৪,৪৪৪ কোটি টকা লোকচানত চলি আছিল এয়াৰ ইণ্ডিয়া

এয়াৰ ইণ্ডিয়াক মুমুৰ্ষু অৱস্থাৰ পৰা বচাবলৈ যি ৰাষ্ট্ৰীয় প্ৰচেষ্টা চলি আছিল, তাত চেঁচাপানী পৰিল৷ নিশ্চিত হৈ পৰিল এয়াৰ ইণ্ডিয়াৰ মৃত্যু৷ কিছুদিন পূৰ্বে টাটা গ্ৰুপৰ হৈ ৰতন টাটাই ক্ৰয় কৰি প্ৰতিষ্ঠানটো উজ্জ্বীৱিত কৰি তুলিবলৈ চেষ্টা কৰিছিলহে৷ কিন্তু সেই চেষ্টা বিফল হ’ল৷ লোকচান ভৰি থকাতকৈ টাটা গ্ৰুপে শীঘ্ৰে বন্ধ কৰি দিব এয়াৰ ইণ্ডিয়া৷
যেতিয়া চৰকাৰৰ পৰা এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপে ক্ৰয় কৰিছিল তেতিয়া লোকচানৰ পৰিমাণ ১০ হাজাৰ কোটিৰো বেছি আছিল৷ কিন্তু টাটা গ্ৰুপৰ দক্ষতাৰ জৰিয়তে লাহে লাহে ঘাটীৰ পৰিমাণ হ্ৰাস হৈছিল৷ সম্প্ৰতি এয়াৰ ইণ্ডিয়াৰ লোকচান ৪,৪৪৪ কোটি টকা৷
এয়াৰ ইণ্ডিয়াই চলিত বিত্তীয় বৰ্ষত প্ৰায় ৬১ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছে৷ আগৰ হিচাপৰ তুলনাত এয়া হৈছে এয়াৰ ইণ্ডিয়াৰ শ্ৰীবৃদ্ধিৰ লক্ষণ৷ কিন্তু বয়িং ৭৮৭-৮ ড্ৰীমলাইনাৰৰ দুৰ্ঘটনাই টাটা গ্ৰুপক মহা বিপদত পেলাইছে৷
বিমানখন ধ্বংস হোৱাৰ ফলত টাটা গ্ৰুপৰ প্ৰায় ৫০০ কোটি টকা লোকচান হৈছে৷ একেদৰে নিহত যাত্ৰীৰ পৰিয়ালক ১ কোটিকৈ টকা দিছে৷ মুঠ প্ৰায় ২০০০ কোটি টকা ক্ষতি হৈছে এয়াৰ ইণ্ডিয়াৰ৷ ফলত পুনৰুত্থানৰ বাবে চলাই থকা ৰাষ্ট্ৰীয় প্ৰচেষ্টাত ভাটাৰ সৃষ্টি হৈছে৷
এই গতিত টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া বন্ধ কৰি দিয়াটো নিশ্চিত৷ টাটা গ্ৰুপেই জন্ম দিয়া প্ৰতিষ্ঠানটো চৰকাৰে ধ্বংস কৰিছিল৷ এতিয়া টাটাই আকৌ উজ্জ্বীৱিত কৰিও তুলিছিল৷ ৰতন টাটাই শেষ সময়ত ক্ৰয় কৰা প্ৰতিষ্ঠানটোৰ বাবে এই দুৰ্ঘটনা কালান্তক হৈ পৰিছে৷ একেসময়তে হ্ৰাস পাইছে বয়িং কোম্পানীৰ শ্বেয়াৰৰ দাম৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial