ৰাছিয়ালৈ যাব নেকি
মন আছে যদি আপুনিও একেবাৰে ৰাছিয়ালৈ গুচি যাব পাৰে৷ তাতে বগী ৰাছিয়ান ছোৱালী বিয়া পাতি ঘৰ-সংসাৰ কৰি থাকিও যাব পাৰিব৷ এই কথাটো আমি কোৱা নাই, কৈছে ৰাছিয়াৰ চৰকাৰে৷
যুদ্ধৰ বাবে ৰাছিয়াত বহু পুৰুষৰ মৃত্যু হৈছে৷ বিগত সময়ত অতিৰিক্ত ভডকা পান আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ৰাছিয়াত পূৰ্বেও পুৰুষৰ সংখ্যা কম আছিল৷ গতিকে চৰকাৰে জনসংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে৷ সোনকালে ঘৰ সোমাই যাতে সকলো বিবাহিত পুৰুষ পত্নীৰ সৈতে সংগমত লিপ্ত হ’ব পাৰে তাৰ বাবে গধূলিতে কাটি দিয়া হৈছে বিদ্যুৎ৷
তথাপি জনসংখ্যা বৃদ্ধি হোৱা নাই৷ সেয়ে ৰুছ চৰকাৰে ইচ্ছুক ভাৰতীয় যুৱকক ৰাছিয়ালৈ নিমন্ত্ৰণ কৰিছে৷ তেওঁলোকক ৰাছিয়াত উপযুক্ত কৰ্মসংস্থাপন দিয়া হ’ব৷ লগতে ৰাছিয়ান যুৱতীৰ সৈতে বিয়াও পাতি দিয়া হ’ব ভাৰতৰ হৃষ্ট-পুষ্ট যুৱকক৷
ভাৰতীয় যুৱকে ৰাছিয়ালৈ গৈ চাকৰিৰ চিন্তা কৰিব নালাগে৷ চৰকাৰীভাৱে ঘৰো লাভ কৰিব৷ কেৱল তেওঁলোকে ৰুছ মহিলাৰ সৈতে সহবাস কৰিব লাগিব৷ ৰাছিয়ান সুন্দৰীক গৰ্ভৱতী কৰাৰ দায়িত্ব ল’ব লাগিব ভাৰতৰ পুৰুষে৷ অৱশ্যে প্ৰতিজন পুৰুষক গাইপতি এগৰাকী যুৱতীহে দিয়া হ’ব৷ যদি ভাৰতীয় পুৰুষৰ সৈতে সহবাস কৰি ৰুছ যুৱতীয়ে ল’ৰা জন্ম দিয়ে, তেন্তে চৰকাৰে আকৌ পুৰস্কাৰ দিব৷
অৱশ্যে যোৱাৰ খৰচ ৰাছিয়াৰ চৰকাৰে নিদিয়ে৷ নিজা খৰচত যাত্ৰা কৰি ৰাছিয়াত উপস্থিত হোৱাৰ পিছত ভাৰতীয় পুৰুষৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ সন্তান জন্ম দিবলৈ উপযুক্ত বিবেচিত হ’লেই তেওঁ লাভ কৰিব চাকৰি৷
গতিকে প্ৰস্তাৱটো ভাবি চাওক, এনে সুযোগ বাৰম্বাৰ নাহে৷ ভাৰতত বিয়া পাতিবলৈ ৰাছিয়াৰ নীলনয়না যুৱতী বিচাৰি থকাতকৈ ভ্লাডিমিৰ পুটিনে দিথে সুৱৰ্ণ সুযোগ৷
সন্তান জন্ম দিবলৈ ভাৰতীয় পুৰুষক নিমন্ত্ৰণ
