মনে মনে চীন ভ্ৰমণ কৰিলে গৌতম আদানিয়ে৷ প্ৰধানমন্ত্ৰীৰ সোদৰোপম উদ্যোগপতিয়ে চীনা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে গোপনে চুক্তিও কৰিলে৷ পাকিস্তানৰ বন্ধু দেশ চীনৰ পৰা সামগ্ৰী আনিবলৈ চুক্তিত স্বাক্ষৰ কৰিলে আদানিয়ে৷ পহলগামৰ নৰমেধৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দূৰ চলোৱাৰ সময়ত চীনে পাকিস্তানক সহায় কৰিছিল৷ তথাপি মোদীৰ পৰম মিত্ৰ আদানিয়ে মনে মনে দেশখন ভ্ৰমণ কৰিলে৷ এই ভ্ৰমণকালত তেওঁৰ সৈতে আছিল ভতিজাক সাগৰ আদানি৷ জানিব পৰা মতে আদানীয়ে নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেয়ে তেওঁ চীনৰ জিংকো ছ’লাৰৰ কাৰখানা পৰিদৰ্শন কৰে। লগতে আদানী চীনৰ ব্ৰড গ্ৰুপৰ ফেক্টৰীতো উপস্থিত হৈছিল৷ বৰ্তমান জিংকো ছ’লাৰে ভাৰতত পশ্চিম উপকূলৰ ওচৰত সৌৰ পেনেল আৰু উইং টাৰ্বাইনৰ সৈতে নবীকৰণযোগ্য শক্তিৰ ভাণ্ডাৰ নিৰ্মাম কৰি আছে৷ পেৰিছৰ বিশ্বৰ বিতৰতে বৃহৎ উদ্যানৰ তুলনাতো পাঁচগুণ ডাঙৰ আকাৰৰ প্ৰকল্প ৰ কাম চলি আছে৷ তেনে সময়তে আদানিয়ে চাংহাইস্থিত কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হয়৷ জিংকো ছ’লাৰে প্ৰকাশ কৰা মতে আদানীয়ে উৎপাদন প্লাণ্টৰ লগে স্বয়ংক্ৰিয় উৎপাদন লাইন পৰিদৰ্শন কৰে। লগতে উদ্যোগপতিজনে ব্ৰড নামৰ কোম্পানীটোৰ কাৰখানাও পৰিদৰ্শন কৰিছে৷ এই ভ্ৰমণত তেওঁ কৰিছে সম্পদ সৰবৰাহৰ চুক্তি৷ মূলত: চুক্তিৰ বাবে আদানি শত্ৰুদেশত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ গতিকে শীঘ্ৰে আদানি গ্ৰুপৰ বাবে চীনৰ পৰা আহিব সৰঞ্জাম৷ অৰ্থাৎ ভাৰতত চীনৰ সহায়ত পাকিস্তানে নৰমেধ কৰি থকা সময়ত আদানিয়ে চলাই আছে বেপাৰ৷ শত্ৰুদেশলৈ গোপনে গৈ তেওঁ কৰিছে চুক্তি৷ এইজন আদানিৰ বিৰুদ্ধে আকৌ আমেৰিকাত ৰুজু হৈ আছে দুটা গোচৰ৷ সেয়ে আদানিয়ে আমেৰিকা ভ্ৰমণ কৰিব নোৱাৰে৷ দেশখনত উপস্থিত হ’লেই গ্ৰেপ্তাৰ কৰা হ’ব মোদীৰ সোদৰোপম গৌতম আদানিক৷