উভতি গৈয়ো প্ৰেমিক ৰাজৰ সৈতে আছিল সোণম

সোণম ৰঘুবংশীক মঙলবাৰে নিশা ইন্দোৰৰ পৰা শ্বিলঙলৈ অনাৰ পিছতেই এই লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰৰ কাহিনীৰ তদন্তই ক্ষিপ্ৰ গতি লাভ কৰিছে৷ মেঘালয়ত সন্ধানহীন হোৱা সোণম ৰঘুবংশীয়ে ঘাতকৰ দ্বাৰা স্বামী ৰাজা ৰঘুবংশীক নিধন কৰাৰ পিছত ইন্দোৰলৈ গৈছিল আৰু তাতেই এটা ফ্লেট ভাৰাত লৈ তিনিদিন আছিল৷
এই তথ্য প্ৰকাশ কৰি এগৰাকী আৰক্ষী বিষয়াই কয় যে সোণমে ইন্দোৰলৈ আহি ২৫ মে’ৰ পৰা ২৭ মে’ৰ ভিতৰত ডেৱাছ নাকা অঞ্চলত এটা ফ্লেট ভাৰাত লৈ তিনিদিন তাত আছিল৷ বিষয়াগৰাকীয়ে লগতে জনায় যে এই সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে বিস্তাৰিত তথ্য দিব পাৰিব৷
ইপিনে মেঘালয় আৰক্ষীৰ এটা দল আন এজন অভিযুক্ত বিশাল চৌহানৰ ইন্দোৰত থকা ঘৰত উপস্থিত হয়৷ ইন্দোৰৰ সহকাৰী আৰক্ষী আয়ুক্ত পুনমচন্দ্ৰ যাদৱে জনায় যে চৌহানে দিয়া তথ্যৰ ভিত্তিত ৰাজা ৰঘুবংশীক হত্যা কৰাৰ সময়ত তেওঁ পিন্ধা পেণ্ট আৰু চাৰ্ট তেওঁৰ ঘৰৰ পৰা জব্দ কৰা হৈছে৷ সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে মেঘালয় আৰক্ষীয়ে এই কাপোৰ ফৰেনছিক বিজ্ঞান লেবৰেটৰীলৈ প্ৰেৰণ কৰিব যাতে এই কাপোৰত তেজৰ দাগ আছে নে নাই সেয়া জানিব পৰা যায়৷
ইন্দোৰৰ অতিৰিক্ত উপ-আয়ুক্ত ৰাজেশ ডাণ্ডোটিয়ে কয় যে মেঘালয় আৰক্ষীৰ এটা ১২ জনীয়া দলে এখন আদালতৰ পৰা ট্ৰেনজিট কাষ্ট’ডি লাভ কৰাৰ পিছত চাৰিজন অভিযুক্ত ৰাজ কুশৱাহা, আকাশ ৰাজপুত, আনন্দ কুৰ্মি আৰু বিশাল চৌহানক শ্বিলঙলৈ নিয়া হৈছে৷
এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মঙলবাৰে নিশা দেবী অহিল্যাবাঈ হোলকাৰ বিমানবন্দৰত ৰাজাৰ হত্যাৰ গোচৰৰ এজন অভিযুক্তক দেখাৰ লগে লগে চৰ শোধায়৷ এই ঘটনাটো মেঘালয় আৰক্ষীৰ এটা দলে চাৰি অভিযুক্তক লৈ বিমানবন্দৰত সোমোৱাৰ সময়তে সংঘটিত হয়৷
এগৰাকী যাত্ৰীয়ে নিজৰ বয়-বস্তু লৈ বিমানবন্দৰত অপেক্ষা কৰি থকা সময়তেই সমগ্ৰ দেশ কঁপোৱা ঘটনাৰ এই অভিযুক্তকেইজনক দেখাৰ লগে লগে ওচৰত গৈ এজনক চৰ মাৰি ক্ষোভ প্ৰকাশ কৰে৷ অৱশ্যে এই অভিযুক্তসকলে মাস্ক পৰিধান কৰি থকা বাবে যাত্ৰীগৰাকীয়ে কাক চৰ মাৰিছিল সেয়া জানিব পৰা হোৱা নাই যদিও এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷
আৰক্ষী বিষয়াৰ মতে ৰাজ কুশৱাহা, যিয়ে সোণমৰ সৈতে মেঘালয়ত মধুচন্দ্ৰিকাৰ সময়ত ৰাজ ৰাঘুবংশীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল আৰু হত্যাকাণ্ডত জড়িত আন তিনি ঘাতক পূৰ্বৰ পৰাই সোণমৰ পৰিচিত আছিল৷ ইন্দোৰ আৰক্ষীয়ে পুনৰ কয় যে এই ঘটনাত জড়িত সোণমৰ সন্দেহযুক্ত বয়ফ্ৰেণ্ড কুশৱাহাৰ ওপৰত যাতে কাৰো সন্দেহ নোপজে তাৰ বাবে তেওঁ মেঘালয়লৈ যোৱা নাছিল আৰু তেওঁ তেওঁৰ দৈনন্দিন কামকাজ কৰি আছিল৷
মাত্ৰ একাদশ শ্ৰেণী পঢ়া কুশৱাহাই ইন্দোৰৰ গোবিন্দ নগৰৰ খৰচা এলেকাত থকা সোণমৰ পৰিয়ালৰ মালিকানাধীন এটা ফাৰ্নিচাৰ ছিট ইউনিটত একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল৷ তেওঁ পৰিয়ালৰ ব্যৱসায় চলাইছিল৷ উল্লেখ্য যে যোৱা ১১ মে’ত ইন্দোৰত বিয়া হোৱাৰ পিছত ৰাজা আৰু সোণমে মধুচন্দ্ৰিকা যাপনৰ বাবে মেঘালয়লৈ আহিছিল৷
তেওঁলোকে যোৱা ২৩ মে’ত নংগ্ৰেইত হোমষ্টে’ত চে’ক আউট কৰাৰ পিছতে হেৰাই গৈছিল৷ যোৱা ২ মে’ত থকা ঠাইৰ পৰা ২০ কিল’মিটাৰ আঁতৰত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ যোৱা ৰবিবাৰে উত্তৰপ্ৰদেশ গাজীপুৰত সোণমে নন্দগড় আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল৷ প্ৰাথমিক তথ্য অনুসৰি স্থানীয় আৰক্ষী থানাত এই অভিযুক্তকেইটাৰ বিৰুদ্ধে পূৰ্বৰ কোনো অপৰাধৰ গোচৰ নাই৷ এই অভিযুক্তকেইটাৰ বয়স ২০ৰ পৰা ২৫ বছৰ৷
ইন্দোৰ আৰক্ষী বিষয়াৰ মতে, এই অভিযুক্তকেইটাৰ পৰস্পৰৰ মাজত পূৰ্বে চিনাকি নাছিল৷ কুশৱাহা আৰু আন তিনি অভিযুক্ত মেঘালয় আৰক্ষীৰ ট্ৰেনজিট ৰিমাণ্ডত আছে৷ মেঘালয়ৰ চোহৰাৰ এগৰাকী পৰ্যটক গাইডে ৰাজা আৰু সোণমৰ সৈতে দেখা পোৱা তিনিজনৰ বিষয়ে ফটো চাই আৰক্ষীক অৱগত কৰিছিল৷ মাওলাখিয়াটৰ গাইড এলবাৰ্ট পিডে কয় যে আৰক্ষীয়ে প্ৰদান কৰা ফটোৰ পৰা মই এজন সন্দেহজনক ব্যক্তিক চিনাক্ত কৰিছোঁ
উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ বিষয়াসকলে কয় যে ৰাজা ৰঘুবংশীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে ইংগিত দিছে যে তেওঁৰ মূৰত চোকা বস্তুৰে দুবাৰ আঘাত কৰা হৈছিল৷ ইষ্ট খাছী হিল্‌ছৰ এছ পি বিবেক ছিয়েমে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সূচাই যে মৃতকৰ মূৰত দুবাৰ জোৰেৰে আঘাত কৰা হৈছিল-এটা পাছফালৰ পৰা আৰু এটা সন্মুখৰ পৰা কৰা হৈছিল৷
ইপিনে ৰাজ কুশৱাহাৰ মাতৃ চুন্নী দেৱীয়ে দাবী কৰিছে যে এই গোচৰটোত তেওঁৰ পুত্ৰ নিৰ্দোষী৷ তেওঁ কয় যে ৰাজে ইন্দোৰত ৰাজা ৰঘুবংশীৰ অন্তে্যষ্টিক্ৰিয়াত উপস্থিত থকাৰ সময়ত কান্দিছিল৷ তেওঁ কয় যে তেওঁৰ পুত্ৰ সোণমৰ পৰিয়ালৰ মালিকানাধীন ব্যৱসায়ত বিগত দুবছৰৰ পৰা কাম কৰি আছে৷ ৰাজৰ ভনীয়েক সুহানীয়ে অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ ভ্ৰাতৃৰ সৈতে সোণমৰ কোনো প্ৰেমৰ সম্পৰ্ক নাছিল৷ তেওঁলোকে ইজনে আনজনক ভাই-ভনী হিচাপে সম্বোধন কৰিছিল৷ ইপিনে ৰাজাৰ মাতৃ উমাই কয় যে প্ৰথমে আমি বিশ্বাস কৰা নাছিলোঁ যে সোণমে পুত্ৰক হত্যা কৰিব পাৰিব, কিন্তু লাহে লাহে তেওঁ জড়িত থকাৰ বিষয়ে নিশ্চিত হওঁ৷
তেওঁ কয় যে যদি সোণমে অন্য ল’ৰাক ভাল পাইছিল, তেওঁ ৰাজাক বিয়া কৰাবই নালাগিছিল৷ কিয় তেওঁ মোৰ পুত্ৰক হত্যা কৰিলে? আনহাতে, সোণমৰ মাতৃ সংগীতাই কয় যে তেওঁৰ কয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়৷ তেওঁ কয় যে মই এতিয়াই ক’ব নোৱাৰোঁ মেঘালয়ত ৰাজাৰ সৈতে কি ঘটিছিল৷ তেওঁ এই হত্যাকাণ্ডৰ অনুসন্ধানৰ দাবী জনাইছে৷
এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলে অপৰাধৰ সমগ্ৰ ঘটনা পুনৰ দৃশ্যায়নৰ কৰা হৈছে৷ আনহাতে, এই হত্যাকাণ্ডৰ সৈতে জড়িত তথা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা আন চাৰিজনো শ্বিলঙলৈ অনা হয়৷ ইফালে সোণমক চিকিৎসা পৰীক্ষাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তদন্ত সম্পূৰ্ণ কৰিবলৈ এছ আই টিয়ে তেওঁক আৰক্ষীৰ জিম্মাত বিচাৰিবৰ বাবে বুধবাৰে আদালতত হাজিৰ কৰা হ’ব বুলিও তেওঁ জনায়৷
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে সোণমক লৈ অহা এছ আই টিৰ দলটো প্ৰায় মাজনিশা শ্বিলঙত উপস্থিত হয়৷ মেঘালয় আৰক্ষীয়ে এই তদন্ত প্ৰক্ৰিয়াক ‘অপাৰেশ্যন হানিমুন’ নামেৰে নামকৰণ কৰিছে৷ মেঘালয় আৰক্ষীয়ে ইন্দোৰ আৰু গাজীপুৰৰ অভিযুক্তসকলে সঘনাই অহা-যোৱা কৰা বাসগৃহ আৰু অন্যান্য স্থানৰ পৰা প্ৰমাণ সংগ্ৰহ কৰা বুলি পূব খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে জনায়৷
ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ পত্নী সোণম ৰঘুবংশীয়ে ঠিকাভিত্তিক হত্যাকাৰী তিনিটাক ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল৷ মধ্য প্ৰদেশৰ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে এই কথা৷ সূত্ৰই জনোৱা মতে, প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে বিবাহৰ পূৰ্বেই নিধনৰ ষড়যন্ত্ৰ ৰচনা আৰম্ভ কৰিছিল সোণমে৷ সূত্ৰ অনুসৰি ৰাজাই নিধনৰ মাত্ৰ আধা ঘণ্টা পূৰ্বে মাতৃৰ সৈতে ফোনত কথা পাতিছিল৷
অভিযোগ অনুসৰি তেওঁক পত্নীৰ সন্মুখতে নিধন কৰা হৈছিল আৰু পত্নীয়ে হত্যাকাৰীক তেওঁৰ মৃতদেহটো দ খাৱৈত পেলাবলৈ সহায় কৰিছিল৷ ইয়াৰ পিছত সোণম শ্বিলঙৰ পৰা গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পিছত পোনে পোনে বাৰানসীলৈ যাত্ৰা কৰে৷
আৰক্ষীৰ মতে পৰিস্থিতিগত প্ৰমাণে স্বামীৰ হত্যাৰ ষড়যন্ত্ৰৰ মূল চৰিত্ৰ সোণম হোৱাৰ দিশলৈ আঙুলিয়াই দিয়ে৷ সোণম আৰু ৰাজৰ লগতে আৰক্ষীয়ে ঠিকাভিত্তিক হত্যাকাৰী তিনিটাকো গ্ৰেপ্তাৰ কৰিছে৷ এ ডি চি পি ৰাজেশ দণ্ডাউতিয়াৰ মতে, সোণমৰ প্ৰেমিক ৰাজ কুশৱাহাক ইন্দোৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ সোণম ৰাজৰ সৈতে অহৰহ যোগাযোগত আছিল আৰু আৰক্ষীয়ে তেওঁৰ আৰু সোণমৰ মাজত ভিডিঅ’ কলৰ ব্যৱস্থা কৰিছিল৷
যেতিয়া সোণম স্পষ্ট হৈ পৰিছিল যে তেওঁৰ প্ৰেমিক আৰক্ষীৰ জিম্মাত আছে, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল আৰু পলায়নৰ কোনো উপায় নাই বুলি উপলব্ধি কৰিছিল৷ ইয়াৰ অলপ সময়ৰ পিছতে সোণমে গাজীপুৰৰ ওচৰৰ এখন ধাবাত উপস্থিত হৈছিল, তাতে সোণমক গ্ৰেপ্তাৰ কৰা হৈছিল৷ অৱশ্যে ৰাজাৰ হত্যাকাণ্ডৰ পিছত কোনে সোণমক ধাবাত থৈছিল আৰু তেওঁ ক’ত আছিল সেই সন্দৰ্ভত এতিয়াও ৰহস্য অব্যাহত আছে৷
জেৰাৰ সময়ত ৰাজে আৰক্ষীক জনোৱা মতে, সোণমৰ সৈতে তেওঁৰ এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল৷ কিন্তু সোণমৰ দেউতাক হৃদৰোগী আছিল আৰু সেয়ে ৰাজৰ লগত বিয়া হ’লে দেউতাকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি সোণমে ভয় খাইছিল৷ যাৰ বাবে সোণমে সামাজিকভাৱে বিবাশপাশত আবদ্ধ হয়৷ ৰাজে আৰক্ষীক লগতে কয় যে বিবাহৰ পূৰ্বেই সোণমে ৰাজাৰ পৰা মুক্তি পাবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল আৰু এই ষড়যন্ত্ৰত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াইছিল৷
জানিব পৰা মতে, ৰাজৰ পৰামৰ্শ মতে সোণমে শ্বিলঙক হানিমুন গন্তব্যস্থান হিচাপে বাছি লৈছিল৷ ইয়াৰ পিছত ৰাজে নিজৰ তিনিজন বন্ধু আকাশ ৰাজপুত, আনন্দ কুৰ্মি আৰু বিশাল চৌহানক ৰাজাক হত্যা কৰিবলৈ শ্বিলঙলৈ পঠিয়াই দিলে আৰু তেওঁ নিজেই ইন্দোৰত থাকিল৷ এই কথাও পোহৰলৈ আহিছে যে স্বামীৰ সৈতে শ্বিলঙৰ বিভিন্ন স্থান ভ্ৰমণ কৰি থাকোঁতে সোণমে অহৰহ চুক্তিবদ্ধ ঘাতক তিনিটাৰ সৈতে সবিশেষ ভাগ-বতৰা কৰি আছিল৷ সেইবাবেই হত্যাকাৰীয়ে দম্পতীটোৰ পিছে পিছে যাবলৈ সক্ষম হয়৷
ঘটনাৰ ঠিক আগতে যেতিয়া ঘাতক সেই স্থানত উপস্থিত হৈছিল আৰু বাৰে বাৰে পাহাৰ বগাই ক্লান্ত হৈ পৰিছিল আৰু তেতিয়া ঘতনা সংঘটিত কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছিল৷ সূত্ৰ অনুসৰি এই কথাই সোণমক ক্ষুব্ধ কৰি তুলিছিল আৰু তেওঁ তেওঁলোকক নাযাবলৈ অনুৰোধ কৰিছিল৷ সোণমে তেওঁলোকক এই কামৰ বাবে ২০ লাখ টকা দিব বুলি মনোবল বৃদ্ধি কৰিছিল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial