নিশা মাতি নি বেংকৰ দা লৈ খেদে স্বামীয়ে

নিশা কিস্তিৰ পইচা আনিবলৈ গৈছিল বেংকৰ এজেণ্ট
গাঁৱবাসীয়ে ধৰিলে লপা-থপা দিলে ৰিক’ভাৰী এজেণ্টক
কিন্তু ঘটনাটোত আছে এটা টুইষ্ট
হোজাইৰ কপাহবাৰী গাঁৱৰ পৰা নিশা কিস্তিৰ ধন আনিবলৈ গৈছিল বেংকৰ এজেণ্ট৷ ধৰুৱা মহিলাই নিশাহে কিস্তিৰ পইচা দিব বুলি জনাইছিল৷ সেয়ে পইচা সংগ্ৰহ কৰিবলৈ ৰিক’ভাৰী এজেণ্ট ৰাতি গৈছিল৷ তেওঁলোকে নিশা পইচা নাপালে৷ গাঁৱত সোমাই চৰ-লাঠীহে খাবলগীয়া হ’ল বেংকৰ এজেণ্টে৷
এই ঘটনাটোৰ ভিডিঅ’ কৰি থ’লে গাঁৱৰ ৰাইজে৷ অসমৰ এচাম পুৰুষে যে পত্নীক ধন উপাৰ্জনৰ আহিলা হিচাপে গণ্য কৰিছে সেই কথা ভিডিঅ’টোৱে প্ৰতিপন্ন কৰিলে৷ বেংকৰ পৰা ঋণ লৈ ঘূৰাই দিবলৈ নিবিচৰা পুৰুষে মহিলাৰ আঁৰ লৈ এনে অপকৰ্ম কৰিবলৈ ধৰিছে৷
এই ভিডিঅ’ত দেখা পোৱা ৰিক’ভাৰী এজেণ্টে কেবাবাৰো পইচা আদায় কৰিবলৈ চেষ্টা কৰিছিল৷ বাৰম্বাৰ খুজিও বন্ধন বেংকৰ ঋণ আদায় কৰিব নোৱাৰিলে৷ শেষত ঋণৰ ধন নিশা আদায় দিম বুলি মহিলাগৰাকীয়ে ৰাতি অপমানিত কৰিলে এজেণ্টক৷
তেওঁলোকৰ ষড়যন্ত্ৰত স্বামী জড়িত হৈ আছে৷ সেইসকলে আকৌ বেংকৰ চিবিল স্ক’ৰৰ কথা নাজানে৷ এবাৰ ঋণ ল’লে ঘূৰাই দিয়াৰ নামেই নলয় তেওঁলোকে৷ মুছলমান গাঁৱখনৰ কেবাগৰাকী মহিলাই ঋণ লৈ ঘূৰাই দিয়া নাই বুলি জানিব পৰা গৈছে৷
গাঁৱখনৰ পুৰুষসকলে পত্নীৰ হতুৱাই বেংকৰ পৰা ঋণ লোৱায়৷ শেষত পত্নীক ঢাল কৰি মহিলাক অপমানৰ খেল খেলে পুৰুষসকলে৷ তাৰ পিছত অপমানিত কৰে বেংকৰ ৰিক’ভাৰী এজেণ্টক৷ কিস্তি আনিবলৈ যোৱা এজেণ্টক দা লৈ খেদাৰো উদাহৰণ সেইখন গাঁৱত আছে৷
বাৰম্বাৰ একেটা ঘটনাৰে পুনৰাবৃত্তিৰ ফলত গাঁৱখনৰ মহিলাক বেংক কৰ্তৃপক্ষই নতুনকৈ ঋণ নিদিয়া হৈছে৷ কিন্তু আগৰ ঋণেই পৰিশোধ কৰা নাই মহিলাসকলে৷ এতিয়া ঋণ বিচাৰি গ’লে বেংক এজেণ্টৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ দিয়াৰ ভাবুকি দিয়ে মহিলাই৷ তেওঁলোকৰ স্বামীয়ে দা লৈ খেদে এজেণ্টক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial