আহমেদাবাদত মোদীৰ ফটোৰ বাবে প’জ

নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বিজেপি নেতাজনৰ মতে ১৯৫২ চনত ৰে’ল দুৰ্ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি লালবাহাদুৰ শাস্ত্ৰীয়ে ইস্তফা দিছিল৷ সেইধৰণেই বৰ্তমান প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়েও পদত্যাগ কৰিব লাগে৷ লাজ আছে যদি শীঘ্ৰে ইস্তফা দিবলৈ তেওঁ তিনিওকে আহ্বান জনাইছে৷
আনহাতে প্ৰধানমন্ত্ৰীয়ে ঘটনাস্থলী পৰিদৰ্শনৰ সময়তো ফটোছেশ্যন কৰা বুলি উঠিছে অভিযোগ৷ ধ্বংস হোৱা বিমানখন চোৱা সময়ত প্ৰধানমন্ত্ৰী বিভিন্ন এংগোলৰ পৰা ফটো উঠিছে৷ আনকি শুই লৈ তেওঁক তলৰ পৰা ফটো উঠাইছে ফটোগ্ৰাফাৰে৷ বেদনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ এই কাণ্ড সহজভাৱে ৰাইজে গ্ৰহণ কৰিব পৰা নাই৷
একেদৰে সংবাদমেল সম্বোধনৰ সময়ত নিৰ্লজ্জৰ দৰে হাঁহি আছিল বিদেশ বিভাগৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে৷ তেওঁ হাঁহি হাঁহি বিমান দুৰ্ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছিল৷ সেই দৃশ্যটো সহ্য কৰিব পৰা নাই দেশৰ বৃহৎসংখ্যক লোকে৷ অত্যন্ত আৰ্তিৰ সময়ত বিদেশ দপ্তৰৰ মুখপাত্ৰ মুখত মিচিকিয়া হাঁহি লৈ সংবাদমেল সম্বোধন কৰাটো দৃষ্টিকটু হৈ পৰিছে৷
কিন্তু আকৌ বিমান দুৰ্ঘটনাৰ এটা ভিডিঅ’ক কেন্দ্ৰ কৰি প্ৰশ্নৰো উদ্ৰেক হৈছে ৷ উক্ত ভিডিঅ’ত দুজন লোকে সকলো যাত্ৰীৰ মৃত্য়ু কামনা কৰি বাৰ্তালাপ কৰিছিল৷ গতিকে তেওঁলোকৰ বিষয়েও উত্থাপিত হৈছে প্ৰশ্ন৷ এইপৰ্যন্ত ঘটনাটোৰ কোনো কাৰণো কৰ্তৃপক্ষই উদঘাটন কৰিব পৰা নাই৷
জানিব পৰা মতে ব্লেকবক্সো উদ্ধাৰ কৰাত বিফল হৈছে কৰ্তৃপক্ষ৷ এয়াৰ ইণ্ডিয়াকো দুৰ্যোগত পতিত কৰাইছে এই দুৰ্ঘটনাই৷ এয়াৰ ইণ্ডিয়া বন্ধ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ বিত্তীয় সংকটৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়া যে বন্ধ হব সেয়া খাটাং হৈ পৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial