শিশুবন্ধু দুলাল বৰাক কিয় গ্ৰেপ্তাৰ কৰা হ’ল?

ৰামে সৰস্বতীক নিৰ্যাতন কৰি গোসাঁইৰ বাৰীতে পেলাই থৈ গৈছে
ছেক্স ষ্ট’ৰীৰ বাবেহে কীৰ্তন জনপ্ৰিয়
এইদৰে লিখিছিল পুৰণিগুদামৰ দুলাল বৰাই
তথাপি ক্ষুদ্ৰ গল্প লিখি লিখি বেচেৰা দুলাল এইবাৰ এনেয়ে ফান্দত পৰিল
শ্ৰীকৃষ্ণ-ৰুক্মিণীৰ বিবাহত ১ লাখ গৰুৰ মাংসৰে ভোজ পতা বুলি দুলাল বৰাই ফে’চবুকত আচলতে পোষ্ট দিয়া নাছিল৷ তেওঁ মাত্ৰ শ্বেয়াৰহে কৰিছিল জয়ন্ত মোহন দাস নামৰ এজন লোকৰ ফে’চবুক পোষ্ট৷ দুলাল বৰাই সেই পোষ্টটোৰ কমেণ্টত জয়ন্ত মোহন দাসৰ পোষ্টৰ লিংক উল্লেখ কৰিছিল৷
কিন্তু বিপদৰ উমান পাই জয়ন্ত মোহন দাস নামৰ বীৰপুৰুষজনে পোষ্ট ডিলিট কৰিলে৷ আৰক্ষীয়েও জয়ন্ত মোহনৰ পৰিৱৰ্তে গ্ৰেপ্তাৰ কৰিলে দুলাল বৰাক৷ অহৰহ হিন্দু ধৰ্মৰ বিৰুদ্ধে পোষ্ট দিয়া জয়ন্ত মোহন দাসে বৰ্তমান নৈতিক দায়িত্ব স্বীকাৰো কৰা নাই৷ তেওঁৰ ভুলৰ অংশীদাৰ হৈ দুলাল বৰা জে’লত সোমাল৷ কিন্তু বীৰপুৰুষৰ ভাও জোৰা জয়ন্ত মোহনে টুপাই বুৰ মাৰিলে৷ খাই কাৰ্শলা ডালত উঠাৰ দৰেই হ’ল কথাটো৷
বিতৰ্কৰ সৃষ্টি কৰিছে যদিও পুৰণিগুদামৰ দুলাল বৰাই সাহিত্যৰ হকে বহু কাম কৰিছে৷ তেওঁ হৈছে নগাঁও গ্ৰন্থমেলৰ অন্যতম উদ্যোক্তা৷ শিশুবন্ধু হিচাপেও দুলাল বৰা পৰিচিত৷ অসম বুৰঞ্জীৰ দুৰ্লভ গ্ৰন্থ দুলাল বৰাই প্ৰকাশ কৰিছে৷ তেওঁ প্ৰায়ে সামাজিক ইছ্য়ুত সৰৱ৷
দুলাল বৰাই চলন্ত পুথিভঁৰাল স্থাপনৰ বাবেও চেষ্টা কৰি আছে৷ চৰকাৰে পেলাই থোৱা গাড়ীৰে ভ্ৰাম্যমাণ পুথিভঁৰাল খুলিবলৈ ইচ্ছা কৰিছে পুৰণিগুদামৰ লোকজনে৷ শিশু সাহিত্যৰ দিশত দুলাল বৰাৰ অৱদানক কেতিয়াও নুই কৰিব নোৱাৰি৷
অৱশ্যে দুলাল বৰাৰ বিৰুদ্ধে আছে হিন্দুধৰ্মক অপমানৰ অভিযোগ৷ তেওঁ বিগত সময়ত লাচিত বৰফুকনৰ বিৰুদ্ধেও অপমানসূচক মন্তব্য কৰিছিল৷ লাচিতক মোমায়েকক কটা নৃশংস বুলি পাকে-প্ৰকাৰে উপস্থাপন কৰিছিল দুলাল বৰাই৷ কিন্তু শেহতীয়া পোষ্টটো তেওঁৰ নিজা নাছিল৷
কিতাপ কিনাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ দুলাল বৰাই অহৰ্নিশে চেষ্টা চলাইছিল৷ ২৪ এপ্ৰিলত নগাঁৱত গ্ৰন্থ দিৱস আয়োজনৰো হোতা হৈছে দুলাল বৰা৷ এইজন মানুহেই ধৰ্মীয় চেতনাত আঘাত হনাৰ বাবে গ্ৰেপ্তাৰ হ’ল৷ তেওঁ যে শীঘ্ৰে মুক্তি পাব তাৰো আশা ক্ষীণ৷
১ লাখ গৰু মাংসৰ ভোজৰ বিষয়ে ফে’চবুকত পোষ্ট দিয়া জয়ন্ত মোহন দাসে এজন অচিনাকী সন্ন্যাসীৰ ভিডিঅ’ৰো লিংক দিছিল৷ সেইটো হৈছে এইজন সন্ন্যাসীৰ ভিডিঅ’৷ কিন্তু তথ্যৰ ভিত্তিত গুগলে অস্বীকাৰ কৰিছে শ্ৰীকৃষ্ণ-ৰুক্মিণীৰ বিবাহত গৰু মাংসৰ ভোজৰ কথা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial