নগাঁৱৰ দক্ষিণ-পশ্চিমাঞ্চলত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি৷ বছৰৰ প্ৰথমটো বানৰ তাণ্ডৱ অব্যাহত আছে এই অঞ্চলবোৰত৷ একপ্ৰকাৰ মধ্য অসমত ত্ৰাসৰ সৃষ্টি কৰিছে বৰপানী আৰু কপিলী নদীৰ বানে৷ দুয়োখন নদীয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কামপুৰ, কঠীয়াতলী, কচুৱা আদিৰ লগতে গৰুবাট আৰু জৰাবাৰী মৌজাৰ অধিকাংশ গাঁৱতে বিগত দিনকেইটাত সংহাৰ সৃষ্টি কৰিছে৷
ইয়াৰ মাজতে কামপুৰত কপিলীৰ আন এখন উপ-নৈ নিশাৰীও ফেনে-ফুটুকাৰে বাঢ়ি কামপুৰ তেঁতেলীসৰা অঞ্চলৰ বহু গাঁৱৰ কৃষি ভূমিকে ধৰি ঘৰ-দুৱাৰ, পথ আদিৰ ব্যাপক ক্ষতি সাধন কৰিছে৷ বিস্তীৰ্ণ পথাৰ এলেকা জলমগ্ন হোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷
নিশাৰী নৈৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী পথৰ পৰা তেলীয়াআটী সংযোগী গড়কাপ্টানী পথৰ গোজোঙাহোলাত ব্যাপক ক্ষতিসাধন কৰাৰ লগতে টেপৰআটী-মহগড় পথটোত খহনীয়াৰ সৃষ্টি কৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ ঠিক সেইদৰে, তেঁতেলীসৰা পঞ্চায়তৰ তেলীয়াআটি কছাৰীখণ্ডাকে ধৰি বহুকেইখন গাঁও জলবন্দী হোৱাৰ বাতৰি পোৱা গৈছে৷ কামপুৰ-যমুনামুখ গড়কাপ্টানী পথৰ সৰিয়হতলীত কপিলী নদীৰ ব্যাপক গৰাখহনীয়া আজিও ভয়াৱহ ৰূপ ধাৰণ কৰি আছে৷ মুঠতে, বানৰ বিভীষিকা হ্ৰাস পোৱা নাই দক্ষিণ-পশ্চিম নগাঁৱত৷
আনকি শেহতীয়াভাৱে বৰক’লাৰ পথাৰত বাঢ়নী পানী সোমাই ৰাইজক আতংকিত কৰি তুলিছে৷ যদিহে বানৰ প্ৰকোপ নকমে তেন্তে বৰক’লাৰ পথৰ ওপৰেৰে পানী বাগৰি পৰৱৰ্তী পৰ্যায়ত দক্ষিণপাট অঞ্চলকো স্পৰ্শ কৰাৰ সম্ভাৱনাই দেখা দিছে৷
ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে যদিও আঁতৰা নাই বানৰ জটিল পৰিস্থিতি৷ বৰং অঞ্চল বিশেষে বানে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি সেই অঞ্চলৰ লোকৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰো বিলই-বিপত্তি নোহোৱা হৈছে৷ বানে ঘৰ-দুৱাৰৰ লগতে খেতিপথাৰ, পথ, মথাউৰি আদি খহাই উটুৱাই নিয়াত বন্যাৰ্তৰ মাজত অৱৰ্ণনীয় পৰিৱেশ-পৰিস্থিতিয়ে বিৰাজ কৰিছে৷
নৰ পানীৰ মাজত থাকিও এতিয়া বন্যাৰ্তই খোৱাপানীৰ লগতে অন্ন-বস্ত্ৰৰ বাবে হাহাকাৰ কৰিবলগা হৈছে৷ সমান্তৰালকৈ পশু খাদ্যৰ বাবে গাঁৱৰ বানাক্ৰান্ত ৰাইজ যি অৱৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া বৰ্ণনাতীত৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি, বুধবাৰৰ দিনটোত ৰাজ্যৰ ২২ খন জিলাৰ ৬৬ টা ৰাজহ চক্ৰৰ ৰ,৪৯৪ খন গাঁৱৰ ৬,৭৯,৪২৩ জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰে ২,৭৮,৯৩৫ জন পুৰুষ, ২,৩৩,৮৫৬ জন মহিলা আৰু ১,৬৬,৬৩৩ টি শিশু বানত ক্ষতিগ্ৰস্ত হৈছে৷
বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা৷ লগতে বানত ক্ষতিগ্ৰস্ত আন আন জিলাসমূহ হৈছে কাছাৰ, নগাঁও, লখিমপুৰ, হাইলাকান্দি, ডিব্ৰুগড় তিনিচুকীয়া৷ প্ৰাধিকৰণে সদৰী কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত নগাঁও আৰু কাচাৰ জিলাত এজনকৈসহ মুঠ ২ জন লোকৰ মৃত্যু হৈছে৷
একে সময়তে কাছাৰ জিলাত এজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে৷ ৰাজ্যৰ বানাক্ৰান্ত ২২ জিলাত মুঠ ৪০৫ টা আশ্ৰয় আৰু সাহায্য শিবিৰ স্থাপন কৰি ইয়াত ৪১,৩১৭ জন বানাক্ৰান্তক ৰখা হৈছে৷ ইফালে বানৰ তাণ্ডৱৰ লগতে কেইবাটাও স্থানত খহনীয়া আৰু ভূমিস্খলনৰ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷
সম্প্ৰতি কাছাৰ আৰু ডিমাহাছাও জিলাৰ বান পৰিস্থিতি অতি জটিল হৈ পৰিছে৷ বৰ্তমান বৰাক নদী আৰু শ্ৰীভূমিত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে৷ বানাক্ৰান্ত অঞ্চলসমূহত প্ৰশাসন তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে৷ বানপীড়িত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ৪০৫ টা সাহায্য শিবিৰ ৪১,৩১৭ জন লোকে আশ্ৰয়৷
আনহাতে হাজোৰ মাজেৰে বৈ যোৱা উপ-নৈসমূহৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাত কৃষকসকলক চিন্তিত কৰি তুলিছে৷ বিশেষকৈ হাজো সোতা নৈৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে ৰামদিয়া-হাৰদিয়া অঞ্চলৰ খেতি পথাৰ বুৰাই পেলায়৷ ফলত পকিবলৈ আৰম্ভ কৰা বৰো ধানৰ খেতি একঁকাল পানীত পৰি চপাবলগীয়া হোৱাত কৃষকসকলৰ আলৈ-আথানি নোহোৱা হৈছে৷
একাংশ কৃষকে ধান চপাবলৈ উপযুক্ত সময় নৌহওঁতেই পানীত বুৰ যোৱা ধান পানীত পৰি কাটি নাও নাইবা কলৰ ভূৰেৰে ওখ ঠাইলৈ আনিছে যদিও সৰহসংখ্যক কৃষকে ধান চপাবলৈ নাপাই মূৰে-কপালে হাত দিয়া পৰিলক্ষিত হৈছে৷ তদুপৰি জিকা, ভেণ্ডি, লেচেৰা, জলকীয়া, তিযঁহ, বেঙেনা, কেৰেলা আদি খেতি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাই কৃষকসকলৰ পানীত হাহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে৷
অসমত হিয়া ঢাকুৰি কান্দিছে মানুহবোৰে
