IPLৰ পৰা BCCIৰ ৬,০০০ কোটি টকা উপাৰ্জন

IPLৰ খিতাপ জয় কৰাৰ লগে লগে আৰ চি বিয়ে লাভ কৰে ২০ কোটি টকাৰ বিজয়ী পুৰস্কাৰৰ লগতে সোণালী ট্ৰফী৷ আনহাতে ৰানাৰ আপ হৈও পিবিকেএছে লাভ কৰে ১২.৫ কোটি টকা৷
তৃতীয় স্থান দখল কৰা মুম্বাই ইণ্ডিয়ান্‌ছে লাভ কৰে ৭ কোটি আৰু চতুৰ্থ স্থানৰ দল গুজৰাট টাইটান্‌ছে লাভ কৰে ৬.৫০ কোটি টকা৷ ইয়াৰ বিপৰীতে ছিজনত সৰ্বাধিক ৭৫৯ ৰান সংগ্ৰহ কৰা গুজৰাটৰ সাই সুদৰ্শনে অৰেঞ্জ কেপ লাভ কৰাৰ বিপৰীতে সৰ্বাধিক ২৫ উইকেট দখল কৰা প্ৰসিদ্ধ কৃষ্ণই পাৰ্পল কেপ লাভ কৰে৷
১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ হিচাপে নিৰ্বাচিত কৰা হয়৷ কেৱল এয়াই নহয় সৰ্বাধিক ব্যক্তিগত বঁটা লাভ কৰে গুজৰাটৰ অপেনাৰ সাই সুদৰ্শনে৷ অৰেঞ্জ কেপৰ উপৰি আলটিমেট ফেণ্টাছী প্লেয়াৰ অৱ দ্য ছিজন, ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন আৰু মষ্ট বাউণ্ডেৰী বঁটাও প্ৰদান লাভ কৰে যুৱ বেট্‌ছমেনগৰাকীয়ে৷
আনহাতে প্ৰতিযোগিতাখনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ হিচাপে পৰিগণিত হয় মুম্বাইৰ সূৰ্যকুমাৰ যাদৱ৷ লক্ষ্ণৌৰ নিকোলাছ পুৰাণক মষ্ট ছিক্স হিটাৰ বঁটা, গুজৰাটৰ মহম্মদ ছিৰাজক গ্ৰীন ডট বল বঁটা আৰু হায়দৰাবাদৰ কামিন্দু মেণ্ডিছক শ্ৰেষ্ঠ কেচ বঁটাৰে সন্মানিত কৰা হয়৷
এইবাৰ আই পি এলৰ পৰা আনুমানিক ৬,০০০ কোটি উপাৰ্জন কৰিলে বি চিচি আয়ে৷ যি হৈছে ইতিহাসৰ ভিতৰতে সৰ্বাধিক৷
আনহাতে ৰক্তক্ষয় অবিহনে ইতিহাসত প্ৰথমবাৰলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এলৰ খিতাপ জিনিলে, পিছে দলটোৰ বিজয়োৎসৱ হৈ পৰিল ৰক্তাক্ত৷ বিৰাট কোহলিৰ সৰ্বোত্তম প্ৰাপ্তিৰ সময়ছোৱাক মাতাল অনুৰাগীয়ে মৰণৰ উৎসৱলৈ পৰ্যৱসিত কৰিলে৷ সৰ্বাধিক ৩৫ হাজাৰ দৰ্শকে প্ৰৱেশ কৰিব পৰা চিন্নস্বামী ষ্টেডিয়ামত ৩ লক্ষাধিক লোকৰ সমাগমৰ পৰিপ্ৰেক্ষিতত পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ১১ জন লোকে৷
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১১ জন লোকেৰে খেলিয়েই বিনা ৰক্তপাতেৰে যি আৰ চি বিয়ে খিতাপ জয় কৰিছিল, সেইটো দলৰ বিজয় উৎসৱত সমসংখ্যক লোকে প্ৰাণ হেৰুৱালে৷ নিৰ্ধাৰিত সূচী অনুসৰি চেম্পিয়ন দলটো আজি গৃহ চহৰত উপস্থিত হৈছিল৷ তাৰ পিছতে খোলা বাছত উঠি কৰিছিল বিজয় সমদল৷
তেতিয়ালৈ লক্ষাধিক অনুৰাগীৰ উপস্থিতিৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণাধীনেই আছিল৷ কিন্তু চিন্নস্বামী ষ্টেডিয়ামত দলৰ প্ৰৱেশৰ পিছতে লক্ষাধিক অনুৰাগীৰ হুৱাদুৱা লাগিল৷ সকলোৱে ষ্টেডিয়ামত সোমাবলৈ চেষ্টা কৰিলে৷ তেতিয়াই পদপিষ্ট হৈ ১১ জন লোকে ত্যাগ কৰিলে শেষনিশ্বাস৷ অৰ্ধশতাধিক ক্ৰিকেট অনুৰাগী ঘটনাত আহত হ’ল৷ তাৰ পূৰ্বে কিন্তু চিন্নস্বামী ষ্টেডিয়ামত উপস্থিত হৈছিল কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ৷ তেতিয়াও কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা আছিল৷ কিন্তু ভি আই পিৰ প্ৰস্থানৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’ল৷ ফলত অঘটন সংঘটিত হ’ল৷
এই ঘটনাৰ পিছতো বিজয়োৎসৱ সমাপ্ত নহ’ল৷ ষ্টেডিয়ামৰ বাহিৰত মৰণ কাতৰ চিৎকাৰ সত্ত্বেও ভিতৰত চলি থাকিল উদযাপন৷ ঘটনাৰ পিছতে নিকটৱৰ্তী চিকিৎসালয়ত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া৷ কিন্তু তেওঁ মহা কুম্ভমেলাত সংঘটিত অঘটনাৰ উদাহৰণ দি তুলুঙা মন্তব্য কৰিছে৷ একেদৰে নিৰাপত্তা ব্যৱস্থাত সুৰুঙা আছে বুলি অভিহিত কৰিছে কৰ্ণাটকৰ ৰাজ্যপালে৷ ঘটনাৰ বাবে শোক ব্যক্ত কৰিছে ৰাষ্ট্ৰপতিয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial