জুম্মাৰ নামাজৰ পিছতে ইৰানে ধৰ্মীয় ৰাজধানীত উত্তোলন কৰিলে ৰঙা পতাকা৷ তাৰ পিছতে ইজৰাইললৈ নিক্ষেপ কৰিলে মিছাইল৷ ইজৰাইলৰ সামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত কেবাটাও মিছাইল নিক্ষেপ কৰি ধ্বংস কৰিলে আন্তঃগাঁথনি৷ কমেও ৩০০ খন ড্ৰ’নেৰে ইজৰাইলৰ ৰাজধানী টেল আভিভ ধ্বংস কৰিলে ইছলামিক ৰাষ্ট্ৰ ইৰানে৷
ইয়াৰ পূৰ্বে যুদ্ধৰ আৱাহন কৰি নিশা ইৰানত এয়াৰ ষ্ট্ৰাইক কৰিছিল ইহুদী সেনাই৷ উমি উমি জ্বলি থকা উত্তেজনাৰ জুইকুৰাত ফু মাৰি ইজৰাইলে প্ৰতিৱেশী ৰাষ্ট্ৰৰ পৰমাণু কেন্দ্ৰ আৰু সামৰিক ঘাটীক লক্ষ্য কৰি ল’লে৷ যুদ্ধৰ পূৰ্বেই যাতে ইৰানৰ শক্তি ক্ষয় কৰিব পাৰি সেই উদ্দেশ্যে ইহুদী সৈন্যই কৰিলে ছাৰ্জিকেল ষ্ট্ৰাইক৷
পুৱতি নিশা ইজৰাইলী ডিফেন্স ফ’ৰ্চে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি তেওঁলোকে সতৰ্কতামূলক পদক্ষেপ হিচাপে এই অভিযান সম্পাদন কৰিছে৷ দোভাগ নিশাৰ এয়াৰ ষ্ট্ৰাইকত নিহত হৈছে ইৰানৰ ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ডৰ মুখ্য কমাণ্ডাৰ মেজৰ জেনেৰেল হুছেইন ছালামী আৰু ডেপুটী কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল গুলামলি ৰছিদ৷
ইৰানৰ ৬ শীৰ্ষ পৰমাণু বিজ্ঞানীৰ উপৰি ৰিভলিউশ্যনাৰী গাৰ্ড আৰ্ক’স্পেচ ফ’ৰ্চৰ মেজৰ জেনেৰেল আমীৰ আলি হাজিজাদিয়েও আক্ৰমণত প্ৰাণ হেৰুৱাইছে৷ দেশখনৰ আণৱিক শক্তি সংস্থাৰ প্ৰাক্তন মুৰব্বী ফেৰেউদন আব্বাছীৰো মৃত্যু ঘটিছে ইজৰাইলৰ আক্ৰমণত৷ এই ঘটনাৰ প্ৰতিশোধকল্পে ইৰানেও ইজৰাইললৈ নিক্ষেপ কৰিছিল শতাধিক ড্ৰ’ন৷
সমান্তৰালভাৱে মিছাইলো নিক্ষেপ কৰিছে ইৰানী সেনাই৷ তথাপি অৱশ্যে ক্ষতিৰ তথ্য নাকচ কৰিছে ইজৰাইলে৷ ইহুদী সেনাই প্ৰকাশ কৰা মতে নিশা তেওঁলোকে এয়াৰ ষ্ট্ৰাইকৰ উপৰি মিছাইলেৰে ক্ষত-বিক্ষত কৰিছে ইৰান৷ দেশখনৰ আণৱিক ৰিয়েক্টৰ ধ্বংস কৰি পেলোৱা হৈছে৷ যুদ্ধ যে সন্নিকট সেয়া প্ৰতিপন্ন কৰি ইৰানৰ ধৰ্মীয় মুৰব্বী আয়ুতুল্লাৰ নিৰ্দেশক্ৰমে সৰ্ববৃহৎ ছিয়া মছজিদত উত্তোলন কৰা হৈছে ৰঙা পতাকা৷
দেশখনৰ নিয়ম অনুসৰি যুদ্ধৰ পূৰ্বে কোম চহৰৰ মছজিত ৰক্ত পতাকা উত্তোলন কৰা হয়৷ গতিকে ইৰানৰ সেই ব্যৱস্থাই যুদ্ধ নিশ্চিত কৰিছে৷ আনহাতে বন্ধ হৈ গৈছে ইৰানসহিতে তিনিখন দেশৰ আকাশ৷ লগতে ইজৰাইলেও ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিছে৷
গতিকে ইৰান আৰু ইজৰাইলৰ যুদ্ধই চৰম ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ ফলত বিশ্বজুৰি তেলৰ দাম বৃদ্ধিৰো আশংকা আছে৷ এতিয়াও টেল আভিভত বিস্ফোৰিত হৈছে কেবাটাও ক্ষেপণাস্ত্ৰ৷
জুম্মাৰ নামাজৰ সিদ্ধান্ত অনুসৰি প্ৰত্যাক্ৰমণ
