মই একো ভুল কৰা নাই৷ মই জানি-শুনি ভুল কৰা নাছিলোঁ৷ কিয় মোৰ চৰিত্ৰহনন কৰা হ’ল!
এই প্ৰশ্ন চুমি বৰাৰ৷ জে’লৰ পৰা মুক্ত হ’লেও নাচনী চুমি শান্ত হোৱা নাই৷ অসমৰ মিডিয়াৰ প্ৰতি খঙত উতলি আছে চুমি বৰা৷ পাতি লোৱা ভায়েক বিশালৰ সৈতে সম্পৰ্কক লৈ ওলোৱা বাতৰি দেখি কান্দি পেলাইছে চুমিয়ে৷
অতদিনে জে’লত থকা বাবে চুমিয়ে দেখা নাছিল টিভি অথবা প’ৰ্টেলৰ বাতৰি৷ তেওঁৰ যে ইমান চৰিত্ৰহনন কৰা হৈছে সেয়া চুমিয়ে এতিয়াহে গম পাইছে৷ তেওঁৰ হট ভিডিঅ’ বজাই পৰিৱেশন কৰা বাতৰি দেখি চকুপানী ওলাই গৈছে নাচনী চুমিৰ৷ ব্যক্তিগত জীৱনৰ কথা ফাদিল কৰি দিয়া বাবে সাংবাদিকৰ ওপৰত খং উঠিছে চুমি বৰাৰ৷
তেওঁ কৈছে- মইটো একো ভুল কৰা নাছিলোঁ
লুভীয়া মানুহৰ ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভায়েকক মাত্ৰ সহায় কৰি দিছিল চুমিয়ে৷ তাৰ পিছতো গ্ৰেপ্তাৰ হৈ ৮ মাহে তেওঁ জে’লত থাকিবলগীয়া হ’ল৷ এই কথাটো কোনেও বুজি পোৱা নাই বুলি কান্দি পেলাইছে চুমি বৰাই৷
দৃঢ়মনা চুমিয়ে আগতে নাকান্দিছিল৷ জীৱনৰ যিকোনো সমস্যাৰ সৈতে সাহসেৰে মোকাবিলা কৰাটোৱেই আছিল চুমিৰ অভ্যাস৷ কিন্তু এইবাৰ চৰিত্ৰ হনন কৰা দেখি চুমিৰ চকুপানী ওলাই গৈছে৷ ডিব্ৰুগড়ৰ জীয়ৰী চুমি বৰাই বাণীপুৰৰ ঘৰত হুকহুকাই কান্দিছে৷ চুমিয়ে নিজকে নিজে কৈছে
মই কি দোষ কৰিছিলোঁ
জে’লত থকা সময়ছোৱাৰ কথা এতিয়াও মনত পেলাইছে চুমি বৰাই৷ তেওঁ আকৌ কৰিছে নৃত্যৰ অনুশীলন৷ ব’হাগত বিহু নাচিবলৈ নাপালে৷ তথাপি লাহে লাহে ইনষ্টাগ্ৰামলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ মন বান্ধিছে চুমিয়ে৷ ইনষ্টাগ্ৰামত চুমিৰ প্ৰফাইল পিকছাৰো সলনি কৰিছে৷ কিছুদিনৰ পিছতে চুমিয়ে ইনষ্টাগ্ৰামৰ ফল’ৱাৰ্ছৰ বাবে ৰীল বনাব৷ আকৌ নাচিব চুমিয়ে৷
সেয়ে জে’লৰ পৰা ওলোৱাৰ দিনধৰি নৃত্যৰ অনুশীলন কৰি আছে চুমি বৰাই৷ তেওঁ সাহস হেৰুৱাই পেলোৱা নাই৷ মধ্যবিত্ত ঘৰৰ পৰা গৈ গুৱাহাটীত প্ৰতিষ্ঠিত হোৱা চুমিয়ে আকৌ এঘড়ী যুঁজ দিব৷
কান্দি কান্দি চুমিৰ বৰাৰ সাংবাদিকক প্ৰশ্ন
