যোৰহাটৰ এই দৃশ্যটো চাওকচোন
অভিজাত লোকৰ নগৰী বুলি চিনাকি যোৰহাটৰ এইজন লোকে এম্বলেন্সৰ পথ ভেটী থৈ দিছে৷ JMCHৰ সন্মুখত তেওঁ এম্বুলেন্সক যাবলৈ দিয়া নাই৷ ৰোগীয়ে এম্বুলেন্সৰ ভিতৰত আৰ্তনাদ কৰিছে৷ কিন্তু লোকজনে মুকলি কৰি নিদিলে পথ৷
চৰকাৰে এম্বুলেন্সৰ পথ আবদ্ধ কৰাসকলৰ বাবে শাস্তি ঘোষণা কৰিছে৷ কিন্তু এইজন যোৰহটীয়া লোকৰ তাও চাওক, এম্বুলেন্সৰ পথত গাড়ী ৰখাই দোকানলৈ গৈছে৷ ছাইৰেন বজাই এম্বুলেন্সৰ চালকে হাহাকাৰ কৰাৰ সময়তো তেওঁ খৰধৰ নকৰিলে৷ লাহে লাহে গাড়ীত উঠিহে ষ্টাৰ্ট দিছে৷
যোৰহাট চহৰত লোকেলগিৰিৰ দম্ভালি প্ৰদৰ্শন কৰি লোকজনে এম্বুলেন্সখনৰ পথ বহুসময় আবদ্ধ কৰি থৈ দিলে৷ তেওঁৰ বাবে এজন ৰোগীয়ে সময়ত চিকিৎসা লাভ কৰিব নোৱাৰিলে৷ গতিকে যদি ৰোগীৰ হানি-বিঘিনি হয় তেন্তে এইজন অহংকাৰী যোৰহটীয়াই দায়িত্ব ল’ব লাগিব৷
পুলিচেও কিন্তু সেই বিশেষ স্থান খালী কৰি ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ খোদ মুখ্যমন্ত্ৰীয়ে এম্বুলেন্সৰ পথ আবদ্ধ কৰাসকলৰ শাস্তি আৰু জৰিমনা ঘোষণা কৰিছে৷ নিজেও কনভয় ৰখাই এম্বুলেন্সৰ বাবে এৰি দিছে পথ৷ কিন্তু যোৰহাট টাউনৰ লোকেল বাসিন্দাৰ এইবোৰৰ প্ৰতি কাণসাৰ নাই৷
যদি তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰিস্থিতি অৰাজক হৈ পৰিব৷ বৰুৱা ফাৰ্মাচীৰ সন্মুখৰ সেই ঠাইত JMCHৰ এম্বুলেন্স ৰখা হয়৷ গতিকে তাত গাড়ী পাৰ্ক কৰা কথাটো মানি ল’ব নোৱাৰি৷
সেই ঠাইত প্ৰায়ে ব্যক্তিগত গাড়ী পাৰ্ক কৰাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হয়৷ কিন্তু আৰক্ষীয়ে একো নকৰে৷ গতিকে লোকলগিৰি দেখুৱাবলৈ সাহস বাঢ়িছে এচাম লোকৰ৷
এইজন মানুহৰ অহংকাৰ চাওক
