ভাস্কৰৰ বাবে লোকচান হৈছে মাংস ব্যৱসায়ীৰ কেৱল ভাস্কৰৰ দোষতে তিনিদিন ধৰি অচল হৈ আছে বজাৰ বিক্ৰী হোৱা নাই মাংস ভাস্কৰৰ খঙৰ জহত গাহৰি কাটিও মাংস ফ্ৰীজত ভৰাই থ’বলগীয়া হৈছে বেপাৰীয়ে পঠা মাংসৰ বজাৰত জ্বলিছে লালবাতি লোভ সামৰি ৰাইজে খাইছে মাত্ৰ দুই-এপিচ ব্ৰইলাৰ মাংস যোৱা কিছুদিন ধৰি ভাস্কৰ আৰু বৰষাৰ মাজত চলিছে কাজিয়া৷ সেয়ে ৰোহঘৰত সোমাইছে বৰষা৷ কিন্তু ভাস্কৰৰ বৰষিছে জুই ভাস্কৰৰ কোপদৃষ্টিত পৰি বিগত কিছুদিন ধৰি জ্বলা-কলা খাইছে জনতাই সদায়েই ৩৬ ডিগ্ৰী ছেলছিয়াচৰ ঊৰ্ধ্বৰ উষ্ণতাই সকলোকে দহি পেলাইছে অসমৰ সৰ্বত্ৰ আজি তাপমাত্ৰা হৈছেগৈ প্ৰায় ৩৭ ডিগ্ৰী ছেলছিয়াচ উষ্ণতাৰ ফলত ৰাজ্যৰ ভিন্নপ্ৰান্তৰ মাংস ব্যৱসায় স্থবিৰ হৈ পৰিছে৷ গুৱাহাটীৰ এজন ছাগলী মাংসৰ ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি সচৰাচৰ দৈনিক তেওঁ ৭০ কিলোগ্ৰামপৰ্যন্ত মাংস বিক্ৰী কৰে৷ কিন্তু গৰমৰ বাবে মঙহ খাবলৈ মন নোযোৱা হৈছে ৰাইজৰ গতিকে তেওঁৰ মাংস বিক্ৰী ২০ কেজিলৈ কমিছে৷ ডিব্ৰুগড়ৰ গাহৰি মাংসৰ ব্যৱসায়ীৰ তথ্য অনুসৰি যোৱা ৫ বছৰৰ ভিতৰতে কমিছে মাংসৰ বিক্ৰী৷ ১ কুইণ্টলপৰ্যন্ত মাংস বিক্ৰী হোৱা চহৰখনত আধাখিনিও মাংস এইকেদিন বেচিব পৰা নাই ব্যৱসায়ীয়ে অসমৰ প্ৰতিখন চহৰতে মাংস বিক্ৰী কেৱল উৎকট গ্ৰীষ্মপ্ৰবাহৰ বাবেই হ্ৰাস পাইছে ৰাইজে খাইছে টেঙাৰ আঞ্জা