হজৰত মহম্মদৰ বিষয়ে অপমানজনক মন্তব্য

পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে কটু কথা কোৱাৰ পিছতো জামিন লাভ কৰিলে শৰ্মিষ্ঠা পানোলিয়ে৷ হজৰত মহম্মদক আক্ৰমণকাৰী হিচাপে অভিহিত কৰাৰ পিছতো তেওঁ মুক্তি লাভ কৰিলে৷ পুনেৰ আইনৰ ছাত্ৰীগৰাকীয়ে এটা ভিডিঅ’ত মহম্মদক জেহাদী বুলি অভিহিত কৰিছিল৷ সেইবাবে তেওঁক পুনেৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কলকাতা আৰক্ষীয়ে৷ কিন্তু হাইক’ৰ্টে তেওঁক মুক্তি প্ৰদান কৰিলে৷শৰ্মিষ্ঠাক মুক্তি দিয়াৰ লগতে আদালতে নিৰাপত্তা প্ৰদান কৰিবলৈয়ো হাইক’ৰ্টে নিৰ্দেশ দিছে৷ গতিকে আৰক্ষীয়ে শৰ্মিষ্ঠাক উপযুক্ত সুৰক্ষা দিব লাগিব৷ অৱশ্যে ২২ বছৰীয়া যুৱতীগৰাকীৰ পাছপ’ৰ্ট জব্দ কৰা হৈছে৷ গতিকে তেওঁ এই সময়ছোৱাত বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷
তেওঁৰ বিৰুদ্ধে কঠোৰ গোচৰ ৰুজু কৰা হৈছিল৷ ইছলামধৰ্মীৰ ধৰ্মীয় আৱেগত আঘাত হনাৰ পিছতো শৰ্মিষ্ঠা নামৰ আইনৰ ছাত্ৰীগৰাকীক ন্যায়ালয়ে জামিন প্ৰদান কৰিছে৷ একেসময়তে যশ কুমাৰ নামৰ এজন হিন্দু যুৱকেও পয়গম্বৰৰ প্ৰতি কটু বাক্য প্ৰয়োগ কৰিছে৷ সেইজন যুৱকেও হজৰত মহম্মদক জেহাদী হিচাপে অভিহিত কৰি বাৰম্বাৰ আপলোড কৰিছে ভিডিঅ’৷ তথাপি গোচৰ ৰুজু হোৱা নাই৷
হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত যশ কুমাৰে বহুদিনৰ পৰা হজৰত মহম্মদৰ প্ৰতি অপমানজনক মন্তব্য কৰি আহিছে৷ শেহতীয়াকৈ তেওঁ অতিক্ৰম কৰিছে সীমা৷ এটা ভিডিঅ’ত পয়গম্বৰ মহম্মদক আক্ৰমণকাৰী বুলি অভিহিত কৰিছে হিন্দুত্ববাদী যশ কুমাৰে৷ তেওঁৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে৷ বিজেপিশাসিত মহাৰাষ্ট্ৰত নিৰ্বিঘ্নি ইছলামবিৰোধী মন্তব্য কৰি আছে লোকজনে৷
এই দুই লোকক কেন্দ্ৰ কৰি দেশত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হৈছে৷ তেওঁলোকৰ বাবে উত্তাল হৈ পৰিছে মহাৰাষ্ট্ৰ৷ তথাপি বিজেপি চৰকাৰে ইছলামবিৰোধী যশ আৰু শৰ্মিষ্ঠাৰ প্ৰতি নমনীয় মনোভাৱ পোষণ কৰিছে৷ সেয়ে উত্তেজিত হৈ পৰিছে মুছলমান সমাজ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial