লণ্ডনলৈ উৰণ আম্ভ কৰা বিমানখনৰ কমেও ৩০ যাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে৷ লগতে বিমানখনে খুন্দা মৰাৰ ফলত ধ্বংস হোৱা মেডিকেল কলেজৰ হোষ্টেলতো প্ৰাণ হেৰুৱাইছে ৫০ জন চিকিৎসকে৷ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত সংঘটিত দুৰ্ঘটনাত কিন্তু শতাধিক যাত্ৰী নিহত হোৱাৰেই আশংকা বেছি৷ প্ৰাপ্ত তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত উৰাজাহাজখনত আছিল ১৬৯ গৰাকী ভাৰতীয় যাত্ৰী৷ ৫৩ ব্ৰিটিছ যাত্ৰীও সেইখন উৰাজাহাজতে আছিল৷
উৰণৰ ক্ষন্তেকৰ পিছতে কিয় দুৰ্ঘটনা সংঘটিত হৈছে তাৰ কাৰণ এইপৰ্যন্ত উদঘাটন কৰিব পৰা নাই৷ কিন্তু কাৰিকৰী বিজুতিক পাইলটে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে এই কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ সমান্তৰালভাৱে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আঁৰত সন্ত্ৰাসবাদীৰ চক্ৰান্তও থাকিব পাৰে বুলি প্ৰকাশ কৰিছে সমৰ্থিত সূত্ৰই৷
বৰ্তমান এই ঘটনাৰ পোনপটীয়া নিৰীক্ষণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বিজে মেডিকেল কলেজৰ ছাত্ৰাৱাস ধ্বংস কৰা বিমানখনৰ বিষয়ে তেওঁ তথ্য বিচাৰিছে৷ আনহাতে সেইখন বিমানতে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল বুলি জানিব পৰা গৈছে৷
এতিয়ালৈ আহমেদাবাদৰ আকাশমাৰ্গ ধোৱাই ছানি ধৰি আছে৷ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে অৰ্ধদগ্ধ অৱস্থাতহে উদ্ধাৰ কৰা হৈছে আহতৰ শৱ৷
আনহাতে সেইখন বিমানত ৭ জন পৰ্তুগীজ আৰু কানাডাৰো এজন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে৷ তেওঁলোকক এতিয়ালৈ উদ্ধাৰ কৰাত বিফল হৈছে কৰ্তৃপক্ষ৷ সকলো এয়াৰ হোষ্টেছেই হেৰুৱাইছে প্ৰাণ৷
আহমেদাবাদৰ অঘটনৰ আঁৰত চক্ৰান্ত
