ইছলামিক নিয়ম গ্ৰহণ কৰিছে দেশৰ হিন্দুৱে

মুছলমানক ঠাট্টা কৰি থাকিলেই নহ’ব
অসমৰ হিন্দু যুৱকেও বিয়া পাতিছে পৰিয়ালৰে যুৱতীক
আত্মীয় যুৱক-যুৱতীৰ হৈছে বিবাহ
মুছলমানসকলে সহোদৰক বাদ দি সকলো সম্পৰ্কীয়কে বিয়া পাতিব পাৰে৷ কিন্তু হিন্দুধৰ্মীয় নিয়ম অনুসৰি ৭ পুৰুষলৈ একেটা পৰিয়ালৰ সদস্যৰ বিবাহ নিষিদ্ধ৷ অৰ্থাৎ ৭টা প্ৰজন্মপৰ্যন্ত আত্মীয় যুৱক-যুৱতী বিবাহত আবদ্ধ হ’ব নোৱাৰে৷ এই নিয়মটো বৰ্তমান নমনা হৈছে হিন্দুৱে৷ বিশেষকৈ ১৫ৰ পৰা ৪৯ বছৰীয়া যুৱতী আত্মীয় যুৱকৰ সৈতেই বিবাহত আবদ্ধ হৈছে৷
দেশৰ ভিতৰত সৰ্বাধিক আন্ত:পৰিয়াল বিবাহ হৈছে তামিলনাডুত৷ এইবাৰ ৰাজ্যখনৰ ২৮ শতাংশ দৰা-কইনাৰ মাজত তেজৰ সম্পৰ্ক আছে৷ কৰ্ণাটকত ২৭ শতাংশ আৰু অন্ধ্ৰপ্ৰদেশত ২৬ শতাংশ আত্মীয়ৰ মাজত বিয়া হৈছে৷মহাৰাষ্ট্ৰ, তেলেংগানা আরু উত্তৰ প্ৰদেশতো পৰিয়ালৰে ছোৱালী বিয়া পাতিছে হিন্দু যুৱকে৷
বিবাহৰ বয়স হোৱা সময়ত ছোৱালী বিচাৰি নোপোৱা বাবে সম্বন্ধীয় কন্যাক তেওঁলোকে পত্নী কৰি লৈছে৷ বিশেষকৈ ৩৫ বছৰ হোৱাৰ পিছতো বিয়া নোহোৱাকৈ থকা যুৱতীসকল আত্মীয় যুৱকৰ সৈতে বেছিকৈ বিয়া হৈছে৷
তালিকাখনত নাম আছে অসমৰো৷ কেইবছৰমানৰ ভিতৰত অসমতো আন্ত:পৰিয়াল বিবাহৰ মাত্ৰা হৈছে ৩.৩ শতাংশ৷ অৰ্থাৎ এইসকল যুৱক-যুৱতী বিবাহৰ আগতেও আত্মীয় আছিল৷
এইদৰে যেন ক্ৰমশ: ইছলামিক নিয়মক গ্ৰহণ কৰিছে ভাৰতীয় হিন্দুৱে৷ ইছলামধৰ্মীৰ যেনেদৰে আত্মীয়ৰ মাজতে বৈবাহিক সম্পৰ্ক স্থাপন বাধা নাই, সেইদৰে হিন্দু যুৱকেও পৰিয়ালৰ যুৱতীৰ শিৰতে সেন্দূৰ দিছে৷ পূৰ্বে অৱশ্যে অসমৰ হিন্দু সমাজে এনে দম্পত্তিক মান্যতা দিয়া নাছিল৷ আত্মীয়ৰ সৈতে বিবাহৰ বাবে বহু পৰিয়ালক গাঁৱৰ সমাজে এঘৰীয়া কৰিছিল৷
লাহে লাহে অৱশ্যে অসমৰ সমাজ জীৱনতো পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷ ৰাইজেও মানি লৈছে আন্ত:পৰিয়াল বিবাহ৷ অৱশ্যে আমি উল্লেখ কৰা সকলো তথ্য হিন্দুসকলৰে নহয়৷ কিন্তু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই হিন্দু জনতাৰ মাজত আন্ত:পৰিয়াল বিবাহৰ মাত্ৰাধিক্য প্ৰকাশ কৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial