সোণম ৰঘুবংশী গৰ্ভৱতী
বিবাহৰ পূৰ্বেই গৰ্ভধাৰণ কৰিছিল সোণালে
ছিলং পুলিচে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ সময়ত প্ৰকাশ পাইছে এই তথ্য৷ ইন্দোৰৰ পৰা অনাৰ পিছত তদন্তকাৰীয়ে নিয়ম অনুসৰি সোণমৰ স্বাস্থ্য পৰীক্ষা কৰিছিল৷ তেতিয়া চিকিৎসকে সন্দেহবশতঃ তেওঁৰ আল্টাছাউণ্ড কৰোৱাৰ পৰামৰ্শ দিলে৷ সেই পৰীক্ষাত ওলাই পৰিল সোণমৰ গৰ্ভাৱস্থা৷
ছিলং আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৰাজা ৰঘুবংশীৰ সৈতে বিবাহৰ পূৰ্বেই সোণমে গৰ্ভধাৰণ কৰিছিল৷ এই কথাটোৰ বাবে ৰাজাক এতিয়াই শেষ কৰি দিবলৈ বাধ্য হৈছিল সোণম৷ প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যাতে সোনকালে বিয়া হ’ব পাৰে তাৰ বাবে পৰিকল্পনা কৰাৰ কাৰণো আছিল সেইটোৱেই৷
সোণমৰ পিতৃৰ ইন্দোৰত আছে বৃহৎ কাৰখানা৷ ছানমাইকা ফাৰ্নিছিং নামৰ কোম্পানীটোত কৰ্মৰত প্ৰেমিক ৰাজ কুশৱাহাক ঘৰলৈ প্ৰায়ে মাতি নিছিল সোণমে৷ পিয়ন হিচাপে কৰ্মৰত ৰাজক বজাৰ কৰিব দিয়াৰ বাবে ঘৰলৈ মাতিছিল সোণমে৷ সেয়ে সন্দেহ কৰাৰো থল নাছিল৷
জীয়েকে যে কৰ্মচাৰীৰ সৈতে প্ৰেমলীলা কৰিছিল সেয়া সোণমৰ পিতৃ-মাতৃয়ে গমেই পোৱা নাছিল৷ গতিকে ৰাজক বেডৰূমপৰ্যন্ত সোমাই যাবলৈ দিছিল অনুমতি৷ কিন্তু বিবাহৰ পিছত বিপদৰ সংকেত দিছিল জ্যোতিষীয়ে৷ ৰাজা ৰঘুবংশীক ছিলং ভ্ৰমণ বাতিল কৰিবলৈ পৰিয়ালৰ জ্যোতিষীয়ে বাৰে বাৰে অনুৰোধ কৰিছিল৷ এই ভ্ৰমণকালত বিপদৰ আশংকা আছে বুলি জনাইছিল জ্যোতিষীয়ে৷ সেই কখাটো মানিও লৈছিল ৰাজাই, কিন্তু সোণমে নামানিলে৷
ৰাজৰ ঔৰসত গৰ্ভৱতী হোৱা সোণমৰ আলট্ৰাছাউণ্ড কৰাৰ পিছত আৰক্ষীও ধৰ্মসংকটৰ সন্মুখীন হৈছে৷ কিয়নো অন্তঃসত্ত্বা হিচাপে সোণমক দিবই লাগিব বিশেষ সুবিধা৷ তেওঁক লক-আপত ৰাখিব পৰা নাযাব৷ যতন ল’ব লাগিব ৰাক্ষসী মহিলা সোণম ৰঘুবংশীৰ৷
বজাৰ কৰি দিয়াৰ বাবে ঘৰলৈ মাতি নিছিল প্ৰেমিক ৰাজক
