সোণম ৰঘুবংশীক ধৰা পুলিচক প্ৰেম নিবেদন মহিলাৰ

SP চাহাবক চাবলৈয়েই সোণমে গিৰিয়েকক শেষ কৰি দিলে৷ মেঘালয়ত মহিলা অপৰাধীৰ সংখ্যা বৃদ্ধিৰ কাৰণো এইজন SP চাহাবেই৷ তেওঁক দেখাৰ পিছতে ইষ্ট খাছী হিলছ জিলাৰ মহিলাসকল মতলীয়া হৈ পৰিছে৷ ছিলঙৰ প্লামৰ দৰে উজ্জ্বল SP চাহাবক চাবলৈয়েই থানালৈ গৈছে মহিলা৷
SP চাহাবৰ নাম হাৰ্বাট পায়নিয়েইড খাৰকংগৰ৷ সোণল ৰঘুবংশী কে’ছৰ তদন্ত কৰিবলৈ গঠিত SITৰো তেৱেঁই মুৰব্বী৷ মেঘালয়ত মধ্যপ্ৰদেশৰ ৰাজা আৰু সোণম নিৰুদ্দেশ হোৱাৰ পিছতে চৰকাৰে SIT গঠন কৰিছিল৷ একমাত্ৰ ডেকা অফিচাৰ হাৰ্বাটৰ জৰিয়তে SITয়ে সোণমক উত্তৰ প্ৰদেশত বিচাৰি উলিয়ালে৷
এডাল তেজ লাগি থকা মংগলসূত্ৰৰ আঁত ধৰি হাৰ্বাটে সোণমেই যে ঘাতক সেইটো নিশ্চিত কৰিছিল৷ কিন্তু এতিয়া হাৰ্বাটৰ সংবাদমেলত মহিলা সাংবাদিকৰ ভিৰ হৈছে৷ দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ মহিলা সাংবাদিকে হাৰ্বাটৰ সৈতে উঠিছে ছেলফি৷
ডেকা বিষয়াজন হৈছে মেঘালয়ৰ ৰঙচুৱা প্লামৰ দৰে ৰঙা৷ অতিপাত সুদৰ্শন ক্লিনছেভ বিষয়াজনে লাজ-লাজকৈ সংবাদ মাধ্যমৰ সন্মুখত কথা কয়৷ ভঙা ভঙা হিন্দীত হাৰ্বাটে কোৱা কথা শুনিয়েই যিকোনো মহিলা তেওঁৰ প্ৰেমত পৰি যায়৷
ছ’চিয়েল মিডিয়াত SP হাৰ্বাট হৈ পৰিছে মহিলাসকলৰ ক্ৰাছ৷ সোণমক বিচাৰি উলিওৱা হাৰ্বাটক চাবলৈয়েই কে’ছটোৰ প্ৰতি বহু নাৰী আগ্ৰহ বাঢ়িছে৷ তেওঁলোকে হাৰ্বাটক নাম দিছে পুকী পুলিচ৷ হি ইজ মাই পুকী বুলি হাৰ্বাটক প্ৰেম নিবেদনেই কৰি দিছে বহু মহিলাই৷
ডেকা বিষয়াজনে লাজ লাজকৈ কথা কোৱাৰ সময়ত ৰঙা পৰি যায় কাণখন৷ তাকে দেখি হাৰ্বাটলৈ মৰম লাগি যায় বহু যুৱতীৰ৷ হাৰ্বাটক চাবলৈয়েই এইবাৰেই মেঘালয়লৈ যোৱাৰ কথা ভাবিছে কেবাগৰাকী মহিলাই৷ বেগ হেৰুওৱাৰ অভিনয় কৰি SP চাহাবক লগ ধৰাৰ পৰিকল্পনা কৰিছে সুন্দৰী মহিলাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial