বকৰিদত বন্ধ হৈ গ’ল সকলো কাম

হিন্দুত্ববাদীয়ে চিঞৰি থাকোতেই গ’ল৷ বকৰিদতে অসম অচল কৰি পেলালে মুছলমানে৷ দোকানৰ পৰা গাড়ীলৈ সকলো এদিন বন্ধ কৰি পেলালে ঈদ পালনৰ বাবে ছুটী লোৱা মুছলমানে৷ কেৱল গুৱাহাটীৰে ৭৫ শতাংশ দোকান শনিবাৰে বন্ধ থাকিল৷ চিটীবাছো নচলিল৷ কাৰণ ড্ৰাইভাৰ-হেণ্ডিমেনৰ ভিতৰত বেছিভাগেই মুছলমান৷
অসমৰ অৰ্থনীতিত মুছলমানৰ শক্তি যে সৰ্বাধিক সেয়া এদিনতে প্ৰমাণিত হৈ গ’ল৷ কি উজনি, কি নামনি- সৰ্বত্ৰ ঈদৰ দিনটোত বন্ধ হৈ গ’ল ব্যৱসায়৷ উজনি অসমৰ ডিব্ৰুগড়ত শনিবাৰে ৭০ শতাংশ দোকানৰ ছাটাৰ বন্ধ থাকিল৷ খিলঞ্জীয়াপ্ৰধান বৰবৰুৱা এলেকাতো ঈদৰ সময়তো অচল হৈ পৰিল জনজীৱন৷ পথৰ পৰা অন্তৰ্ধান হৈ গ’ল বেছিভাগ গাড়ী৷
গুৱাহাটীত ঈদৰ দিনটোত সৰহসংখ্যক বাণিজ্যিক প্ৰতিষ্ঠানেই বন্ধ থাকিল৷ কাপোৰৰ দোকানৰ পৰা ফল-মূলৰ বেপাৰীলৈ সকলোৱে ঈদৰ দিনটোত ছুটী ল’লে৷ আম কিনিবলৈয়ো এখনো ফলৰ দোকান গুৱাহাটীত নোহোৱা হৈ গ’ল৷ আনকি ৰৈ গ’ল বিল্ডাৰৰ কাম৷ এপাৰ্টমেণ্ট সাজি থকা বিল্ডাৰে জনোৱা মতে তেওঁৰ অধীনত কাম কৰি থকা ৯০ শতাংশ মজদুৰেই হ’ল মিঞা৷ তেওঁলোকে বকৰিদৰ বাবে ছুটী লৈ ঘৰলৈ যোৱাৰ বাবে নিৰ্মাণ বন্ধ হৈ গ’ল৷
ডিব্ৰুগড়তো একে দৃশ্য দেখা গৈছে৷ হিন্দু সংগঠনে গৰু কুৰবানিক লৈ চিঞৰি থকা সময়ত মিঞা মজদুৰে ডিব্ৰুগড়ৰ চৰকাৰী প্ৰকল্পৰে কাম ৰখাই দিছে৷ ঈদৰ বাবে শ্ৰমিকে ছুটী লৈছে বুলি জনাইছে ঠিকাদাৰে৷
নগাঁৱতো ঈদৰ দিনটোত বন্ধ গ’ল প্ৰাত্যহিক জীৱন৷ আন নালাগে, নগাঁৱৰ পথত নোহোৱা হৈ গ’ল বেটেৰী ৰিক্সা৷ মিঞা চালকে ঈদৰ দিনটোত কাম নকৰিলে৷ সেয়ে বন্ধ হ’ল যাতায়াত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial