ঘৰৰ পৰা এৰুৱাই পেলালে ৰাহুলৰ ফটো

১০ ছেপ্টেম্বৰলৈ ৰ’বই নালাগে, ২৪ জুনতে হ’ব ৰাজনৈতিক ভূমিকম্প৷ অসমৰ এজন শক্তিমান ৰাজনৈতিক নেতাই ২৪ তাৰিখেই দলত্যাগ কৰিব৷ তেওঁ অৱশ্যে বাজপেয়ী ভৱনতে প্ৰৱেশ কৰিব৷ মধ্য অসমৰ নেতাজনে বিজেপিত যোগ দিব বুলি বহুদিন আগতেই চৰ্চা চলিছিল৷ কিন্তু তেওঁ স্বীকাৰ কৰা নাছিল সেই চৰ্চাৰ সত্যতা৷ কিন্তু এটা নতুনকৈ গঠিত সমষ্টিৰ টিকট ফাইনেল হোৱাৰ পিছত তেওঁ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ কঁকালত টঙালি বান্ধিছে৷
এইজন নেতা কিছুদিন আগলৈ আগশাৰীৰ দলৰ গুৰু দায়িত্বত অধিষ্ঠিত হৈ আছিল৷ কিন্তু সম্প্ৰতি তেওঁ হতাশ হৈ পৰিছে৷ দলৰ শীৰ্ষ নেতৃত্বই অপমান কৰা বুলি বিবেচনা কৰিছে মধ্য অসমৰ শক্তিশালী নেতাজনে৷ সেয়ে দলত্যাগ কৰিবলৈ তেওঁ গ্ৰহণ কৰিছে সৰ্বশেষ সিদ্ধান্ত৷
অৱশ্যে বহুদিনৰ পৰা তেওঁ তলে তলে বিজেপিৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল৷ লোকসভা নিৰ্বাচনৰ সময়তো বিজেপিৰ সৈতে শঠা-মিতিৰালি কৰি নিজৰ দলৰ বাবে টিকটৰ বজাৰ পাতিছিল সেইজন নেতাই৷ সেইধৰণৰ কাণ্ডৰ জৰিয়তে বহু টকা তেওঁ উপাৰ্জন কৰিলে৷ কিন্তু দলৰ নিয়ন্ত্ৰণ হেৰুৱালে নেতাজনে৷ শেষত হাইকমাণ্ডৰ ৰোষত পৰিবলগীয়া হ’ল তেওঁ৷
তথাপি বিজেপিত যোগদানৰ বিষয়ে তেওঁ নিশ্চিত কৰা নাছিল৷ কিন্তু দিল্লীয়ে থাপি দিয়া নেতাই তেওঁৰ পাখি কটাৰ বাবে শেষত বাধ্য হৈ পৰিল৷ সকলো দিশৰ পৰা বজাৰ বন্ধ হৈ পৰাৰ বাবে তেওঁ দলত্যাগৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল৷
আমি উল্লেখ কৰা লোকজন হৈছে দুবাৰৰ বিধায়ক৷ তদুপৰি তেওঁ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ শীঘ্ৰে তেওঁ ভেটাপাৰাৰ ঘৰৰ পৰা আঁতৰ কৰিব ৰাহুল গান্ধীৰ ফটো৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial