অতিভক্তি চোৰৰ লক্ষণ
ৰাধে ৰাধে বুলি কৈ আনৰ গিৰিয়েকক চুৰি কৰি নিলে জুনমণি মহন্তই
এইগৰাকী জুনমণি মহন্ত৷ তেওঁৰ মুখৰ পৰা হৰিনাম নুগুচেই৷ মন্দিৰত শৰাই দি ফুৰে জুনমণিয়ে৷ কিন্তু তেৱেঁই আকৌ হায়দৰাবাদলৈ পলুৱাই নিলে এজন বিবাহিত পুৰুষক৷ পত্নী আৰু সন্তানৰ পৰা আঁতৰাই জুনমণিয়ে সেইজনক পলুৱাই লৈ গ’ল৷ এতিয়া হায়দৰাবাদত নতুন স্বামীৰ সৈতে সংসাৰ তৰিছে জুনমণিয়ে৷ ইফালে দুখ কুলাই-পাচিয়ে নধৰা হৈছে জুনমণিয়ে চুৰ কৰি নিয়া স্বামীৰ পত্নীৰ৷
অলপ কথাখিনি শুনক
বজাই দিব অলপ আৰম্ভণিতে
কথা কৈ থকা মহিলাগৰাকী জুনমণিয়ে পলুৱাই নিয়া লোকজনৰ পত্নী৷ তেওঁৰে স্বামী হৈছে মাজুলীৰ জিৎ ওৰফে বলীন শইকীয়া৷ হায়দৰাবাদত কাম কৰি জিতে পৰিয়াল পোহপাল দিছিল৷ জুনমণিৰ সৈতে চিনাকি হোৱাৰ আগলৈ তেওঁৰ সংসাৰখন সুখৰে আছিল৷ সংযোগবশতঃ জুনমণিৰ সৈতে চিনাকি হোৱাৰ পিছতে জিৎ পিছল খালে৷
তেওঁ পত্নীক প্ৰহাৰ কৰি জুনমণিক পলুৱাই লৈ গ’ল৷ তেতিয়াৰ পৰা পত্নীলৈ পিঠি দিছে জিতে৷ জুনমণিৰ সৈতে নিজে হায়দৰাবাদত হাঁহি-ধেমালি কৰি আছে৷ ঘৰত ইফালে কান্দি আছে পত্নীয়ে৷ জুনমণিৰ সৈতে স্বামীৰ প্ৰেমৰ কথা আগতেই জানিছিল পত্নীয়ে৷ কিন্তু ধৰা পেলোৱাৰ পিছত জিতে উগ্ৰমূৰ্তি ধাৰণ কৰিলে৷ পত্নীক ঘৰতে ঘুঁচিয়াই ডিঙি ভাঙি দিলে৷ জুনমণি নামৰ মহিলাগৰাকীক সত্যজিতে নিজৰ পাতি লোৱা বাইদেউ বুলিহে কৈছিল৷ ফে’চবুকত ফটোও দিছিল দুয়োজনে৷
এগৰাকী মহিলাৰ জীৱনটো ধ্বংস কৰি জুনমণি পৰকীয়া প্ৰেমত লিপ্ত হৈছে৷ উপায় নাপাই জুনমণিৰ প্ৰেমিকৰ পত্নীয়ে গোচৰ ৰুজু কৰিছে৷ অৱশ্যে জুনমণিৰ স্বামী কেইজন সেয়া ফল’ৱাৰ্ছে নাজানে৷ তেওঁৰ প্ৰথম স্বামীৰ সৈতে ইতিমধ্যে বিবাহ বিচ্ছেদ আছে৷ সেইফালৰ পৰাও দুই কন্যা আছে জুনমণিৰ৷
কিন্তু জুনমণিক প্ৰথম স্বামীয়ে সন্তুষ্ট কৰিব নোৱাৰিলে৷ তদুপৰি জুনমণিৰ কন্যায়ো আকেৌ মাকৰ পৰকীয়া প্ৰেমৰ কথা জানে৷ ডাঙৰ জীয়েকে মাকক পৰকীয়া প্ৰেম কৰিবলৈহে উচটনি দিয়ে৷ মুঠতে জুনমণি আখ্যান কৈ কৈ শেষ কৰিব নোৱাৰি৷ তথাপি জুনমণিয়ে নাচি আছে৷ হায়দৰাবাদৰ ফুটপাথত ৰীল বনাই আছে জুনমণিয়ে৷
লোকৰ স্বামীক থপিয়াই নি হায়দৰাবাদত পাৰ্টী কৰিছে জুনমণিয়ে
