প্ৰথম সাত মাহতে বাৰম্বাৰ অঘটন

এই বছৰটোৱেই দেশৰ বাবে কালিকালগা৷ প্ৰথম সাতমাহতে সংঘটিত ধাৰাবাহিক অঘটনে দেশবাসীৰ অন্তৰ জোকাৰি গৈছে৷ অভিশপ্ত বছৰৰ আৰম্ভণিতে দিল্লী ৰে’ল ষ্টেশ্যনত পদপিষ্ট হৈ ৪০ জনৰ মৃত্যু ঘটিছিল৷
মহা কুম্ভমেলা অভিমুখী যাত্ৰীসকলে হুৱাদুৱা কৰি ষ্টেশ্যনত ত্ৰাসৰ সৃষ্টি কৰিছিল৷ ফলত গচকত প্ৰাণবায়ু উৰি গৈছিল ৪০ জন দুৰ্ভগীয়াৰ৷ তাৰ কিছুদিনৰ পিছতে মহা কুম্ভমেলাতে দ্বিতীয়টো দুৰ্যোগ সংঘটিত হ’ল৷ মৌনী অমাৱস্যাত পুণ্যস্নানৰ সময়ত কৰা ঠেলা-হেঁচাৰ ফলত প্ৰায় ৫০ জন লোকে প্ৰাণ হেৰুৱালে৷
২২ এপ্ৰিলত পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ৰক্তপাত কৰিলে৷ বাইছৰন পাহাৰত সংঘটিত নৰমেধত ধৰ্ম সুধি সুধি জেহাদীয়ে প্ৰাণ কাঢ়িলে ২৬ জনকৈ নিৰীহৰ৷ সেই ঘটনাৰ শোকৰ সময়তে বাংগালুৰুত পদপিষ্ট হৈ নিহত হ’ল ১১ জনকৈ লোক৷ IPLত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ভিক্টৰী পেৰেডৰ পিছত ষ্টেডিয়ামত সোমোৱাৰ বাবে হৈচৈ কৰা ক্ৰিকেট অনুৰাগী পদপিষ্ট হ’ল৷
সেই ঘটনাৰ তদন্ত শেষ নহওতেই প্ৰাণ হেৰুৱালে ২৪১ জন লোকে৷ বিদেশলৈ যোৱাৰ বাবে স্বপ্নবিভোৰ হৈ থকা সময়তে জ্বলি ছাই হৈ গ’ল যাত্ৰীসকল৷ উৰাজাহাজত আসন গ্ৰহণ কৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলহে৷ তেতিয়াই শেষ হৈ গ’ল সকলো৷
বছৰৰ প্ৰথম সাতটা মাহতে সংঘটিত হোৱা অঘটনে ভয়াৱহতাৰে ইংগিত দিছে৷ অধিক বিপৰ্যয়ে যে অপেক্ষা কৰিহে আছে সেই ভয়ে খুলি খুলি খাইছে জনতাক৷ ইটোৰ পিছত সিটো অঘটনে দেশ কঁপাই তুলিছে৷ পদে পদে যেন বাঢ়িছে প্ৰাণ হেৰুওৱাৰ ভয়৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial