প্লীজ, গুৱাহাটীত চাকৰি কৰি থকা ছোৱালীবোৰৰ কথা বেয়াকৈ নক’ব
কোনোবা নম্ৰতাই গুৱাহাটীত এনজয় কৰিলে, তাৰ বাবে সকলো ছোৱালী জগৰীয়া নহয়৷ আইফোনৰ লোভত কেইজনীমান ছোৱালীয়েহে আত্মসমৰ্পণ কৰে৷ সৰহসংখ্যকেই কষ্ট কৰি ধন উপাৰ্জন কৰে৷ গুৱাহাটীনিৱাসী যুৱতীৰ হাতত আইফোন বেশ্যাবৃত্তিৰ প্ৰতীকৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে৷ কিন্তু বিশ্বাস কৰক, ঘৰৰ পৰা গৈ গুৱাহাটীত থকা বেছিভাগ যুৱতীয়েই সৎ৷
আপোন ঘৰখন এৰি প্ৰৱাসত থাকিবলৈ কাৰোৰে মন নাযায়৷ কিন্তু পৰিস্থিতিৰ তাগিদাত যেনেকৈ আপুনি থাকিবলগীয়া হৈছে, তেনেকৈয়ে গুৱাহাটীত থাকে যুৱতীসকল৷ তেওঁলোকেও চাকৰি কৰি মাহে দুপইচা উপাৰ্জন কৰে৷ বহু যুৱতীয়ে ঘৰলৈ পইচা পঠিয়াবলৈ স্কুটীখনেৰে নিশা ৰেপিড’ৰ ভাৰা মাৰে৷
কোনোবাই আকৌ কৰ্মস্থলীত অভাৰটাইম কৰিও দুপইচা উলিয়ায়৷ ঘৰত থকা অসুস্থ দেউতাকক গুৱাহাটীলৈ নি চিকিৎসা কৰায় জীয়েকে৷ মাকলৈ ফাঁচীবজাৰৰ পৰা কিনে কাপোৰ৷ এইসকল যুৱতীক কেনেকৈ আপুনি দোষাৰোপ কৰিব?
গুৱাহাটীত থকা যুৱতীসকলৰ কেৰেক্টাৰ চাৰ্টিফিকেট দিবলৈ আমাৰ অধিকাৰ নাই৷ কিন্তু ছ’চিয়েল মিডিয়াৰ আলোচনা ইমানেই নিকৃষ্ট হৈ পৰিছে যে নকৈয়ো উপায় নাই৷ গুৱাহাটীত কাম কৰি আইফোন লৈ দামী কাপোৰ পিন্ধা যুৱতীৰ বিষয়ে এচামে কুৎসা ৰটনা কৰিছে৷ পিছে আমি দেখি থকা বহু যুৱতীয়েই ঘৰলৈ পইচা পঠিওৱাৰ বাবে কাপোৰ কিনাৰ আশা ত্যাগ কৰিছে৷
আমি ন দি ক’ব পাৰোঁ, পইচা-আইফোন, ফ্লেটৰ বাবে আত্মসমৰ্পণ কৰা যুৱতীসকলৰ সংখ্যা একেবাৰেই তাকৰ৷ বাকীসকলে শ্ৰম কৰি দুপইচা উপাৰ্জন কৰে৷ কোনো MLAৰ পুতেকে লগ ধৰিলেও বেছিভাগ ছোৱালীয়েই ছিলঙলৈ নাযায়৷ বন্ধুৰ কোলাত বহি থকা ছোৱালীৰ সংখ্যা নগণ্যহে৷
সমধিকাৰৰ যুগত এনে চৰ্চাৰ আচলতে দৰকাৰ নাই৷ কিন্তু ছ’চিয়েল মিডিয়াৰ চৰ্চাই পৰিৱেশৰ হানি কৰিছে৷ গুৱাহাটীত জীয়েক থকা মানেই গাঁৱৰ পিতৃ-মাতৃ যেন লজ্জিত হৈ পৰিছে৷ কন্যাক গুৱাহাটীৰ ফ্লেটত ৰখা অভিভাৱক আনৰ চকুত হৈ পৰিছে হেয়৷
কিন্তু আচলতে কথাটো এনেকুৱা নহয়৷ গুৱাহাটীত পৰিশ্ৰমী যুৱতীৰ সংখ্যাই বেছি৷ আইফোন আৰু টকাৰ আশাত বেছিভাগেই পুৰুষৰ কোলাত নুঠে৷ কাপোৰ খুলি দিবলৈ অসন্মত বাবেই বেছিভাগ যুৱতীয়ে পৰিশ্ৰম কৰে৷ গুৱাহাটীৰ বানৰ মাজতো অফিচলৈ যায়৷
সকলো ছোৱালী নম্ৰতা নহয়
