বৃদ্ধাশ্ৰমতে দেউতাকক ঘুচিয়াই পেলায় দিলে পুতেকে

আমাক এৰি থৈ নাযাবি ঔ বোপাই আমাকো ঘৰলৈ লগতে লৈ যা
বুলি মাক-দেউতাকে আৰ্তনাদ কৰিছে৷ নিষ্ঠুৰ পুত্ৰই দলিয়াই দিছে পিতৃ-মাতৃৰ বেগ৷ তেওঁলোকক বৃদ্ধাশ্ৰমত থৈ ঘৰলৈ যোৱাৰ বাবে উদ্যত হৈছে নিদাৰুণ পুত্ৰ৷ পুতেকৰ নিষ্ঠুৰ আচৰণত আচৰিত হৈ কেৱল কান্দিছে বৃদ্ধ দম্পত্তিয়ে৷
গৰ্ভজাত পুত্ৰই যে মনে মনে বৃদ্ধাশ্ৰমত থৈ যাবহি, সেয়া ভবাই নাছিল দুৰ্ভগীয়া অভিভাৱকে৷ গাড়ীত উঠাই ফুৰাবলৈ নিয়া বুলিহে কৈছিল পুতেকে৷ কিন্তু মনে মনে মাক-দেউতাকক বৃদ্ধাশ্ৰমত ভৰাই দিলে৷
তেতিয়া হতবাক পিতৃ-মাতৃ পুতেকৰ ওচৰলৈ দৌৰি গ’ল৷ মটৰ চাইকেল ষ্টাৰ্ট কৰি যাবলৈ উদ্যত হোৱা পুত্ৰৰ হাতে-ভৰিয়ে ধৰিলে বৃদ্ধা মাকে৷ পুতেকৰ লগতে উঠি ঘৰলৈ উভতি যোৱাৰো চেষ্টা কৰিলে মহিলাগৰাকীয়ে৷ কিন্তু একো কথা শুনিবলৈয়েই মান্তি নহ’ল পুতেক৷ তেওঁ দলিয়াই পেলাই দিলে মাকৰ বেগ৷ এইবাৰ দেউতাকেও পুতেকৰ ভৰিত ধৰিলে৷ মোক ঘৰলৈ লৈ যা বুলি চিঞৰি চিঞৰি কান্দিলে বৃদ্ধ লোকজনে৷ তেওঁৰ কান্দোনো পুতেকে নুশুনিলে৷ শেষত গতা মাৰি পেলাই দিলে দেউতাকক৷
ঘৰৰ পৰা ওলোৱাৰ সময়ত কিন্তু পুত্ৰই বৃদ্ধাশ্ৰমত থোৱাৰ পৰিকল্পনা কৰিছে বুলি কল্পনাও কৰা নাছিল পিতৃ-মাতৃয়ে৷ একমাত্ৰ পুতেকে প্ৰতাৰণা কৰাটো তেওঁলোকৰ সপোনৰো অগোচৰ আছিল৷
মাক-দেউতাকক ঘুচিয়াই ৰাস্তাত পেলাই দি পুত্ৰই সেই স্থান ত্যাগ কৰিলে৷ বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য কৰি গুচি গ’ল পুত্ৰ৷ বহু সময়লৈ ৰাস্তাতে বহি কান্দি থাকিল দুই বৃদ্ধই৷
এই মৰ্মান্তিক ঘটনা পশ্চিমবংগত সংঘটিত হৈছে৷ জন্মদাতাক প্ৰহাৰ কৰি বৃদ্ধাশ্ৰমত থৈ যোৱা পুত্ৰক বিচাৰি ফুৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে কুলাংগাৰ পুত্ৰই কৰিছে পলায়ন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial