৭ নং ৰীগত আজি দুপৰীয়া হঠাতে হোৱা প্ৰাকৃতিক গেছ নিৰ্গমনৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে৷
প্ৰচণ্ড শব্দৰে অহৰহ নিৰ্গত হোৱা প্ৰাকৃতিক গেছে অঞ্চলটো আৱৰি পেলোৱাৰ লগতে যিকোনো মুহূৰ্তত অগ্নি সংযোগ হৈ বাঘজান ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আংশকাই দেখা দিছে৷ স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি উক্ত ৰীগত এক বিস্ফোৰণ হোৱাৰ পিছতে ৰীগটোৰ পৰা নিয়ন্ত্ৰণহীনভাৱে প্ৰাকৃতিক গেছ নিৰ্গমন হ’ব ধৰে৷ প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা প্ৰাকৃতিক গেছক লৈ অঞ্চলটোত আতংকৰ সৃষ্টি হোৱাৰ লগতে তাৎক্ষণিকভাৱে স্থানীয় লোকসকলক ঘৰৰ পৰা নিৰাপদ দূৰত্বলৈ নি প্ৰায় পাঁচশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰ কোনোধৰণৰ জুই প্ৰজ্বলন নিষেধ কৰা হয়৷
ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দহখনৰো অধিক বাহন উপস্থিত হৈ গেছ নিৰ্গত হোৱা ৰীগত তাৎক্ষণিক কোনো অগ্নিকাণ্ড সংঘটিত নহ’বৰ বাবে অহৰহ পানী মৰাৰ ব্যৱস্থা কৰে৷ পৰৱৰ্তী সময়ত কাষেৰে বৈ যোৱা দিখৌ নদীৰ পৰা পাম্পেৰে পানী মৰাৰ ব্যৱস্থা কৰাৰ ফলত বৰ্তমানে অগ্নিকাণ্ড সংঘটিত হোৱা নাই ৰীগটোত৷
উক্ত নিৰ্গমন ৰোধ কৰাৰ বাবে অ’এনজিচিৰ ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ লগতে বিঅ’পি কণ্ট্ৰল ইউনিট, অগ্নি নিৰ্বাপক বাহিনী, এছডিআৰএফ, আৰক্ষী আদি বিভাগৰ লোক উপস্থিত হৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰিছে৷ ৰীগত কৰ্মৰত এজন কৰ্মচাৰীৰ পৰা লাভ কৰা তথ্য অনুসৰি খাৰুৱা তেলৰ সন্ধানত খনন চলি থকা উক্ত ৰীগটোত আজি দুপৰীয়া ভূগৰ্ভৰ ভিতৰত এক বিস্ফোৰণ কৰা হৈছিল৷
উক্ত বিস্ফোৰণৰ ফলত উচ্ছ চাপযুক্ত প্ৰাকৃতিক গেছ হঠাতে নিৰ্গত হ’ব ধৰিলে৷ নিৰ্গত হোৱা এনে উচ্ছ চাপ সম্পন্ন গেছ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উক্ত ৰীগত তেনে কাৰিকৰী প্ৰযুক্তি নথকাৰ বাবে এই নিৰ্গমন বন্ধ কৰিব পৰা নগ’ল বুলি কৰ্মচাৰীগৰাকীয়ে উল্লেখ কৰে৷ অৱশ্যে এই নিৰ্গমন তাৎক্ষণিকভাৱে কেনেকৈ বন্ধ কৰিব সেই বিষয়ক লৈ আৰচিএমটিৰ বিষয়া-কৰ্মচাৰীয়ে কোনো পৰিকল্পনা সংবাদ মাধ্যমক জনোৱা নাই যদিও জিলা প্ৰশাসনৰ তৰফৰ পৰা মাড শ্বলিউছন টেকনিক ব্যৱহাৰ কৰা হ’ব বুলি জানিব দিছে৷
গেছ নিৰ্গত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াই এই দুৰ্যোগ ৰোধৰ তদাৰক কৰাৰ লগতে ৰীগৰ ওচৰত থকা পৰিয়ালসমূহক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে৷ ৰীগৰ ওচৰত থকা প্ৰায় ৭০ ঘৰ লোকক বনগাঁও বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত ৰখাৰো ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে৷
উক্ত লোকসকলৰ খোৱা-বোৱাৰ লগতে থকাৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব দিয়ে জিলা প্ৰশাসনৰ সূত্ৰই৷ আনহাতে ঘটনা সন্দৰ্ভত অ’এনজিচিৰ আৰচিএমটি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ পৰা জানিব পৰা অনুসৰি ভূ-গৰ্ভত সৃষ্টি হোৱা গেছৰ চাপ ৰীগৰ খনন চাপতকৈ অধিক হ’লে এনে ঘটনা হ’ব পাৰে৷
লগতে ৰীগৰ আঁসোৱাহপূৰ্ণ আৰ্হি, যান্ত্ৰিক বিজুতি অথবা ৰীগ নিয়ন্ত্ৰণত থকা কৰ্মচাৰীৰ ভুলৰ বাবেও এনে ঘটনা সংঘটিত হ’ব পাৰে বুলি প্ৰাক্তন বিষয়াগৰাকীয়ে উল্লেখ কৰে৷ তাৎক্ষণিকভাৱে অহৰহ ৰীগত পানী মাৰি জুই লগাৰ পৰা ৰীগটো ৰক্ষা কৰিব পাৰে যদিও ইয়াৰ বাবে বিভিন্ন কৌশল আৰচিএমটি বিভাগে গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ জানিব দিয়ে৷
ইয়াৰ ভিতৰত কিল মাডৰ ব্যৱহাৰৰ দ্বাৰা এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সম্ভৱ বুলিও তেওঁ জানিব দিয়ে৷ উল্লেখ কৰাৰ প্ৰয়োজন যে এনে গেছ নিৰ্গমনৰ লগতে খাৰুৱা তেলৰ নিৰ্গমনৰ ফলত পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰে৷ এনে নিৰ্গমনে মানুহৰ স্বাস্থ্যৰ লগতে কৃষি আৰু আন জীৱকুলৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়৷
এইপৰ্যন্ত এম চি আৰ টি বিভাগৰ দ্বাৰা পৰিকল্পনা প্ৰস্তুত কৰি থকা হৈছে যদিও এই নিৰ্গমন ৰোধ কৰিব পৰা হোৱা নাই৷ অৱশ্যে এনে দুৰ্যোগ ৰোধৰ বাবে অ’এনজিচিৰ তৰফৰ পৰা কোনো বিশেষজ্ঞ দল আনিব নেকি সেয়াও বিভাগৰ তৰফৰ পৰা জানিব দিয়া নাই৷ কিন্তু এটা কথা নিশ্চিত যে এই দুৰ্যোগ অনতিপলমে ৰোধ কৰিব নোৱাৰিলে আগন্তুক সময়ত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ শিৱসাগৰৰ এই বাৰীচুকৰ ৰীগত পুনৰ এক বাঘজানৰ অধ্যায় সূচনা হ’ব পাৰে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial