পথেৰে কাক পাৰ হৈ যাবলৈ দিয়া নাই৷ প্ৰতিজন যাত্ৰীকে ৰখাইছে দুজন লোকে৷ অৱশ্যে ভুল নুবুজিব৷ যাত্ৰীসকলৰ পৰা তেওঁলোকে চান্দা তোলা নাই৷ অথবা ধনো দাবী কৰা নাই বিশেষ লোক দুজনে৷
তেওঁলোকে এটা বিশেষ উপলক্ষত যাত্ৰীসকলক ৰখাইছে৷ লোক দুজনে পথৰ কাষতে থৈ দিছে কেবাটাও মদৰ বটল আৰু পানী৷ বহুবছৰে নোহোৱা কাম এটা হৈছে৷ গতিকে তেওঁলোকে পাইছে কিছু টকা৷ জীৱনত সফল হোৱাৰ আনন্দত প্ৰতিজন পথচাৰীকে এপেগকৈ সুৰা যাচিছে লোক দুজনে৷
এই বিশেষ অভ্যৰ্থনাৰ বাতৰিটো মিছা বুলি নাভাবিব৷ তেওঁলোকে কাকো ৰাস্তাৰে খালীমুখেৰে পাৰ হৈ যাবলৈ দিয়া নাই৷ যাত্ৰীসকলৰ বেছিভাগেই অচিনাকী৷ সেইবুলি কিন্তু উদাৰ গৃহস্থই কাকো কৰা নাই বিমুখ৷ তেওঁলোকে সকলোকে আথে-বেথে যাচিছে এপেগকৈ সুৰা৷
অৱশ্যে এজনো পথচাৰীয়ে এই আপ্যায়ন প্ৰত্যাখ্যান কৰা নাই৷ সকলোৱে গাড়ীতে বহি পান কৰিছে আদৰেৰে যতনাই দিযা হুইস্কীৰ পেগটো৷ অৱশ্যে সফলতাৰ সবিশেষ প্ৰকাশ কৰা নাই লোক দুজনে৷
গুজৰাটৰ এই দৃশ্যটোৰ বাবে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োজন লোক৷ তেওঁলোকক বিচাৰিছে নেটিজেনে৷ অসমতো এইধৰণৰ সকাম পাতিবলৈ কৰিছে অনুৰোধ৷
ৰাস্তাতে ৰখাই কৰিছে আপ্যায়ন
