এতিয়া নেদেখাৰ ভাও জোৰে মুজাম্মিলক

দীপিকাৰ সৈতে মই লিভিং টুগেদাৰ কৰিছিলোঁ
মোৰ লগতে আছিল দীপিকা পাডুকন
দুবছৰ দীপিকা আৰু মই একেটা ৰূমতে আছিলোঁ
এইদৰে কোৱা যুৱকজনৰ নাম মুজাম্মিল ইব্ৰাহিম৷ পূৰ্বে দেশৰ নামজ্বলা মডেল আছিল মুজাম্মিল৷ তেতিয়া দীপিকা পাডুকন আছিল নৱাগত অভিনেত্ৰী৷ সেই সময়তে মুছলমান মডেলজনৰ সৈতে ডেটিং কৰিছিল দীপিকাই৷ ঔম শান্তি ঔমত অভিনয়ৰ সুযোগ পোৱা সময়লৈ মুজাম্মিলৰ সৈতে দীপিকা একেটা ফ্লেটতে আছিল৷ সেই দীপিকাই বৰ্তমান মুজাম্মিলক চিনি নোপোৱাৰ ভাও জুৰিছে৷
মডেলিঙত সফল হ’লেও মুজাম্মিল বলীউডত বিফল হ’ল৷ তেওঁ অভিনয়ৰ সুযোগ নাপালে৷ কিন্তু দোপতদোপে উন্নতি কৰিলে দীপিকাই৷ বৰ্তমান দীপিকাৰ সৈতে কটোৱা মধুৰ সময়ৰ স্মৰণ কৰিছে প্ৰাক্তন প্ৰেমিক মুজাম্মিলে৷
কিন্তু দীপিকাক সুযোগ সন্ধানী মহিলা হিচাপে মুজাম্মিলে অভিহিত কৰিছে৷ সেই সময়ৰ সফল মডেল মুজাম্মিলে প্ৰেয়সী দীপিকাক উপহাৰ দিছিল হীৰাৰ নেকলেছ৷ দীপিকাৰ প্ৰতিটো অনুৰোধ ৰক্ষা কৰিবলৈ মুজাম্মিলে চেষ্টা কৰিছিল৷ গোৱাৰ সাগৰৰ তীৰত বহি দীপিকাৰ শৰীৰৰ প্ৰতিটো ভাঁজতে হাত বুলাইছিল মুজাম্মিল ইব্ৰাহিমে৷
তেওঁ দীপিকাক লগত লৈ মালদ্বীপলৈ গৈছিল৷ দীপিকাৰ ইচ্ছামতেই গাড়ীও উপহাৰ দিছিল প্ৰেমিকে৷ অৱশ্যে তেওঁহে দীপিকাৰ সৈতে ব্ৰেক-আপ কৰা বুলি মুজাম্মিলে প্ৰকাশ কৰিছে৷ সঘনাই কাজিয়া লাগি থকা বাবে দীপিকাৰ সংগ ত্যাগ কৰা বুলি ব্যক্ত কৰিছে মুজাম্মিলে৷
অৱশ্যে বৰ্তমান দীপিকাই চিনি নোপোৱাৰ ভাও জুৰিছে মুজাম্মিলক৷ মডেলিঙৰ সময়ত দেখিলেও দীপিকাই মুজাম্মিলক নেদেখাৰ ভাও জোৰে৷ তাৰ বাবে দুখী নহয় মুজাম্মিল৷ কিন্তু দীপিকাৰ সৈতে কটোৱা নিশাবোৰৰ কথা প্ৰায়ে মুজাম্মিলৰ মনত পৰে৷ দীপিকাক সাবটি ধৰি কৰা মৰমৰ কথাও মনত পেলায় মুজাম্মিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial