ডিব্ৰুগড়ত বহিবলৈ চকী নাপালে IAS বিষয়াই
পৌৰ আয়ুক্তক বহিবলৈ ৰূমেই নিদিলে মেয়ৰে
বিজেপিৰ পৌৰ পাৰিষদে ডিব্ৰুগড়ত কৰিছে এটা লজ্জ্বাজনক ঘটনা৷ জিলাখনত চৰকাৰে নিযুক্তি দিয়া IAS বিষয়া জয় বিকাশক অপমান কৰিছে পৌৰ নিগম কৰ্তৃপক্ষই৷
যুৱ বিষয়াজনে চৰকাৰী নিৰ্দেশ মানি ডিব্ৰুগড়ৰ পৌৰ আয়ুক্ত হিচাপে যোগদান কৰিছিল৷ কিন্তু তেওঁ পৌৰ নিগমৰ কাৰ্যালয়ত বহিবলৈ ৰূম বিচাৰি নাপালে৷ নিয়ম মতে পৌৰ নিগমত আয়ুক্তৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা থকাটো বাধ্যতামূলক৷ পিছে ডিব্ৰুগড়ত এই সুবিধা দখল কৰি আছে বিজেপিৰ পাৰিষদে৷ তেওঁলোকৰ পৰা এটা কোঠা জয় বিকাশক দিয়াত গুৰুত্ব নিদিলে মেয়ৰ সৈকত পাত্ৰই৷
চৰকাৰী বিষয়াৰ ডিব্ৰুগড় যাত্ৰাত যে মেয়ৰ ক্ষুব্ধ সেয়া তেওঁ দেখুৱাই দিলে৷ গতিকে পৌৰ আয়ুক্তক সতিনীৰ দৰে ব্যৱহাৰ কৰিলে মেয়ৰ সৈকত পাত্ৰই৷
অৱশ্যে জয় বিকাশ বহিবলৈ নিজৰ কোঠাটোৱেই এৰি দিলে উপ-মেয়ৰ উজ্জ্বল ফুকনে৷ ডেপুটী মেয়ৰে নিজৰ ৰূমটো খালী কৰি জয় বিকাশক বহিবলৈ দিলে৷ চৰকাৰে নিযুক্তি দিয়া IAS বিষয়া অফিচতে বহু সময়ত থিয় হৈ থাকিবলগীয়া হ’ল৷
আচলতে জয় বিকাশৰ দৰে যুৱ বিষয়াক পৌৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে মেয়ৰ সৈকত পাত্ৰ৷ সেয়ে তেওঁ বিকাশক অপমানিত কৰিছে৷ একছত্ৰীভাৱে পৌৰ নিগম পৰিচালনা কৰাৰ দিন উকলি গ’ল বুলি ভয় খাইছে মেয়ৰজনে৷
অৱশ্যে উজ্জ্বল ফুকনে সৰ্বশেষত ডিব্ৰুগড়ৰ সন্মান ৰক্ষা কৰিছে৷ খিলঞ্জীয়াৰ শেষ ভেটী ডিব্ৰুগড়ৰ অসমীয়া বিজেপি নেতাজনে বহিবলৈ দিছে IAS বিষয়াক৷
ডেপুটী মেয়ৰে ৰূম খালী কৰি দিয়াৰ পিছতহে পালে চকী
