প্ৰাচীন স্কুল উঠাই পাতিব ৱাইন শ্বপ

ৰূপজ্যোতি কুৰ্মিৰ সমষ্টিত খুলিবলৈ লৈছে আন এখন ৱাইন শ্বপ৷ মৰিয়নিৰ নকছাৰিৰ কেতবোৰ অঞ্চলত মদৰ ব্যাপক প্ৰচলনে সুস্থ সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ তেনে এক সময়তে নকছাৰিৰ ষ্টেছন চাৰিআলিত নতুনকৈ এখন মদৰ দোকান খোলাক লৈ আন্দোলনৰ সূচনা সৃষ্টি হৈছে৷
চৰকাৰে নকছাৰিৰ ষ্টেছন চাৰিআলিৰ সমীপত এখন নতুন দেশীয় মদৰ দোকানৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰিছে আৰু সেই অনুসৰি দোকানখন তাত আৰম্ভ কৰিছে৷ কিন্তু অঞ্চলটোৰ ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে৷ এই সন্দৰ্ভত অঞ্চলটোৰ প্ৰায় দুইশতাধিক মহিলাই আজি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰেই মদৰ দোকানখন বন্ধ কৰাৰ দাবী জনায়৷
নকছাৰিৰ মণিকাঞ্চন গ্ৰাম্য সংগঠনৰ উদ্যোগত নকছাৰি ষ্টেছন চাৰিআলিত অনুষ্ঠিত এই প্ৰতিবাদী সভাখনত সভাপতিত্ব কৰে স্থানীয় অগ্ৰণী মহিলা তিলোত্তমা লাহনে৷
প্ৰচণ্ড গৰমতো প্ৰায় দুইশতাধিক মহিলা উপস্থিত থকা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক নৱজিত ভূঞা, বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক যুটীয়া সচিব যাদৱ দুৱৰা, ৱাৰ্ড সদস্য অনন্ত গগৈ, ৰীমা গগৈ, বেবী গগৈ, গীতাঞ্জলি গগৈ, বিনয় বৰা প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰি অঞ্চলটোত স্থাপন কৰা মদৰ দোকানে সকলো সুস্থ সামাজিক পৰিৱেশ বিনষ্ট কৰিব বুলি আশংকা ব্যক্ত কৰে৷
উক্ত অঞ্চলত চৰকাৰে মদৰ দোকানৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰি অঞ্চলটোৰ নতুন প্ৰজন্মৰ ভৱিষ্যৎ ধবংস কৰিব বিচাৰিছে বুলিও তেওঁলোকে মতপোষণ কৰে৷ সেই স্থানৰ পৰা কিছু নিলগতে নকছাৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়, নকছাৰি গাৰ্লছ হাইস্কুল আদি অৱস্থিত৷ তদুপৰি নকছাৰি মহাবিদ্যালয় আৰু নকছাৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়লৈও উক্ত পথেদিয়েই ছাত্ৰ-ছাত্ৰী আহ-যাহ কৰে৷
সেয়েহে উক্ত স্থানত মদৰ দোকান কোনো কাৰণতেই খুলিবলৈ দিয়া নহ’ব বুলি সভাত সকলোৱে মতপোষণ কৰে৷ ইফালে, দোকানখন সম্পূৰ্ণৰূপে উঠাই নিনিয়ালৈকে মহিলাসকলে মদৰ দোকানখন বিদ্যালয় চলা সময়ত বন্ধ ৰাখিবলৈও দাবী জনাইছে৷ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা সভাখনত কোনো কাৰণতেই নকছাৰি ষ্টেছন চাৰিআলিত মদৰ দোকান খুলিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে৷
তদুপৰি এই সন্দৰ্ভত এক সপ্তাহ সময়সীমা বান্ধি দি মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়াৰ উপৰিও আবকাৰী বিভাগ আৰু জিলা আয়ুক্তক এক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে মহিলাসকলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial