গোপন কেমেৰাত বন্দী নিশা ৰাস্তাত হৈ থকা ঘটনা

বাইপাছত ট্ৰাক ৰখাবলৈ বাধ্য হয় ড্ৰাইভাৰ৷ কাপোৰ খুলি আগত থিয় হৈ দিয়া মহিলাৰ ভয়ত ড্ৰাইভাৰে ব্ৰেক মাৰে৷ এইসকলৰ ভিতৰত থাকে কিন্নৰৰো দলে৷ তেওঁলোকে কাপোৰ খুলি চলন্ত ট্ৰাকৰ ড্ৰাইভাৰক দেখুৱায় স্তন৷ নিশা পথত চলে এদল উদণ্ড বেশ্যা আৰু কিন্নৰৰ গুণ্ডাগিৰি৷ পথৰ দাঁতিত ৰৈ থকা কিন্নৰে হঠাতে আগচি ধৰি ট্ৰাক ড্ৰাইভাৰৰ পৰা ধন সংগ্ৰহ কৰে৷
কেবাজনো ট্ৰাকচালকৰ অভিযোগৰ ভিত্তিত আমি বাইপাছত চলাইছিলোঁ ষ্টিং অপাৰেশ্যন৷ গোপন কেমেৰাৰে আমি নিশাৰ পথৰ কাৰুকাৰ্য আবদ্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ তেতিয়াই দেখা পালোঁ অসমৰ বাইপাছতো উত্তৰ প্ৰদেশ-দিল্লীৰ দৰে সৃষ্টি হোৱা বজৰুৱা পৰিৱেশ৷
নিশা ট্ৰাকৰ চলাচল ক্ৰমে বৃদ্ধি হোৱা সময়ত এচাম কিন্নৰে পথত গুণ্ডাৰ ৰূপ ধাৰণ কৰে৷ তেওঁলোকৰ লগত থাকে কিন্তু মহিলা৷ তাৎপৰ্যপূৰ্ণ যে সেইসকল কিন্নৰ আৰু মহিলাই অসমীয়া ক’ব নোৱাৰে৷ প্ৰথমে মহিলাসকলে ব্ৰাপৰ্যন্ত খুলি স্তন প্ৰদৰ্শন কৰি ট্ৰাক ড্ৰাইভাৰক প্ৰলুব্ধ কৰাৰ চেষ্টা কৰে৷ তাৰ পিছতো যদি ড্ৰাইভাৰে ব্ৰেক নামাৰে, তেন্তে ট্ৰাকৰ সন্মুখলৈ জাঁপ মাৰি দিবলৈ ধৰে এই দলটোৰ সদস্যই৷
কিন্নৰৰ দলটোৱে ট্ৰাক ড্ৰাইভাৰক আক্ৰমণ কৰে৷ তেওঁলোকক সহযোগ কৰে হিন্দীভাষী মহিলাই৷ কিন্নৰৰ দলটোৱে পইচা নোপোৱালৈ ট্ৰাক যাবলৈ নিদিয়ে৷ তেওঁলোকৰে সদস্য ট্ৰাকৰ আগচকাৰ সন্মুখতে শুই বন্ধ কৰি ৰাখে পথ৷ এই সময়ছোৱাতে আনসকলে ড্ৰাইভাৰক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা চলায়৷
নিশাৰ বাইপাছৰ গুণ্ডাই অলপতে ট্ৰাক চালকক উলংগ কৰি পেলাইছিল৷ যোৰহাট বাইপাছত কিন্নৰৰ সৈতে থকা এগৰাকী মহিলাৰ সৈতে সংগমত লিপ্ত হ’বলৈ বাধ্য হৈছিল ট্ৰাক ড্ৰাইভাৰ৷ পুৰুষ নিৰ্যাতন কৰি পকেটৰ পৰা ধন কাঢ়ি নিছিল বেশ্যাই৷ এইধৰণৰ ঘটনা অসমৰ প্ৰায় প্ৰতিটো বাইপাছতে সংঘটিত হৈছে৷
আমাৰ গোপন কেমেৰাত ধৰা পৰিছে নিশাৰ ৰাজপথত সংঘটিত এনে ঘটনা৷ বক্ষ উদঙাই দেখুওৱা কিন্নৰৰ উপৰি মহিলায়ো নিশা পথত উদ্ভণ্ডালি কৰিছে৷ ধন নিদিয়া ড্ৰাইভাৰক নিৰ্যাতনৰ কে’ছত ফচাই দিম বুলি ভাবুকি দিছে মহিলাই৷ তাৰ বাবে তুলি থৈছে ড্ৰাইভাৰৰ উলংগ ফটো৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial