পিকনিক স্থলীত বিশাল মিঞা বস্তি

মেৰাপানীৰ নেঘেৰী বিল অতীত হ’ল৷ নেঘেৰী বিলত বহিল মিঞা বস্তি৷ গোলাঘাটৰ ঐতিহাসিক বিলখন এফালৰ পৰা পুতি পেলোৱা হ’ল৷ হিন্দুত্ববাদীয়ে গৰু মাংসক লৈ পোহাৰি চুপতি মাৰি থকা সময়তে নেঘেৰী বিলত খুঁটি পুতি বহিল মিঞা৷
মেৰাপানীৰ নেঘেৰী বিল কিছুদিন আগলৈ আছিল পিকনিক স্থলী৷ নৈসৰ্গিক শোভাৰ বাবে তাত গোট খাইছিল অজস্ৰ লোক৷ সেয়ে নেঘেৰী বিল চাফা কৰি ৰাখিবলৈ স্থানীয় লোকে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল৷ কিন্তু বৰ্তমান নেঘেৰী বিলৰ পূৰ্বৰ সৌন্দৰ্য নাই৷
পক্ষী উদ্যান হিচাপে জনাজাত হৈ পৰা নেঘেৰী বিললৈ সমাগম ঘটিছিল পৰিভ্ৰমী চৰাইৰ৷ কিন্তু মিঞাই বিলখনৰ এফাল পুতি পেলালে৷ তাত নিৰ্মাণ কৰা হ’ল স্থায়ী ঘৰ৷ ফলত আগৰ দৰে পৰিভ্ৰমী পক্ষীৰো আগমন নঘটা হ’ল৷
নেঘেৰী বিল পূৰ্বৰ পৰা জলচৰ প্ৰাণীৰ নিৰাপদ আৱাস হিচাপেও জনাজাত আছিল৷ পিছে বৰ্তমান নেঘেৰী বিলত জলচৰ প্ৰাণীও অস্তিত্বৰ সংকটত৷ কাৰণ বিলখনক ঘেৰি লৈ ঘৰ সাজিছে সন্দেহজনক লোকে৷
তেওঁলোকে নেঘেৰী বিলৰ বেছিভাগ এলেকাই পুতি পেলাইছে৷ সেই বিশাল এলেকাত পূৰ্বে জনবসতি নাছিল৷ কিন্তু বৰ্তমান সেই এলেকাটো মিঞা বস্তি হৈ পৰিছে৷ সহস্ৰাধিক মিঞা লোকে নেঘেৰী বিল দখল কৰি পকীঘৰো নিৰ্মাণ কৰিছে৷
বৰ্তমানলৈ বেদখল উচ্ছেদ কৰিবলৈ প্ৰশাসনে ব্যৱস্থা লোৱা নাই৷ আমাৰ ওচৰত নেঘেৰী বিল নিৱাসী মিঞা লোকে প্ৰকাশ কৰা মতে তেওঁলোকৰ আছে তৌজী পত্তা৷ অৰ্থাৎ মাটি আনৰ পৰা কিনি লোৱা বুলি দখলদাৰীয়ে দাবী কৰিছে৷ কিন্তু প্ৰশ্ন হয়- চৰকাৰী বিল পুতি মাটি বেচিবলৈ কোনে অধিকাৰ পালে?
মেৰাপানীৰ প্ৰকৃতিৰ ৰম্যপুৰীলৈ পিকনিক দলৰ সংখ্যাও এইবছৰ হ্ৰাস পাইছিল৷ কাৰণ পূৰ্বৰ নিজান এলেকাৰ চৌদিশে বহিছে মিঞা বস্তি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial