গিৰিয়েক চুৰি কৰি বাতৰিত ওলাবলৈ সাজু জুনমণি

এইকেইদিন ধুনীয়া ধুনীয়া এডিটেড ফটোহে আপলোড কৰিছে জুনমণিয়ে
লোকৰ গিৰিয়েকক পলুৱাই নিয়া ছ’চিয়েল মিডিয়া চেলিব্ৰিটীয়ে বন্ধ কৰি থৈছে কমেণ্ট ছেকশ্যন৷ কেৱল লাইক কৰিবলৈহে ফল’ৱাৰ্ছক সুবিধা কৰি দিছে জুনমণিয়ে৷ ৰাধে ৰাধে বুলি কৈ আনৰ স্বামীক চুৰি কৰি নিয়া জুনমণিয়ে ভয় খাইছে৷
জুনমণিয়ে প্ৰথমে আনৰ গিৰিয়েকক ভাইটী পাতি লয়, তাৰ পিছতহে স্বামীলৈ প্ৰমোশ্যন দিয়ে৷ পৰপুৰুষক একেকোবে ভায়াৰ পৰা ছাইয়া কৰেগৈ জুনমণিয়ে৷
হায়দাৰাবাদ নিৱাসী অসমীয়া জুনমণিয়ে যে কি কি কৰিছিল তাৰ হিচাপেই নাছিল৷ অসমলৈ আহোতেও বিমানতে এপাক নাচিছিল জুনমণি মহন্তই৷ কিন্তু দুজনী গাভৰু ছোৱালীৰ মাক হোৱাৰ পিছতো জুনমণিয়ে যে মাজুলীৰ বলীনক পলুৱাই নিলে!
বলীন ওৰফে জিতৰ পত্নী ঘৰতে থাকিল৷ ৰাধে ৰাধে বুলি কৈ থকা জুনমণিয়ে অৱশ্যে দম্ভালি মাৰিয়েই আছিল৷ ডেৰলাখ ফল’ৱাৰ্ছৰ বাবে কেক কাটিছিল৷ কিন্তু তাৰ পিছতে ওলাল জোনমণিয়ে গিৰিয়েক চুৰ কৰাৰ কাহিনীটো৷ সেয়ে জুনমণিয়ে বন্ধ কৰি থ’বলগীয়া হৈছে ফে’চবুকৰ কমেণ্ট ছেকশ্যন৷ স্বামী সলনি কৰাত ওস্তাদ জুনমণিয়ে নাকচো কৰা নাই গিৰিয়েক চুৰ কৰাৰ অভিযোগ৷ মাত্ৰ কৈছে- মই একো ভুল কৰা নাই, ৰাধে ৰাধে৷
হায়দৰাবাদৰ ৰাস্তাতো নাচি-বাগি ফুৰা জুনমণিৰ বিৰুদ্ধে অন্তহীন তথ্য আমাৰ হাতত দাখিল কৰিছে ভুক্তভোগী মহিলাই৷ সকলোৰে অভিযোগ- তেওঁলোকৰ স্বামীক চুৰি কৰি নিবলৈ চেষ্টা কৰিছিল জুনমণিয়ে৷ বলীউডৰ অভিনেত্ৰী হংসিকা মটোৱানিৰ বিৰুদ্ধে আছে বান্ধৱীৰ স্বামীক চুৰি কৰাৰ অভিযোগ৷ একেদৰে অসমৰ জুনমণিয়েও মহিলাৰে সৈতে বন্ধুত্ব কৰাৰ ছলেৰে কৰে তেওঁলোকৰ গিৰিয়েকৰ মন ভুলোৱাৰ চেষ্টা৷
ৰাধে ৰাধে বুলি ঘনাই কৈ থকা জুনমণিয়ে অৱশ্যে কেইদিনমান উদ্দাম নৃত্য কৰা নাই৷ ১৫৬ হাজাৰ ফল’ৱাৰ্ছক নিথৰুৱা কৰিছে জুনমণিয়ে৷ তেওঁৰ উদ্দাম নৃত্য চাবলৈ সকলো ৰৈ আছে, কিন্তু নচা নাই জুনমণিয়ে৷ আনৰ গিৰিয়েকক চুৰি কৰাৰ কাহিনী ফাদিল হোৱাৰ বাবে লাজতে অধোবদন হৈছে জুনমণি৷
তেওঁৰ বিৰুদ্ধে শীঘ্ৰে আৰম্ভ হ’ব আইনী প্ৰক্ৰিয়া৷ আনৰ গিৰিয়েকক প্ৰথমে ভাইটী পাতি লৈ পিছলৈ বুকুত সুমুওৱা জুনমণি সোনকালে সোমাব লক-আপত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial