বিহু শেষ কৰি বংগলৈ গুচি গ’ল মৰ্মিতা মিত্ৰ

ষ্টেজত বান্দৰামি কৰা মৰ্মিতা মিত্ৰ এতিয়া ক’ত আছে?
বিহুৰ বজাৰ শেষ হ’ল, এতিয়া অসমতে আছেনে মৰ্মিতা?
নাই, মৰ্মিতা ধনৰ টোপোলা বান্ধি গুচি গ’ল৷ নকল জুবিন গাৰ্গ হৈ অসমত ধনহে ঘটিলে৷ বিহু ফাংশ্যন শেষ হোৱাৰ লগে লগে মৰ্মিলা পশ্চিমবংগলৈ গুচি গ’ল৷ আচলতে তেওঁৰ পৰিয়ালৰ অসমৰ সৈতে সম্পৰ্ক নাই৷ মৰ্মিতাৰ স্বামীয়ে কৰ্মসূত্ৰেহে অসমত থাকে৷ স্বামী-স্ত্ৰী দুয়ো লগ হৈ অসমৰ বিহুৰ বিজনেছ কৰিলে৷ বেহা সামৰি গুচি গ’ল নিজৰ ঠাইলৈ৷
বিহুৰ কেইদিনত অসমৰ বোৱাৰী বুলি ফিতাহি মাৰিছিল মৰ্মিতাই৷ কিন্তু তেওঁৰ আচলতে অসমৰ সৈতে সম্পৰ্ক নাই৷ মৰ্মিতাৰ স্বামীয়ে শিলিগুৰিৰ পৰা বদলি হৈ আহি শোণিতপুৰত চাকৰিহে কৰিছিল৷ অসমৰ সংস্কৃতিৰ বিষয়ে সামান্যও জ্ঞান নাছিল মৰ্মিতাৰ৷ জুবিনৰ গান গাবলৈ নকল অসমপ্ৰেমী হৈছিল বেপাৰী মৰ্মিতা৷
জিনছ পিন্ধি ফাংশ্যনত বান্দৰৰ দৰে নৃত্য কৰা মৰ্মিতাই কোটি টকা অসমৰ পৰা লৈ গ’ল৷ অসমীয়াক নচুৱায় মৰ্মিতাই টকা ঘটিলে৷ অসমক ইমান ভালপোৱা মৰ্মিতাই অসমীয়াই ভালকৈ ক’বলৈ নিশিকিলে৷ অসমীয়াই পিটে বুলি ভয় কৰি বাউন্সাৰ লৈ ফাংশ্যন কৰিলে বেপাৰী গায়িকাই৷
সেয়ে ফাংশ্যন শেষ হোৱাৰ লগে লগে টকাবোৰ বস্তাত ভৰাই মৰ্মিতাই পলায়ন কৰিলে৷ অসম প্ৰেমৰ ভাও জোৰা মৰ্মিতাৰ বানৰ সময়তো এষাৰো মাত নাই৷ আনকি ৰাজ্যবাসীৰ প্ৰতি সহানুভূতি জনাবলৈয়ো মৰ্মিতাই সময় পোৱা নাই৷
বংগকন্যা বুলি অসমীয়াই লাই দিয়া মৰ্মিতাৰ যে অসমৰ প্ৰতি অকণমানো মৰম নাই সেয়া প্ৰমাণ হৈ গ’ল৷ বানে জুৰুলা কৰা ৰাজ্যবাসীক বিপদৰ সময়ত মাত এষাৰ দিবলৈয়ো সময় নহ’ল বেপাৰী মৰ্মিতাৰ৷
অৱশ্যে অহাবাৰলৈ আকৌ গান গাবলৈ আহিব মৰ্মিতা৷ ধন ঘটি পশ্চিমবংগলৈ উভতি যাব৷ অসমীয়াৰ বিহুৰ ধনেৰে কলকাতাক ধনী কৰিব মৰ্মিতাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial