আমিনগাঁৱত চুৰিকাৰ্য ধৰা পেলাবলৈ বাৰ্তা এন ইৰ ষ্টিং অপাৰেশ্যন

চলন্ত ট্ৰাকৰ পৰা চুৰি কৰে চাউলৰ বস্তা৷ গুৱাহাটীত সোমোৱাৰ পূৰ্বে ট্ৰাকৰ তিৰ্পাল কাটি উলিয়াই নিয়ে বস্তা৷ সেইবোৰ কৌশলেৰে পথত পেলাই দিয়া হয়৷ পিছতে ৰৈ থকা টেম্পোত উঠি সেই স্থান ত্যাগ কৰে চোৰৰ দলে৷ এইদৰে আমিনগাঁৱত ট্ৰাকৰ পৰা চাউলৰ বস্তা চুৰি কৰে স্থানীয় যুৱকে৷ তেওঁলোকে সন্ধিয়াৰ পৰা আৰম্ভ কৰে অভিযান৷ নিশা গাড়ী ৰখায়ো চুৰি কৰে মূল্যৱান সামগ্ৰী৷
দীঘলীয়া অভিযোগৰ পিছত আমি এই সন্দৰ্ভত ষ্টিং অভিযান চলাইছিলোঁ৷ গাড়ীৰ পৰা আমি বন্দী কৰিছিলোঁ চাউল চুৰিৰ দৃশ্য৷ বহুসময় খাপ পিটি থকাৰ পিছত আমি দেখিছিলোঁ স্থানীয় যুৱকে চাউল চুৰি কৰা অদ্ভুত কৌশল৷ তেওঁলোকে যান-জঁটৰ ফলত মন্থৰ হৈ পৰা ট্ৰাকৰ পিছদিশে কৌশলেৰে ওলমি যায়৷ ছেগ বুজি ছুৰীৰে কাটি পেলায় ট্ৰাকৰ তিৰ্পাল৷ গাড়ীৰ স্পীড কমি থকা সময়তে তিৰ্পাল ফুটাই চাউলৰ বস্তা উলিয়াই ৰাস্তাত পেলায় দিয়ে৷ আমিনগাঁৱৰ পথত সংঘটিত এই ঘটনাৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে৷ স্থানীয় যুৱকেই যে চুৰিৰ সৈতে জড়িত তাৰ প্ৰমাণো আমি লাভ কৰিছোঁ৷
স্থানীয় লোকে জনোৱা মতে চুৰি কাণ্ডৰ সৈতে জড়িত দুন যুৱকৰ নাম হৈছে নাৰায়ণ আৰু জগদীশ৷ তেওঁলোকে ইজীমানীৰ লোভত এইদৰে ট্ৰাকৰ পৰা আলু আৰু চাউলৰ বস্তা উলিয়াইছিল৷ চে’কগেট পাৰ হোৱাৰ পিছত যিহেতু কিছু স্থানত ডাইভাৰ্শ্যনৰ বাবে স্পীড কমাবলৈ ড্ৰাইভাৰ বাধ্য হয়, তেতিয়াই পিছফালৰ পৰা ট্ৰাকত কৌশলেৰে জঁপিয়াই উঠে চোৰৰ দল৷
এই কামটো কিন্তু অত্যন্ত ভয়ংকৰ৷ চোৰৰ দৰে প্ৰাণ হাতৰ মুঠিত লৈ ধাৰাল অস্ত্ৰৰে কাটে ট্ৰাকৰ তিৰ্পাল৷ কেবাজনীয় দল এই কামৰ সৈতে জড়িত হৈ থাকে৷ এজনে ট্ৰাকৰ পিছত লাহে লাহে চলায় যায় টেম্পো৷ য’ত উঠাই থিতাতে চাউলৰ বস্তা লৈ যোৱা হয়৷
চৌৰ্যকাৰ্যৰ সৈতে জড়িতসকল আকৌ অসমীয়া যুৱক৷ তেওঁলোকে সদায়েই কৰি আছে এই অপকৰ্ম৷ কোনোদিনা মৰসাহৰ বাবে বাহনৰ খুন্দাত চোৰে হেৰুৱাব পাৰে প্ৰাণ৷ তথাপি ইজীমানীৰ লোভত ট্ৰাকত ওলমি তিৰ্পাল কাটিছে খাটী অসমীয়া চোৰে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial