এইবোৰ মগনীয়াক ভুলতো পইচা নিদিব

দয়াশীল হৈ পইচা নিদিব৷ আপোনাৰ সন্মুখত পংগু হৈ থকা ভিক্ষাৰীজন আচলতে শাৰিৰীকভাৱে সক্ষম৷ তেওঁ খোজ কাঢ়িব নোৱাৰাৰ ভাওহে জুৰিছে৷
অসমত শাৰিৰীকভাৱে বাধাগ্ৰস্তৰ ৰূপ ধাৰণ কৰা বেছিভাগ ভিক্ষাৰীয়ে সুস্থ-সবল৷ তেওঁলোকৰ কোনো শাৰিৰীক সমস্যাই নাই৷ কেৱল ভিক্ষা খুজিবলৈ খোজ কাঢ়িব নোৱাৰাৰ ভাও জুৰিছে এদল ভিক্ষাৰীয়ে৷
গুৱাহাটী ৰে’ল ষ্টেশ্যনত ভিক্ষা কৰা লোকসকলৰ আছে এটা দল৷ তেওঁলোকে হাত-ভৰি অক্ষম হোৱা প্ৰদৰ্শন কৰি ভিক্ষা খোজে৷ আনকি পথত চুঁচৰি ফুৰা বেছিভাগ লোকেই সুস্থ৷ তেওঁলোকে পথচাৰীয়ে ধৰিব নোৱাৰাকৈ ভৰিটো বান্ধি থৈ দিয়ে৷ আপোনাৰ যদি বিশ্বাস হোৱা নাই তেন্তে এই দৃশ্যটো চাওক৷
আপুনি ফাঁচীবজাৰলৈ গ’লেই দেখিব চকাযুক্ত গাড়ীত উঠি ভিক্ষা খুজি ফুৰা লোকক৷ তেওঁলোকৰ বেছিভাগৰে ভৰি কিন্তু বেয়া নহয়৷ একেদৰে ভৰলু, মালিগাঁও আদিত ভিক্ষা খুজি ফুৰা বিকলাংগও প্ৰকৃত প্ৰতিবন্ধী নহয়৷ ইজীমানী ঘটিবলৈ তেওঁলোকে বিকলাংগৰ ভাওহে জোৰে৷
এইসকলে দিনে যিমান পইচা উপাৰ্জন কৰে তাৰ ভাগ দলৰ মুৰব্বীক দিব লাগে৷ তদুপৰি বিকলাংগৰ ভাও জুৰি ভিক্ষা খোজা লোকসকলৰ অসমৰো নহয়৷ বৰ্হিৰাজ্যৰ পৰা আনি তেওঁলোকক অসমত ভিক্ষা খুজিবলৈ কেইজনমান লোকে নিয়োগ কৰিছে৷ অসমত বৰ্তমান চলি আছে ভিক্ষাৰীৰ ছিণ্ডিকেট৷
গুৱাহাটীৰ গণেশগুৰিত পেং লৈ ভিক্ষা খোজা মগনীয়ায়ো খোজ কাঢ়িব পাৰে৷ কিন্তু ভিক্ষা কৰিয়েই তেওঁলোকে উপাৰ্জন কৰে দিন হাজিৰা কৰা লোকৰ সমান ধন৷ সহানুভূতিৰে পথচাৰীয়ে বিকলাংগ বুলি ভাবি ভিক্ষাৰীক ধন দিয়ে৷ তাৰেই সুযোগ লৈছে ভাৱৰীয়া মগনীয়াই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial