দেশ চাই ভেশ ধৰে নৰেন্দ্ৰ মোদীয়ে৷ কেতিয়াবা কলকাতাৰ ট্ৰামত ভ্ৰমণ কৰা বুলি মোদীয়ে সাধু কয়৷ বাংলাদেশৰ মুক্তিযুদ্ধতো অংশগ্ৰহণ কৰাৰ মনেসজা কাহিনীও মোদীয়ে কয়৷ কিন্তু নিজে কিমান পঢ়া সেইটোহে মোদীয়ে নিৰ্দিষ্টকৈ ক’ব পৰা নাই৷
আপুনি বিশ্বাস নকৰিব পাৰে
এণ্টায়াৰ পলিটিকেল ছাইন্সত বি এ পাছ বুলি দাবী কৰা মোদী একালত মেকানিকেল ইঞ্জিনীয়াৰো আছিল৷ অৱশ্যে মোদীয়ে সঁচাকৈ ইঞ্জিনীয়াৰিং পঢ়া নাছিল৷ কিন্তু ১৯৯২ চনত মোদীয়ে মেকানিকেল ইঞ্জিনীয়াৰৰ ভাও জুৰিছিল৷ কানাড়া আলোচনী তৰংগনাৰ সৈতে হোৱা সাক্ষাৎকাৰত নিজকে মেকানিকেল ইঞ্জিনীয়াৰ বুলিয়েই অভিহিত কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷
সেইবাৰ সাংবাদিকে বাৰে বাৰে মোদীক প্ৰশ্ন কৰিছিল৷ কিন্তু গুজৰাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লাভ কৰা বুলি মোদীয়ে কৰিছিল দাবী৷ য’তে ত’তে চাকৰিও কৰা বুলি মোদীয়ে সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল৷
তেতিয়া মোদী আছিল RSSৰ প্ৰচাৰক৷ তাৰ কিছুদিনৰ পিছতে আকৌ এটা সাক্ষাৎকাৰত মোদীয়ে অষ্টম শ্ৰেণীলৈ পঢ়া বুলি প্ৰকাশ কৰিছিল৷ তাৰ পিছতে শিক্ষা জীৱন সামৰি তপস্যা কৰিবলৈ যোৱা বুলি প্ৰকাশ কৰিছিল মোদীয়ে৷ মুঠতে মোদীয়ে দেশ চাই ভেশ ধৰি আহিছে৷
আৱিষ্কাৰৰ পূৰ্বেই ইমেইল ব্যৱহাৰ কৰা প্ৰধানমন্ত্ৰীয়ে আশীৰ দশকতে ডিজিটেল কেমেৰাৰেও ফটো তুলিছিল৷ একেদৰে দিল্লী বিশ্ববিদ্যালয়তো পলিটিকেল ছাইন্স পঢ়িছিল মোদীয়ে৷ মুঠতে মোদীয়ে কিমান কি পঢ়িলে সেয়া যেন নিজেও নাজানে৷
কিমান পঢ়িছিল নিজেও নাজানে মোদীয়ে
