৫২ বছৰীয়া হ’ব পাৰে, কিন্তু মালাইকা বহু যুৱকৰ ড্ৰীম কুইন৷ তেওঁক পত্নী হিচাপে বিচাৰে ২৫ বছৰীয়া যুৱকেও৷ ১০ বছৰে সৰু অর্জুন কাপুৰে মালাইকাৰ সৈতে ছবছৰে লিভিং টুগেদাৰ কৰিলে৷ পত্নীৰ মৰ্যাদা দিব বুলি ভাবি মালাইকাও অৰ্জুনক যাচি দিলে যৌৱন৷ অৰ্জুনৰ সৈতে বিচ্ছেদৰ পিছতো মালাইকাৰ প্ৰেমিকৰ অভাৱ হোৱা নাই৷ শ্ৰীলংকাৰ ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাৰ সৈতে ডেটিং কৰি আছে মালাইকাই৷ তাৰ মাজতে ওলাইছে মালাইকাৰ আন এজন প্ৰেমিকৰ সংবাদ৷ সেইজন হৈছে মাত্ৰ ২৯ বছৰীয়া অভিনেতা ঈষান খট্টৰ৷
শ্বাহিদ কাপুৰৰ কনিষ্ঠ ভাতৃ ঈষানে মালাইকাৰ সৈতে ডেটিং কৰাৰ খবৰ ওলাইছে৷ ঈষানৰ প্ৰেম প্ৰস্তাৱত মালাইকায়ো সন্মতি দিছে৷ গতিকে দুয়োকে সঘনাই একেলগে দেখা গৈছে৷ অৱশ্যে ঈষান মালাইকাৰ তুলনাত ২৩ বছৰে ডাঙৰ৷ তথাপি দুয়ো প্ৰেমত হৈ পৰিছে মছগুল৷
শেহতীয়া খবৰ মতে এতিয়াই বিয়া পাতিব নোৱাৰাঁ বুলি মালাইকাক জনাই দিছে কুমাৰ ছাংগাকাৰাই৷ বিবাহৰ বাবে ছাংগাকাৰাৰ ইচ্ছা নাই৷ তেওঁ মাত্ৰ মালাইকাৰ সৈতে কৰিবলৈ বিচাৰে লিভিং টুগেদাৰ৷ আকৌ অৰ্জুন কাপুৰৰ দৰে মালাইকাৰ যৌৱনহে ভোগ কৰিবলৈ বিচাৰে ছাংগাকাৰাই৷ সেই অভিপ্ৰায় মালাই বুজি পাইছে৷ কিন্তু তেওঁ আগৰ ভুলৰ পুনৰাবৃত্তি কৰিবলৈ ইচ্ছাুক নহয়
সেয়ে ছাংগাকাৰাৰ সৈতে মালাই ব্ৰেক-আপ কৰিছে৷ মালাইকাৰ নতুন প্ৰেমিক হৈছে ঈষান খট্টৰ৷ ২৯ বছৰীয়া ঈষানে কেবাখনো চিনেমাত অভিনয়ৰ সুযোগ লাভ কৰিছে৷ লগতে পূৰ্বৰে পৰা মালাইকাৰ সৈতে তেওঁৰ পৰিয়ালৰ আছে সুসম্পৰ্ক৷ আনহাতে মালাইকাও কম বয়সীয়া যুৱকৰ প্ৰতি আকৃষ্ট৷ সেয়ে তেওঁ ঈষানৰ প্ৰেম প্ৰস্তাৱত সন্মতি জনাইছে৷
ঈষানৰ পছন্দ অনুসৰি কাপোৰ পিন্ধিবলৈ ধৰিছে মালাইকাই৷ এইবাৰ অভিনেত্ৰীগৰাকীক দেখা গৈছে নীলা ৰঙৰ বিশেষ পোছাকত৷ পূৰ্বে অৰ্জুন কাপুৰে তেওঁক শ্বৰ্টছ পিন্ধিবলৈ বাধ্য কৰাইছিল৷ এইবাৰ মালাইকাক বিশেষ কাপোৰযোৰ উপহাৰ দিছে নতুন প্ৰেমিক ঈষানে৷
নতুন প্ৰেমিকৰ ঘৰত নিশা দেখা গৈছে মালাইকাক৷ দুয়ো একেলগে ডিনাৰ ডেট কৰিছে৷ মালাইকাই ঈষানৰ ফ্লেটতে সময় পাৰ কৰিছে৷ ২৩ বছৰে সৰু হ’লেও ঈষানে মালাইকাই বিচৰা দৰেই দিছে মৰম৷ গতিকে আপ্লুত হৈ পৰিছে মালা৷ অৰ্জুন কাপুৰে যৌৱন ভোগ কৰি এৰি যোৱাৰ পিছত মালা উন্মাদ হৈ পৰিছিল৷ তেওঁক শান্ত কৰিছে ঈষানে৷
২৩ বছৰে সৰু প্ৰেমিকৰ সৈতে ডিনাৰ ডেট
