বজাৰলৈ শীঘ্ৰে প্ৰত্যাৱৰ্তন কৰিব ১,০০০ টকীয়া নোটে৷ সম্ভৱত: এই মাহতে ১,০০০ টকীয়া নোট চৰকাৰে পুনৰায় প্ৰৱৰ্তন কৰিব৷ লগে লগে বন্ধ কৰা হ’ব পাৰে ৫০০ টকীয়া৷ বৰ্তমান বজাৰত চলি থকা নোট আকৌ নিষিদ্ধ কৰাৰ সংকেত দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা মতে ১,০০০ টকীয়াৰ পুনৰ প্ৰচলন অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছ৷
এইপৰ্যন্ত অৱশ্যে নিশ্চিতি দিয়া নাই, কিন্তু সমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি এই বিষয়ে ৰিজাৰ্ভ বেংক আৰু বিত্ত বিভাগে কেবাখনো বৈঠক অনুষ্ঠিত কৰিছে৷ উক্ত বৈঠকত ৫০০ টকীয়া নোট নিষিদ্ধকৰণৰ বিষয়ে আলোচনা কৰা হৈছে৷ গতিকে ২০১৮ চনৰ নৱেম্বৰৰ পৰা চলি থকা ৫০০ টকীয়া আকৌ বন্ধ হৈ যোৱাটো অৱধাৰিত হৈ পৰিছে৷
একেদৰে মুদ্ৰাস্ফীতিজনিত কাৰণত এখন ডাঙৰ অংকৰ নোট প্ৰচলন কৰাটোও দৰকাৰী হৈ পৰিছে৷ গতিকে চৰকাৰে আকৌ ১,০০০ টকীয়া প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱনৰ্ৰ সঞ্জয় মালহোট্ৰায়ো এই পদক্ষেপ গ্ৰহণ কৰাটো জৰুৰী বুলি প্ৰদৰ্শন কৰিছে যুক্তি৷
তেওঁ সংস্কাৰ নীতিৰ বাবে ক্ষুদ্ৰ বিমুদ্ৰাকৰণ প্ৰয়োজনীয় বুলি ব্যাখ্যা কৰিছে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে বৈঠকত গৱৰ্নৰে ১,০০০ টকীয়া প্ৰৱৰ্তনৰ বাবে দিছে জোৰ৷ অনাগত সময়ত দেশত ডাঙৰ অংকৰ নোটৰ দৰকাৰ হ’ব বুলি গৱৰ্নৰে প্ৰকাশ কৰিছে৷
যদি আকৌ ১,০০০ টকীয়া উভতি আহে, তেন্তে ৫০০ টকীয়া চিৰদিনলৈ বন্ধ হৈ যাব৷ বজাৰত কেৱল ১০০ আৰু ২০০ টকীয়া নোটহে চলি থাকিব বুলি জনাই দিছে ৰিজাৰ্ভ বেংকে৷ গতিকে অহা কিছুদিনলৈ ATMতো পাব কেৱল ১০০ আৰু ২০০ টকীয়া নোট৷
ক্ষুদ্ৰ বিমুদ্ৰাকৰণত বন্ধ কৰিব ৫০০ টকীয়া নোট
