কেনেকৈ ডাম্পাৰ চলায় চাওক
দ্ৰুতবেগী ডাম্পাৰৰ পৰাই দিয় চাদাৰ পেকেট৷ যমদূতৰ দৰে হৈ পৰা ডাম্পাৰৰ চেঙেলীয়া ড্ৰাইভাৰে ৰাস্তাৰ মাজতে গাড়ী ৰখাই দিয়ে৷ আগে-পিছে থকা গাড়ীৰ কথা চিন্তা নকৰি চলন্ত ডাম্পাৰৰ পৰাই আদান-প্ৰদান কৰে চাদাৰ পেকেট৷ খিৰিকীৰে চিনাকী ড্ৰাইভাৰলৈ চাদা আগবঢ়াই দিয়ে ড্ৰাইভাৰে৷
এইসকল ড্ৰাইভাৰৰ বাবেই যে ডাম্পাৰ যমদূত হৈ পৰিছে সেয়া ভিডিঅ’টো দেখিয়েই ধৰিব পাৰি৷ তেওঁলোকে পথত আন গাড়ী চলি আছে বুলি গণ্যই নকৰে৷ মন গ’লেই ব্যস্ত ৰাজপথৰ মাজতে ৰখাই দিয়ে ডাম্পাৰ৷ চাদা খাবলৈ মন গ’লেও মানুহ খুন্দিয়াবলৈ কুণ্ঠাবোধ নকৰে ড্ৰাইভাৰে৷
মানুহ মহতিয়াই ডাম্পাৰ চলাই তেওঁলোকে আন ড্ৰাইভাৰৰ পৰা লয় চাদাৰ পেকেট৷ আমি কেমেৰাত বন্দী কৰা এই দৃশ্যটোৱেই ডাম্পাৰ চালকৰ বেপৰোৱা মনোভাৱ প্ৰকাশ কৰিছে৷
তেওঁলোকে ৰাস্তাৰ মাজতে গাড়ী ৰখাই চাদাৰ পৰা মদৰ বটললৈ সকলোৰে আদান-প্ৰদান কৰে৷ খিৰিকীৰে ইজনে সিজনক দিয়ে দৰকাৰী সামগ্ৰী৷ এইসকল ড্ৰাইভাৰৰ বেছিভাগৰে লাইচেন্সো নাই৷ তথাপি নিৰ্ভয়ে গাড়ী চলাই থাকে ড্ৰাইভাৰে৷
মালিকৰ সাহসত নিৰ্ভয়ে ৰাস্তাত মানুহ মহতিয়াই ফুৰিছে ডাম্পাৰৰ চেঙেলীয়া ড্ৰাইভাৰে৷ তেওঁলোকে চাইকেলৰ দৰে চলাইছে ডাম্পাৰ৷ বিশেষ লাল চুলিৰ বিষয়াক মালিকে দিয়া পইচাৰ দ’মত মানুহ খুন্দিয়াবলৈ ভয়েই নকৰা হৈছে ডাম্পাৰ চালকে৷
খিৰিকীৰে ড্ৰাইভাৰে দিয়ে মদৰ বটল
