অহাবাৰলৈ IPL খেলিব অসমৰ দলে৷ কাজিৰঙা ৰাইন’জ নামৰ দলটোৱে ২০২৬ৰ IPLত অংশগ্ৰহণ কৰিব৷ অৱশ্যে এই দলটো গঠন কৰিবলৈ যোৱাবাৰেই প্ৰস্তুতি আৰম্ভ হৈছিল৷ কিন্তু স্পনছ’ৰৰ সমস্যাৰ বাবে অসমৰ দল গঠন কৰিব নোৱাৰিলে আদানি স্পৰ্টছলাইনে৷ কিন্তু এইবাৰ স্থানীয় বিনিয়োগকাৰীৰ সহায়ত কাজিৰঙা ৰাইন’জ গঠনৰ আগতীয়া প্ৰস্তুতি চলোৱা হৈছে৷ আদানি স্পৰ্টছলাইনে অসমৰ ব্যৱসায়ীৰ সৈতে মিলি দলটো গঠন কৰিব বুলি প্ৰকাশ কৰিছে উচ্চস্তৰীয় সূত্ৰই৷
IPLৰ নতুন দলটোৰ বাবে আদানি স্পৰ্টছলাইনে অসমৰ বিনিয়োগকাৰীক সহযোগী হিচাপে বাছনি কৰিছে৷ তেওঁলোকৰ সৈতে শীঘ্ৰে আদানি গ্ৰুপে যোগাযোগ কৰিব৷ যিহেতু বহিৰাগত ব্যৱসায়ীয়ে নিজাববীয়াকৈ গঠন কৰিলে দলটোৰ প্ৰতি স্থানীয় ক্ৰিকেট অনুৰাগীৰ সমাদৰৰ সম্ভাৱনা কম, সেয়ে আদানি স্পৰ্টছলাইনে বিচাৰিছে স্থানীয় বিনিয়োগকাৰী৷ অসমত ক্ৰিকেটৰ প্ৰতি উৎসাহৰ বাবে স্থানীয় ক্ৰিকেটাৰো বাছনিৰ প্ৰস্তুতি চলাইছে মূল মালিকপক্ষই৷
সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি আদানি স্পৰ্টছলাইনে প্ৰথমে যোগাযোগ কৰিব অসমৰ ঠিকাদাৰ ভাগ্য কলিতাক৷ যদি তেওঁ সঁহাৰি জনায়, তেন্তে আদানি গ্ৰুপে সহযোগী বিনিয়োগকাৰী হিচাপে ভাগ্য কলিতাকো মালিকপক্ষত অন্তৰ্ভুক্ত কৰিব৷ ঠিকাদাৰ অনুপম শৰ্মাৰ সৈতেও আদানি স্পৰ্টছলাইনে যোগাযোগ কৰাৰ সম্ভাৱনা আছে৷ তেওঁৰ পৰাও বিনিয়োগৰ সহায় বিচাৰিব পাৰে আদানি গ্ৰুপে৷
একেদৰে কাজিৰঙা বিশ্ববিদ্যালয়ৰ মালিকপক্ষক আদানি স্পৰ্টছলাইনে সহযোগী হিচাপে বিচাৰিব৷ কাজিৰঙা ৰাইন’জ নামৰ দলটোৰ স্বত্ত্বাধিকাৰী হ’বলৈ আদানি গ্ৰুপে প্ৰতিষ্ঠানটোক কৰিব অনুৰোধ৷ বিশেষ সূত্ৰই বদৰুদ্দিন আজমলৰো বিনিয়োগৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ আজমল গ্ৰুপক আদানি স্পৰ্টছলাইনে IPLৰ ফ্ৰেন্সাইজ ক্ৰয়ত জড়িতকৰণৰ সম্ভাৱনা আছে৷
খবৰ অনুসৰি আন কেবাগৰাকী বিনিয়োগকাৰীয়ে আদানি স্পৰ্টছলাইনৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে৷ তেওঁলোকে প্ৰধান বিনিয়োগকাৰী হিচাপে আদানি গ্ৰুপকে বিচাৰিছে৷ যিদৰে বিনিয়োগকাৰীৰ ধনেৰে শ্বাহৰুখ খান অথবা প্ৰীতি জিণ্টাই দল আছে, সেইদৰে আদানি গ্ৰুপকো অসমৰ প্ৰভাৱশালী ব্যৱসায়ীয়ে সহযোগিতা কৰিব৷ সকলো ঠিকে থাকিলে অহাবছৰলৈ IPL খেলিব অসমৰ দলটোৱে৷
অৱশ্যে কাজিৰঙা ৰাইন’জ বুলি নিৰ্ধাৰণ কৰা হৈছে যদিও সলনি হ’ব পাৰে দলটোৰ নাম৷ কাজিৰঙা টাস্কাৰ্ছ হিচাপে অসমৰ IPL দলৰ নামকৰণ হ’ব পাৰে৷ কিন্তু নামৰ সৈতে যে কাজিৰঙা জড়িত থাকিবই সেয়া নিশ্চিত কৰিছে আদানি স্পৰ্টছলাইনে৷
অসমৰ বিনিয়োগকাৰীৰ সহায়ত আদানি গ্ৰুপৰ দল
