গোলাঘটীয়া মাষ্টৰৰ জীয়েক নম্ৰতাই অকলে খাব পাৰিছিল এটা হাফ৷ মদ খাই ৰাস্তাই-ঘাটে অতপালি কৰি ফুৰাৰ বাবে বেছ পৰিচিত হৈ পৰিছিল নম্ৰতা৷ মৃত্যুৰ এশপ্তাহ পূৰ্বে নুনমাটিত মাতলামী কৰিছিল নম্ৰতাই৷ হঠাতে ছেক্স ছিণ্ডিকেটৰ সদস্য হৈ পৰিছিল নম্ৰতা৷ MLAৰ বিল্ডাৰ পুতেকৰ উপৰি অসংখ্য সংগী আছিল নম্ৰতাৰ৷ নামৰ সৈতে তেওঁৰ কামৰ একোৱেই মিল নথকা হৈছিল৷
পুৰুষৰ সমানে মদ্যপান কৰিব পৰা বাবে নম্ৰতাক মৃগাংক-আনায়াতুলহঁতে বেছিকৈ গুৰুত্ব দিছিল৷ পিছে জীৱনৰ শেষৰ দিনকেইটাত বেছিকৈ উৎপাত বাঢ়িছিল নম্ৰতাৰ৷ প্ৰায় ১০ দিন পূৰ্বে নুনমাটিত নিশা ২ বজালৈ নম্ৰতাই মদ্যপান কৰিছিল৷ মাজৰাতি উবেৰ ড্ৰাইভাৰক থপৰিয়াই দিছিল নম্ৰতাই৷
সেইদিনা দোভাগ নিশা মাতাল হৈ ফ্লেটলৈ উভতিছিল নম্ৰতা৷ লগত আছিল দুই বান্ধৱী৷ কিন্তু উবেৰ চালকৰ সৈতে মনোমালিন্য হৈছিল নম্ৰতাৰ৷ তেতিয়া নিচাতে নম্ৰতাই চালকজনক ঘোচা মাৰি দিছিল৷ নিচাত উন্মাদ হৈ থকা নম্ৰতাই গাড়ীতে কৰিছিল বমি৷ আকৌ মদ বিচাৰি দিবলৈ উবেৰ চালকক হাৰাশাস্তি কৰিছিল নম্ৰতাই৷ সেই নিৰ্দেশ নমনাৰ বাবে অশ্লীল গালি পাৰিছিল৷
উপায়ন্তৰ হৈ উবেৰ চালক নুনমাটি আৰক্ষীৰ কাষ চাপিছিল৷ তেতিয়া আৰক্ষীয়ে ভৱিষ্যতে উপদ্ৰৱ নকৰে বুলি নম্ৰতাৰ জবানবন্দী লিখাই লৈছিল৷ নম্ৰতাই চহী কৰা বাবেহে থানাৰ পৰা ওলাবলৈ দিছিল নুনমাটি পুলিচে৷ কিন্তু জবানবন্দী লিখিও নম্ৰতা নম্ৰ নহ’ল৷
জীৱনৰ শেষসময়ত নম্ৰতা হৈ পৰিছিল বেছি উদণ্ড৷ আনায়াতুলৰ কোলাত বহি ছিলঙলৈ যোৱা বান্ধৱীৰ সৈতে সদায়েই টেঁটুৰ গুৰিলৈ মদ্যপান কৰিছিল নম্ৰতাই৷ ঘৰত কিন্তু এইবোৰ কথা কোৱা নাছিল৷ গোলাঘাটৰ ঘৰলৈ বিহুতো যোৱা নাছিল নম্ৰতা৷ গুৱাহাটীতে মদ খাই পাৰ কৰিছিল সময়৷
নুনমাটি থানাৰ পুলিচে লৈছিল নম্ৰতাৰ জবানবন্দী
