শ্ৰীকৃষ্ণয়ো খাইছিল গৰু মাংস!
শ্ৰীকৃষ্ণৰ সৈতে ৰুক্মিণীৰ বিবাহৰ প্ৰধান ব্যঞ্জন আছিল গো-মাংস
এই ভাষ্য কিন্তু আমাৰ নহয়
যিদিনা শ্ৰীকৃষ্ণৰ বিবাহ ৰুক্মিণীৰ সৈতে হৈছিল, সেইদিনা ৰুক্মিণীৰ পিতৃয়ে ১ লাখ গৰু মাৰি ভোজ খুৱাইছিল৷- এইদৰে প্ৰথমে দাবী কৰিছিল জয়ন্ত মোহন দাস নামৰ এজন লোকে৷ তেওঁ প্ৰমাণ হিচাপে উল্লেখ কৰিছে এটা ভিডিঅ’৷
সেই ভিডিঅ’টোৰ মতে ব্ৰহ্মবৈৱৰ্ত পুৰাণতে শ্ৰীকৃষ্ণৰ বিবাহত গৰু মাংসৰে ভোজ পতাৰ উল্লেখ আছে৷ শ্ৰীকৃষ্ণ জন্মখণ্ডৰ ১০৬ নং অধ্যায়ত ৰুক্মিণীৰ বিবাহতে গো-মাংসৰে ভোজ পতাৰ আছে প্ৰমাণ৷ সেইজন বক্তাৰ মতে বৰযাত্ৰীক আপ্যায়নৰ বাবে ১ লাখ গাইগৰু বলি দিয়া হৈছিল৷
লগতে ২ লাখ শহা, ৬ লাখ নীলগাইৰ মাংসৰে বৰযাত্ৰীক আপ্যায়ন কৰিছিল ৰুক্মিণীৰ পিতৃয়ে৷ এই অচিনাকী বক্তাৰ ভাষ্যকে ভিত্তি কৰি জয়ন্ত মোহন দাসে শ্ৰীকৃষ্ণক গো খাদক হিচাপে অভিহিত কৰিছে৷
তেওঁৰ ফে’চবুক পোষ্ট শ্বেয়াৰ কৰিছে হাজাৰোধিক লোকে৷ কিন্তু এই ভাষ্যই সনাতনীৰ ধৰ্মীয় চেতনাত আঘাত হানিছে বুলি বহুতে দাবী কৰিছে৷ সেয়ে জয়ন্ত মোহন দাসৰ বিৰুদ্ধে গোচৰ তৰিবলৈয়ো প্ৰস্তুতি চলাইছে৷ কিন্তু দাস নিজৰ স্থিতি অটল হৈ আছে৷ একেদৰে নগাঁৱৰ দুলাল বৰা নামৰ লোকজনেও অনুৰূপ দাবী কৰিছে৷
দাসে আপলোড কৰা ভিডিঅ’ৰ উদ্ধৃতিৰে তেৱোঁ শ্ৰীকৃষ্ণ-ৰুক্মিণীৰ বিবাহত বৰযাত্ৰীক গো-মাংসৰে আপ্যায়ন কৰা হৈছিল বুলি দাবী কৰিছে৷ ঈদৰ দিনটোতে এই ভাষ্যই উত্তাল কৰি তুলিছে সামাজিক মাধ্যম৷ তথাপি উল্লিখিত লোক দুজনে নিজৰ স্থিতি প্ৰত্যাহাৰ কৰা নাই৷ আজি আকৌ গ্ৰেপ্তাৰ হৈছে দুলাল বৰা৷
গৰু মাংসকেন্দ্ৰিক বিতৰ্কত উত্তাল সামাজিক মাধ্যম
