জয়া বচ্চনৰ বাবে ভাগি গ’ল সুখৰ সংসাৰ

দাম্পত্য জীৱনৰ সকলো চিনেই খুলি পেলাইছে ঐশ্বৰ্য ৰায়ে৷ নামৰ পিছত বচ্চন উপাধি লিখিবলৈ এৰিছে ঐশ্বৰ্যই৷ এংগেজমেণ্ট ৰিং খুলি পেলাই দিছে নীলনয়না বিশ্বসুন্দৰীয়ে৷ মংগলসূত্ৰও নিপিন্ধা হৈছে ঐশ্বৰ্যই৷
বিশ্বসুন্দৰীয়ে অভিষেক বচ্চনৰ সৈতে ডিভ’ৰ্চ কৰা নাই৷ তথাপি পৃথকে থাকিবলৈ লৈছে ঐশ্বৰ্য৷ অভিষেক আৰু বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ এতিয়া কোনো সম্পৰ্কই নাই৷ শেহতীয়াকৈ আমীৰ খানৰ সৈতে নৃত্য কৰা দেখা গৈছে ঐশ্বৰ্যক৷ দিলৱালে দুলহনীয়া লে জায়েংগেৰ বিখ্যাত গীতত আমীৰৰ সৈতে ঐশ্বৰ্যই নৃত্য কৰিছিল৷ তেতিয়াও তেওঁৰ হাতৰ আঙুলিত দেখা নগ’ল এংগেজমেণ্ট ৰিং৷
সুখী দাম্পত্যৰ সময়ত ঐশ্বৰ্যই কাহানিও খোলা নাছিল এংগেজমেণ্ট ৰিং৷ তেওঁ সদায় পিন্ধিছিল মংগলসূত্ৰ৷ কিন্তু অভিষেক বচ্চনৰ কাণ্ডই অতিষ্ঠ কৰিছে পত্নীক৷ জীয়ৰীৰ প্ৰতিও অভিষেকে গুৰুত্ব নিদিয়াৰ বাবে ঐশ্বৰ্যই স্বামীৰ সৈতে সম্পৰ্ক ছেদ কৰিছে৷
অৱশ্যে প্ৰায় এবছৰ পূৰ্বেই চৰু বেলেগ কৰি লৈছিল ঐশ্বৰ্যই৷ শেহতীয়া খবৰ অনুসৰি জুলাইত বান্দ্ৰাস্থিত ফেমিলী ক’ৰ্টত ঐশ্বৰ্যই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাব৷ তেওঁ অভিষেকৰ সৈতে কৰিব আনুষ্ঠানিক ডিভ’ৰ্চ৷ কিন্তু বিবাহ বিচ্ছেদ কৰিলেও বচ্চন পৰিয়ালৰ পৰা ক্ষতিপূৰণ নলয় ঐশ্বৰ্যই৷
লাহে লাহে ধৈৰ্যৰ বান্ধ ছিঙি যোৱাৰ বাবে ডিভ’ৰ্চৰ আবেদন কৰিবলৈ ঐশ্বৰ্য বাধ্য হৈ পৰিছে৷ তেওঁক এতিয়া লাগে মাত্ৰ শান্তি৷ সদায় জয় বচ্চনৰ ককৰ্থনা শুনি অতিষ্ঠ হৈছে ঐশ্বৰ্য৷ শাহুৱেকে তেওঁক ছলমান খানৰ ৰক্ষিতা বুলি ঠাট্টা কৰা বাবে ঐশ্বৰ্যই অমিতাভ বচ্চনকো অভিযোগ কৰিছে৷
জুলাইত ডিভ’ৰ্চৰ আবেদন কৰাৰ বাবে উকীলৰ সৈতে ঐশ্বৰ্যই যোগাযোগ কৰিছে৷ বিবাহ বিচ্ছেদৰ ইংগিত দি ঐশ্বৰ্যই বচ্চন উপাধি ইতিমধ্যে ত্যাগ কৰিছে৷ তেওঁ নিশ্চিত কৰিছে সংসাৰৰ অৱসান৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial