ৰাজীৱ শদিয়াক শেষ কৰিছিল আনন্দই

বহিৰাগত বণিয়া আনন্দ ৰাছিৱাছিয়াক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা হৈছে৷ অসমত দাদাগিৰি কৰি গণশিল্পী ৰাজীৱ শদিয়াৰ মাটি দদখল কৰা বহিৰাগত বণিয়া আনন্দ এতিয়া বন্দী হৈছে৷
প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালটোৱে বসবাস কৰা মাটিডোখৰৰ নামত ৫০ লক্ষাধিক টকাৰ ঋণ লৈ এটা চক্ৰই জালিয়াতি কৰিছিল৷ ঘটনাক লৈ আলফা স্বাধীনেও বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ প্ৰয়াত গণশিল্পীগৰাকীৰ পৰিয়ালটোৱে বসবাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াই উক্ত মাটিখিনি ৰাজীৱৰ পৰিয়ালটোক দান দিছিল৷
কিন্তু ভূমিৰ দান কাগজে-পত্ৰই কাৰ্য সম্পাদন নৌহওঁতেই এই কথা পোহৰলৈ আহে যে মাটিৰ গৰাকী মনোজ চুতীয়াৰ অজ্ঞাতেই দুই হিন্দীভাষী বণিয়াই মাটিডোখৰৰ নামত মনোজ চুতীয়াৰ নথি-পত্ৰ জালিয়াতি কৰি পঞ্জাব নেশ্যনেল বেংকৰ পৰা ৫০ লাখ টকাৰ ঋণ লৈ ইতিমধ্যে পলায়ন কৰিছিল৷ আনন্দ ৰাছিৱাছিয়া নামৰ লোকজন আছিল এই অপকৰ্মৰ মূল৷ ৰাছিৱাছিয়াই বেংকৰ ঋণ পৰিশোধ নকৰাত বেংক কৰ্তৃপক্ষই উক্ত মাটিখিনি দখল কৰিবলৈ ধৰিছিল৷
ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত উক্ত ভূমি ষড়যন্ত্ৰৰে বণিয়া আনন্দ ৰাছিৱাছিয়া আৰু পঞ্জাব নেশ্যনেল বেংকৰ পৰিচালক অমিত ঝাই দখল কৰিবলৈ ধৰাৰ পিছ আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ৷ য’ত সংশ্লিষ্ট পক্ষক এনে ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সংগঠনটোৱে আহ্বান জনাইছিল৷ পত্ৰত আলফা স্বাধীনে সকীয়নি প্ৰদান কৰি পত্ৰখনত উল্লেখ কৰিছিল যে এই নিৰ্দেশনা অমান্য কৰি কোনো ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে আলফা স্বাধীনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল’বলৈ বাধ্য হ’ব৷
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি জালিয়তি কৰা প্ৰবঞ্চক আনন্দ ৰাছিৱাছিয়া অৱশেষত আৰক্ষীৰ জালত পৰিল৷ ভূমি জালিয়তি কৰি ৫০ লাখ টকা লুটি পলাতক অৱস্থাত থকা তিনিচুকীয়াৰ এই প্ৰবঞ্চকটোক অৱশেষত উত্তৰ প্ৰদেশৰ মিৰাটত বুধবাৰে গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীৰ এটা দলে৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ টি এছ আইধ্ৰুৱ প্ৰকাশ বৈশ্যৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মিৰাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰে পলাতক আনন্দ ৰাছিৱাছিয়াক৷
মীৰাটত এটা ভাৰাঘৰ লৈ আত্মগোপন কৰি আছিল প্ৰবঞ্চক আনন্দ ৰাছিৱাছিয়াই৷ আনন্দক উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে বেংকৰ পৰিচালকজনক বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial