জৰুৰুকালীন দুৱাৰখন খোল খাই গৈছিল৷ সেইখনেৰে জাঁপ মাৰি দিছিল বিশ্বাসকুমাৰ ৰমেশে৷ ভায়েককো লগত লৈ লণ্ডন অভিমুখে যাত্ৰা কৰা লোকজনে অলৌকিকভাৱে প্ৰাণৰক্ষা কৰিলে৷ কেইবছৰমান বিদেশতে কাম কৰি পেট প্ৰৱৰ্তন কৰা ৰমেশেই হৈছে অভিশপ্ত বিমানখনৰ একমাত্ৰ জীৱন্ত যাত্ৰী৷ তেওঁ শৰীৰৰত থেতেলা খাইছে, তথাপি লোকজন বৰ্তমান সুস্থ৷ কিন্তু বিমানখনতে থকা সহোদৰ ভাতৃক হেৰুৱাইছে ৰমেশে৷ তথাপি নিজে বাচি থকাটোৱেই ৰমেশে বিশ্বাস কৰিব পৰা নাই৷ ঘটনাটো সপোনৰ দৰেহে লাগি আছে ৰমেশৰ৷
তেওঁ কৈছে- ‘’উৰণৰ প্ৰথম ৫ ছেকেণ্ডত একো সমস্যা হোৱা নাছিল৷ সচৰাচৰৰ দৰেই বিমানখনে টেক-অফ কৰিছিল৷ পৰিচাৰিকাৰ নিৰ্দেশনা অনুসৰি মই ছিটবেল্ট লগাই লৈছিলোঁ৷ ক্ৰমে বিমানখন ওপৰলৈ উঠিছিল৷ তেতিয়া হঠাতে আচৰিত শব্দ হ’বলৈ ধৰিলে৷ যাত্ৰীসকলে চিঞৰ-বাখৰ আৰম্ভ কৰিলে৷ কিন্তু আমি একোৱেই ধৰিব নোৱাৰিলে৷ ১৫ ছেকেণ্ডৰ ভিতৰত বিকট শব্দ কৰি বিমানখন ৰৈ গ’ল৷ মোৰ চুৰ সন্মুখতে যাত্ৰীসকলৰ গাত জুই লাগিবলৈ ধৰিলে৷ প্ৰচণ্ড গৰমত যাত্ৰীসকলে চিৎকাৰ কৰিছিল৷
ময়ো মৃত্যুৰ বাবে সাজু হ’লোঁ৷ কিন্তু তেতিয়াই প্ৰচণ্ড শব্দ কৰি জৰুৰীকালীন দুৱাৰখন ভাঙি পৰিল৷ মই মোৰো মৃত্যু হোৱা বুলিয়েই ভাবিছিলোঁ৷ কিন্তু চকু মেলি গম পালো যে মই জীয়াই আছোঁ৷ তেতিয়াই ইষ্টদেৱতাৰ নাম লৈ মই জাঁপ মাৰি দিলোঁ৷ ছিটবেল্টডাল কিবাপ্ৰকাৰে খুলি মই জঁপিয়ালোঁ৷ অৱশ্যে মই বহি থকা অংশটো বিমানখনে খুন্দিওৱা হোষ্টেলৰ বাহিৰত থকা বাবে মোৰ প্ৰাণৰক্ষা পৰিল৷ কিন্তু বেছিভাগ যাত্ৰীয়েই মোৰ চকুৰ সন্মুখতে জ্বলি গৈছিল৷ ময়ো মৰিম বুলি নিশ্চিত হৈছিলোঁ৷ তেওঁলোকে ছিটবেল্ট খুলিবলৈ হাহাকাৰ কৰিছিল৷ মই বিমানখনৰ কাষৰ আসনত বহি থকা বাবে জাঁপ মাৰি দিয়াটো সুবিধা হৈছিল৷ এই কথাটো মোৰ এতিয়াও সপোনৰ দৰেই লাগি আছে৷ জীয়াই আছোঁ বুলি মই বিশ্বাসেই কৰিব পৰা নাই৷”
আনহাতে দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ড্ৰীমলাইনাৰ ৭৮৭ শ্ৰেণীৰ বিমানৰ উৰণ বন্ধ কৰিবলৈ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ প্ৰধানত: এয়াৰ ইণ্ডিয়ায়েই এই শ্ৰেণীৰ বিমান চলাই আছে৷ কিন্তু কেন্দ্ৰই সুৰক্ষাজনিত কাৰণত বন্ধ কৰিবলৈ ওলাইছে ড্ৰীমলাইনাৰ৷ বৰ্তমান তদন্ত প্ৰক্ৰিয়াত সহায় কৰিবলৈ বিদেশী দলো ভাৰতত উপস্থিত হৈছেহি৷ তেওঁলোকে ড্ৰীমলাইনাৰ ৭৮৭-৮ৰ দুৰ্ঘটনাৰ বিষয়ে অনুসন্ধান কৰিব৷
ইফালে ব্লেকবক্স বিচাৰি পাইছে উদ্ধাৰকাৰীয়ে৷ ধ্বংসস্তূপৰ মাজত পোৱা গৈছে অতীপ প্ৰয়োজনীয় সৰঞ্জামবিধ৷ বয়িং ৭৮৭-৮ ড্ৰীমলাইনাৰৰ দুৰ্ঘটনাৰ কাৰণ আৱিষ্কাৰৰ বাবে দৰকাৰী ব্লেকবক্সৰ কালিৰে পৰা সন্ধান কৰিছিল উদ্ধাৰকাৰীয়ে৷ কিন্তু বিচাৰি নোপোৱাৰ বাবে অঘটনৰ বিষয়ে অনুমানহে কৰি আছিল বিশেষজ্ঞই৷ এতিয়া এইবিধ সৰঞ্জামে সত্য ফাদিল কৰিব৷ অসামৰিক বিমান পৰিবহণ দপ্তৰে সদৰী কৰা অনুসৰি আজি আহমেদাবাদৰ ধ্বংসস্তূপৰ মাজত বিচাৰি পোৱা গৈছে ব্লেকবক্স৷
বৰ্তমান আকৌ বয়িং ড্ৰীমলাইনাৰৰ সুৰক্ষাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হৈছে৷ এইখন বিমানত উঠিবলৈ ভীতিগ্ৰস্ত হৈ পৰিছে যাত্ৰী৷ কিন্তু এয়াৰ ইণ্ডিয়াৰ ২৭ খন ড্ৰীমলাইনাৰেই প্ৰতিষ্ঠানটোক লাভ প্ৰদান কৰিছে৷ গতিকে ড্ৰীমলাইনাৰৰ সেৱা বন্ধ কৰি দিয়াটো এয়াৰ ইণ্ডিয়াৰ বাবে অসম্ভৱ৷ আনহাতে ঘটনাৰ বিষয়ে তদন্ত আজিৰ পৰা আৰম্ভ কৰিছে নিয়াই৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আহমেদাবাদত উপস্থিত হৈছে৷ বৰ্তমান পৰিস্থিতিৰ বিষয়ে মোদীৰ ওচৰত ব্যাখ্যা কৰা বুলি সদৰী কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে৷ বিভাগীয় মন্ত্ৰী ৰামমোহন নাইডুৱে প্ৰধানমন্ত্ৰীক সবিশেষ তথ্য প্ৰদান কৰিছে৷ তদানুসৰি আৰম্ভ হৈছে অভিযান৷ সমান্তৰালভাৱে চলিছে তদন্ত৷
আনহাতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পূৰ্বে নিলম্বিত কৰা বিষয়ায়েই পৰিচালনা কৰি আছে এয়াৰ ইণ্ডিয়া৷ অদক্ষতাৰ বাবে বিগত সময়ত নিলম্বনৰ সন্মুখীন হোৱা মনীষ উপ্পল হৈছে প্ৰতিষ্ঠানটোৰ হৰ্তা-কৰ্তা৷ যিজন বিষয়াৰ দুৰ্বলতাৰ বাবে বিগত সময়ত এয়াৰ এছিয়াৰ বিমান অসুৰক্ষিত হৈ পৰিছিল, তেওঁৰ নেতৃত্বয়েই আহমেদাবাদৰ দুৰ্ঘটনাৰো মূল কাৰণ৷ এই গুৰুতৰ অভিযোগ তুলিছে এৰ’স্পেচ অভিযন্তা গৌৰৱ তানেজাই৷
সামাজিক মাধ্যমত ফ্লায়িং বিষ্ট নামেৰে জনাজাত তানেজাই বিস্ফোৰক অভিযোগ প্ৰকাশ কৰিছে৷ তদানুসৰি তেওঁ চাকৰি কৰা থকা সময়তে এয়াৰ এছিয়া নামৰ আধনুালুপ্ত প্ৰতিষ্ঠানটোৰ বিমানত সুৰক্ষাজনিত বিসংগতি আৰু ত্ৰুটী থকা বুলি ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল৷ তেতিয়া অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে তাৎক্ষণিকভাৱে তদন্ত চলালে৷ লগে লগে কেপ্টেইন মনীষ উপ্পল আৰু আন এজন বিষযা দোষী স্যবস্ত হ’ল৷ তেওঁলোকক চৰকাৰে নিলম্বিত কৰিলে৷ কিন্তু এয়াৰ এছিয়াই একো ব্যৱস্থাই গ্ৰহণ নকৰিলে৷
তেওঁলোকে সুৰক্ষাজনিত বিসংগতিও দূৰ নকৰিলে৷ যি অভিযোগ দাখিল কৰিছিল তেওঁকহে চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ল৷ লগতে কেপ্টেইন মনীষ উপ্পলক আকৌ গুৰুদায়িত্ব প্ৰদান কৰিলে৷ এই এয়াৰ এছিয়া আৰু ভিষ্টাৰাও আছিল টাটা গ্ৰুপৰে প্ৰতিষ্ঠান৷ বিগত সময়ত টাটাই ক্ৰয় কৰাৰ পিছত এয়াৰ এছিয়া আৰু ভিষ্টাৰাক এয়াৰ ইণ্ডিয়াৰ সৈতে চামিল কৰিছিল৷ অৰ্থাৎ একেসমূহ বিষয়া বৰ্তমান কৰ্মৰত৷ তেওঁলোকৰ বাবে ২৬৫ যাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰিছে গৌৰৱ তানেজাই৷
কিন্তু বয়িং ড্ৰীমলাইনাৰ নিৰ্মাণতে বিসংগতি থকা বুলি ইভিযোগ উঠিছে৷ আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ আগজাননী দিছিল বয়িঙৰে জন বাৰ্নেট নামৰ কৰ্মচাৰীজনে৷ কিন্তু সত্য উদঘাটন কৰি তেওঁ গুপ্তঘাতকৰ চিকাৰ হৈছিল৷ আমেৰিকাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল জন বাৰ্নেটৰ মৃতদেহ৷ কেব চালকৰ পৰা নাছাৰ স্পেচ ছাটল প্ৰগ্ৰেমলৈ বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকজনে মৃত্যুৰ পূৰ্বে প্ৰকাশ কৰিছিল সত্য৷
দীঘলীয়া সময় তেওঁ উৰাজাহাজ নিৰ্মাতা প্ৰতিষ্ঠান বয়িঙৰ কোৱালিটী ইন্সপেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৮৮ চনতে বয়িঙত যোগদান কৰা জন বাৰ্নেট পিছলৈ দক্ষিণ কেৰ’লিনাৰ উত্তৰ চাৰ্লষ্টন প্ৰকল্পত কৰ্মৰত আছিল৷ সেই প্ৰকল্পতে আকৌ নিৰ্মাণ কৰা হৈছিল ড্ৰীমলাইনাৰৰ বেছিভাগ যন্ত্ৰাংশ৷ সেই সময়তে বিমানখনৰ নিৰ্মাণত কৰা গাফিলতিৰ বিষয়ে উদঘাটন কৰিছিল বাৰ্নেটে৷
মান পৰিদৰ্শক হিচাপে চাহিদা পূৰণ আৰু খৰচ হ্ৰাসৰ বাবে কেনেকৈ ড্ৰীমলাইনাৰৰ নিৰ্মাণত জালিয়াতি কৰা হয় সেয়া বাৰ্নেটে কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছিল৷ ড্ৰীমলাইনাৰ ৭৮৭ৰ উৎপাদনত হোৱা গাফিলতিৰ বিষয়ে প্ৰতিবেদনো তেওঁ দাখিল কৰিছিল৷ ২০১০ৰ পৰা ২০১৭ চনলৈ বাৰম্বাৰ এই অপকৰ্মৰ বিষয়ে ব্যাখ্যা কৰিছিল বাৰ্নেটে৷ পিছে তেওঁৰ কথা কোনেও নুশুনিলে৷ সৰ্বশেষত ২০২৪ৰ ৯ মাৰ্চত চাৰ্লষ্টনৰ এখন হোটেলত ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু ঘটিল৷ হোটেলৰ কোঠাত উদ্ধাৰ হ’ল বাৰ্নেটৰ শৱ৷ কিন্তু মৃত্যুৰ কিছুদিন পূৰ্বে তেওঁ ভিডিঅ’যোগে বয়িঙৰ জালিয়াতি প্ৰকাশ কৰিছিল৷ কেনেকৈ খৰচ হ্ৰাসৰ বাবে বয়িঙে যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে সেয়াও বৰ্ণনা কৰিছিল বাৰ্নেটে৷
চাকৰি ত্যাগ কৰাটো নিশ্চিত কৰিছিল কেপ্টেইন সুমিত ছাব্ৰেৱালে৷ এইটো মাহেই আছিল তেওঁৰ চাকৰিকালৰ শেষৰ সময়৷ প্ৰায় ৮,৫০০ ঘণ্টা উৰণৰ অভিজ্ঞতাৰে পৰিপুষ্ট সুমিতে দীৰ্ঘকালে এয়াৰ ইণ্ডিয়াত চাকৰি কৰিছিল৷ মুম্বাইৰ পোৱাইত বাস কৰা লোকজনে জীৱনৰ প্ৰায় এবছৰ আকাশতে কটাইছিল৷ বিমান চালনাৰ দিশত তেওঁ আছিল দেশৰ ভিতৰত অন্যতম অভিজ্ঞ পাইলট৷ সেয়ে সম্প্ৰতি চাকৰিৰ পৰা অব্যাহতি ল’বলৈ থিৰাং কৰিছিল সুমিতে৷
তেওঁৰ সহ: পাইলট হিচাপে গেটৱিক অভিমুখী বিমানখনত আছিল ক্লাইৱ কুন্দৰ৷ যি প্ৰায় ডেৰহাজাৰ ঘণ্টা বিমান চালনা কৰিছিল৷ সেইজন বৈমানিকে অৱশ্যে আৰম্ভহে কৰিছিল কেৰিয়াৰ৷ ফাৰ্ষ্ট অফিচাৰ হিচাপে তেওঁ কেৰিয়াৰৰ পাতনি মেলিছিল৷ অভিজ্ঞতা আহৰণৰ বাবে সুমিতৰ সৈতে বিমান চালনা কৰিছিল ক্লাইৱে৷ কিন্তু তেওঁলোকৰ বাবে যেন ভগৱানৰ আছিল সুকীয়া পৰিকল্পনা৷ এজনে চাকৰি জীৱন আৰম্ভ কৰাৰ সময়ত আনজন নৱাগতকো একেলগে হৰি নিবলৈ নিয়তিয়ে পৰিকল্পনা কৰিলে৷
যিখন কাল বিমানে ২৬৫ লোকৰ প্ৰাণ কাঢ়িলে সেইখন আগৰে পৰাই বেয়া আছিল৷ খৰচ কমাবলৈ এয়াৰ ইণ্ডিয়াই জোৰা-টাপলি মাৰি বিমানখন চলাই আছিল৷ বয়িং ৭৮৭-৮ ড্ৰীমলাইনাৰখনত পূৰ্বৰে পৰা আছিল বিসংগতি৷ কিন্তু বিমানখন চলাবলৈ অস্বীকাৰ কৰা পাইলটক এয়াৰ ইণ্ডিয়াই বৰ্খাস্ত কৰিছিল৷ বিবেক পেটেল নামৰ পাইলটজনে প্ৰকাশ কৰিছে এই বিস্ফোৰক তথ্য৷
এয়াৰ ইণ্ডিয়াৰ চাকৰি ত্যাগ কৰি পেটেল হৈছে জনাজাত এৰ’স্পেচ অভিযন্তা৷ তেওঁ সদৰী কৰা মতে পূৰ্বেও ড্ৰীমলাইনাৰ ৭৮৭-৮ৰ বিসংগতিৰ বিষয়ে মেৰামতি কৰা প্ৰতিষ্ঠানে এয়াৰ ইণ্ডিয়াক জনাইছিল৷ প্ৰতিষ্ঠানটোৰ ল’গ বুকত কেবাজনো অভিযন্তাৰ টোকা উল্লেখ আছে৷ বৈমানিকেও সেইখন বিমানৰ উৰণ বিপজ্জনক বুলি অভিহিত কৰিছিল৷ তথাপি এয়াৰ ইণ্ডিয়াই সমস্ত ঘটনাক্ৰমক লুকুৱাবলৈ চেষ্টা কৰিলে৷ ব্যয় হ্ৰাস কৰি যেনেতেনে সেইখন আকাশীযান চলাই আছিল প্ৰতিষ্ঠানটোৱে৷ মিতব্যয়িতাৰ চেষ্টাৰ পৰিপ্ৰেক্ষিততে সৰ্বশেষত সংঘটিত হ’ল ট্ৰেজিক ঘটনা৷ বিবেক পেটেলে নিজেও বিমানখন চালনা কৰিছিল বুলি সদৰী কৰিছে৷
এতিয়া দেশবাসীক কন্দুৱাই পেলাইছে অৰ্জুনৰ কাহিনীয়ে৷ লণ্ডননিৱাসী অৰ্জুন পটোলিয়া ভাৰতলৈ আহিছিল৷ ৪ আৰু ৮ বছৰীয়া দুই কন্যাৰ সৈতে অৰ্জুন গুজৰাটৰ আমৰেলি জিলাৰ ৱাদিয়া গাঁৱত উপস্থিত হৈছিল৷ তেওঁৰ পত্নী ভাৰতীবেনে কেইসপ্তাহমানৰ পূৰ্বে লণ্ডনতে ত্যাগ কৰিছিল শেষনিশ্বাস৷ কিন্তু মৃত্যুৰ পূৰ্বে স্বামীক শপত দি গৈছিল ভাৰতীবেনে৷ তেওঁৰ অস্থি মাতৃভূমিৰ নৰ্মদা নদীত বিসৰ্জন দিবলৈ অৰ্জুনক দঢ়াই দঢ়াই কৈছিল ভাৰতীয়ে৷
সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ দুই কন্যাৰ সৈতে ভাৰতলৈ আহিছিল অৰ্জুন৷ পত্নীৰ মনোবাঞ্জা পূৰণ কৰি তেওঁ নৰ্মদাত বিসৰ্জন দিলে অস্থি৷ কিন্তু ওভতনিৰ পৰাত নি:শেষ হৈ গ’ল অৰ্জুন আৰু দুই কন্যা৷ তেওঁ পত্নীৰ ইচ্ছা পূৰণ কৰি নিজে শেষ হৈ গ’ল৷ আন দুগৰাকী যুৱতী আকৌ আইতাকৰ জন্মদিন উদযাপন কৰিবলৈ আহমেদাবাদত উপস্থিত হৈছিল৷ কিন্তু ওভতনিৰ সময়তে আকাশত ভস্ম হৈ গ’ল তেওঁলোক৷
আনহাতে ক’ত, কেনেকৈ দুৰ্ঘটনা সংঘটিত হ’ল সেয়া বিশ্লেষণ কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ অঘটনৰ পিছমুহূৰ্ততে ততালিকে গৃহৰাজ্যত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে চৰজমিন তদন্ত কৰিলে৷ বিমান দুৰ্ঘটনাত নিহত সতীৰ্থ বিজেপি নেতা বিজয় ৰূপানীৰ পৰিয়ালৰ প্ৰতিও সমবেদনা জনায় তেওঁ দীৰ্ঘসময় পৰিস্থিতিৰ বিষয়ে বিশ্লেষণ কৰে৷ আনহাতে প্ৰধানমন্ত্ৰী চিকিৎসালয়তো উপস্থিত হয়৷ বিমান দুৰ্ঘটনাত অলৌকিকভাৱে প্ৰাণৰক্ষা পৰা একমাত্ৰ যাত্ৰী বিশ্বাসকুমাৰ ৰমেশৰ সৈতে মোদীয়ে কিছুসময় বাৰ্তালাপ কৰে৷ মোদীৰ উপস্থিতিতে বিমানযাত্ৰীৰ নিষ্প্ৰাণ শৰীৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে৷
অৱশ্যে এই প্ৰক্ৰিয়া বৰ্তমান হৈ পৰিছে বিলম্বিত৷ চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষা কৰিবলগীয়া হোৱা বাবে এইপৰ্যন্ত পাঁচটা শৱহে হস্তান্তৰ কৰিব পৰা হৈছে৷ কিন্তু দুৰ্ঘটনাস্থলীত উপস্থিত হৈয়ো প্ৰধানমন্ত্ৰীয়ে ফটোশ্বুট কৰাৰ অভিযোগ তুলিছে বিৰোধীয়ে৷ আজি চৰজমিন অনুসন্ধানৰ সময়ত মোদীৰ সৈতে দুৰ্ঘটনাস্থলীত আছিল এদল ফটোগ্ৰাফাৰ৷ যিসকলে বিভিন্ন এংগোলৰ পৰা প্ৰধানমন্ত্ৰীৰ ফটো আবদ্ধ কৰিছিল৷ সেই কাণ্ড নিহতসকলৰ প্ৰতি উপহাস বুলি কংগ্ৰেছে দাবী কৰিছে৷ খবৰ অনুসৰি এতিয়ালৈ গুজৰাটতে আছে প্ৰধানমন্ত্ৰী৷ তেওঁ নিজাববীয়াকৈ দেশৰ ইতিহাসৰ সৰ্ববৃহৎ দুৰ্ঘটনাৰ বিশ্লেষণ কৰিছে৷ গৃহমন্ত্ৰী অমিত শ্বাহেও হস্পিতেলত আহতসকলক সাক্ষাৎ কৰিছে৷ আনহাতে বৰ্তমান চৰকাৰীভাৱে মৃতকৰ সংখ্যা ২৬৫লৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে৷ কিন্তু এই সংখ্যা ত্ৰিশতাধিক বুলি সদৰী কৰিছে বেচৰকাৰী সূত্ৰই৷
পত্নীৰ অস্থি বিসৰ্জন দি ওভতনিৰ পথত মৃত্যু
