আপোনাৰ নামতো আহিব পাৰে ঋণ পৰিশোধৰ নথি

বঙাইগাঁও শাখা কানাড়া বেংকত ঋণ প্ৰদানৰ নামত এক বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে৷ গ্ৰামাঞ্চলৰ লোকৰ দৰিদ্ৰতা তথা অজ্ঞানতাৰ সুযোগ লৈ দালালে বেংকটোৰ পৰা ঋণ প্ৰদানৰ নামত হিতাধিকাৰী সজাই পিছত প্ৰৱঞ্চনা কৰি কোটি কোটি টকা আত্মসাৎ কৰিছে৷
ভুক্তভোগীসকলৰ এই অভিযোগৰ ভিত্তিত এতিয়া কেলেংকাৰীৰ সৈতে বেংক কৰ্তৃপক্ষও সাঙোৰ খাই পৰিছে৷ প্ৰথম অৱস্থাত এই ঋণ প্ৰদান কেলেংকাৰীৰ বিষয়ে ভুক্তভোগী লোকসকলে জনা নাছিল যদিও শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ কেইবাখনো গাঁৱৰ লোকলৈ বেংকৰ বঙাইগাঁও শাখাৰ পৰা ফোনযোগে ঋণ পৰিশোধ কৰাৰ বাবে বাৰ্তা প্ৰেৰণ কৰাৰ উপৰি ঋণ লোৱা হিতাধিকাৰীক বিচাৰি গাঁৱে গাঁৱে এজেণ্ট আৰু আৰক্ষীৰ আগমন ঘটাত সমগ্ৰ কেলেংকাৰি পোহৰলৈ আহে৷
তথ্য অনুসৰি দালাল চক্ৰই বেংকৰ লোন মেনেজাৰ, ৰিক’ভাৰী এজেণ্টেৰে মিলি জিলাখনৰ শতাধিক গ্ৰাহকৰ চহী আৰু নথিপত্ৰ জালিয়াতি কৰি বেংকৰ পৰা ঋণৰ টকা উলিয়াই আত্মসাৎ কৰে৷ লগতে বেংকত একাউণ্ট নথকাকৈ বহুতো সহজ-সৰল মানুহক বেংকৰ সাহায্য দিব বুলি তেওঁলোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু উকা কাগজত চহী সংগ্ৰহ কৰি তেওঁলোকৰ নামতো বেংকৰ ঋণৰ টকা উলিয়াই আত্মসাৎ কৰে৷
আনকি বহু মৃত ব্যক্তিৰ নামতো কৃষকৰ ঋণ উলিয়াই আত্মসাৎ কৰিছে৷ যেতিয়া মানুহৰবোৰৰ নামত বেংকৰ পৰা জাননী আহিল তেতিয়াই মানুহবোৰৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷
ক’ভিদকালীন সময়ৰ পৰাই দালাল চক্ৰই ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাইছিল যদিও ২০২১, ২০২২, ২০২৩ বৰ্ষত প্ৰবঞ্চনা বেছি হ’ল৷ ঋণ নোলোৱাকৈ ঋণ পৰিশোধ কৰাৰ বাবে বেংকৰ জাননী পোৱাৰ পিছতে লোকসকলৰ মাজত লাগিছে এতিয়া হাহাকাৰ৷
জিলাখনৰ মূলাগাঁও, ছিপনছিলা, চোকাপাৰা, উত্তৰ বইটামাৰী, আটুগাঁও, দেৱানগাঁওকে আদি কৰি বহুকেইখন গাঁৱৰ লোক এই ঋণ প্ৰদান কেলেংকাৰী চক্ৰৰ প্ৰৱঞ্চনাৰ বলি হৈছে৷ ইপিনে একাংশ ভুক্তভোগীগে সংবাদিকৰ আগত কয় যে যিমান টকা ঋণ লোৱা দেখুৱা হৈছে তথা পৰিশোধ কৰিবলৈ জাননী আহিছে আমি সিমান ধন লাভেই কৰা নায়৷ আমি নাজানোৱে যে আমাৰ নামত ইমান টকা ঋণ আছে৷
একাংশ ভুক্তভোগীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে কানাড়া বেংকত একাউণ্ট খুলিছিল আৰু বেংকৰ এজেণ্টৰ পৰা ঋণ লাভৰ আশ্বাস পাই ঋণ বিচাৰিছিল৷ কিন্তু ঋণ বিচৰাসকলে কোনেও ঋণৰ সম্পূৰ্ণ টকা লাভ কৰা নাছিল৷ আনকি তেওঁলোকে নিজে বেংকৰ একাউণ্টৰ পৰা ঋণৰ ধন উলিয়াই পোৱা নাছিল আৰু উলিয়াবলৈয়ো দিয়া নাছিল৷
তেওঁলোকৰ হৈ বেংকৰ শাখাটোৰ সৈতে জড়িত থকা ৰিক’ভাৰী বিষয়া-কৰ্মচাৰী তথা এজেণ্ট আদিয়েহে ধন উলিয়াইছিল আৰু উলিয়াই তাৰে একেবাৰে সামান্য পৰিমাণৰ ধনহে তেওঁলোকক আদায় দিছে৷ কিন্তু বেংকৰ পৰা অহা ঋণ পৰিশোধৰ জাননী পাইহে সকলোৱে হতবাক হৈ পৰিছে৷ কাৰণ ঋণ লোৱা দেখুওৱা হৈছে ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ, ৭৫ হাজাৰ টকা৷
ইয়াৰ বিপৰীতে তেওঁলোকৰ কোনোবাই ৫ হাজাৰ, কোনোবাই ১০ হাজাৰ, অথবা ২২ হাজাৰ টকাহে ঋণৰ ধন আদায় পাইছিল৷ আনহাতে, একাংশ ভুক্তভোগীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে কোনো ঋণৰ বাবে আবেদনেই কৰা নাছিল৷ কিন্তু তেওঁলোকৰ নামতো ঋণ পৰিশোধৰ বাবে বাৰ্তা আহিছে৷ একাংশই আৰু কোৱা মতে তেওঁলোকক চৰকাৰী অনুদান লাভ কৰাৰ কথা কৈ তেওঁলোকৰ পৰা মধ্যভোগীয়ে আধাৰ কাৰ্ড সংগ্ৰহ কৰি নিছিল৷
এনেও লোক আছে যিয়ে কেৱল এহাজাৰ টকা পাইছিল আৰু তাৰে পৰা আকৌ ২০০ টকা ভাড়াৰ বাবদ মধ্যভোগী ৰূপী দালালক আদায় দিবলগীয়া হৈছিল৷ আনহাতে, বহু আত্মসহায়ক গোটৰ বিষয়ববীয়ালৈও আহিছে বেংকৰ পৰা ঋণ পৰিশোধৰ বাৰ্তা৷
কোনোবা আত্মসহায়ক গোটে আকৌ যদি ৫ লাখ টকা ঋণ লাভ কৰিছে দেখুওৱা হৈছে ৬ লাখ টকা ঋণ লোৱা বুলি৷ ইপিনে বেংক কৰ্তৃপক্ষই ইতিমধ্যে বেংকৰ পৰা ঋণ লৈ ঋণ পৰিশোধ নকৰা বুলি বহু লোকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে৷
সেইদৰে একাংশ ভুক্তভোগী লোকে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে ঋণ আদায় লোৱা দেখুৱাসকলৰ বিপৰীতে যি নথি-পত্ৰ তাত ঋণ লওঁতাৰ নামৰ লগত ফটো, ঠিকনা আদিৰ মিল নাই৷ আনকি কিছুমানৰ নিজৰ নামত মাটি নাই যদিও মাটি থকা দেখুৱা হৈছে৷ মাটিৰ দলিলত থকা চৰকাৰী বিষয়াৰ স্বাক্ষৰো জাল কৰা হৈছে বুলিও অভিযোগ উঠিছে৷
একেদৰে গাঁও পঞ্চায়তৰো জালি নথি ব্যৱহাৰ কৰা হৈছে বুলিও অভিযোগ কৰে লোকসকলে৷ তাতোকৈ আশ্বৰ্যজনক কথা এয়ে যে ১৯৯৯ চনত মৃত্যু হোৱা ব্যক্তি, ২০১৩ চনত মৃত্যু হোৱা ব্যক্তিৰ নামতো বেংকটোৰ পৰা ঋণ মঞ্জুৰ কৰা হৈছে৷ ইয়াৰ পৰাই ওলাই পৰে যে বেংকটোত ঋণ প্ৰদানৰ নামত কেনে কেলেংকাৰী সংঘটিত হৈছে বুলিও ভুক্তভোগীসকলে অভিযোগ কৰে৷
প্ৰৱঞ্চনাৰ বলি হোৱাসকলৰ দাবী ইয়াৰ উচিত তদন্ত হ’ব লাগে আৰু তেওঁলোকক ঋণমুক্ত কৰিব লাগে৷ ইপিনে জানিব পৰা মতে ঋণ কেলেংকাৰী সন্দৰ্ভত ভুক্তভোগী গ্ৰাহক এজনে যোৱা এপ্ৰিল মাহতে বেংক কৰ্তৃপক্ষ আৰু এগৰাকী মহিলা ঋণ ৰিক’ভাৰী এজেণ্টৰ বিৰুদ্ধে বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰিছিল৷ কিন্তু বৰ্তমান ভীতিগ্ৰস্ত হৈ পৰিছে সাধাৰণ জনতা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial