পৰিচালকে অভিনেত্ৰীক দাবী কৰিলে শৰীৰ

মোৰ লগত এনিশা থাকিব লাগিব
মোক কাপোৰ খুলিবলৈ বাধ্য কৰিছিল
পোনপটীয়াকৈয়ে এজন পৰিচালকে বেড পাৰ্টনাৰ হোৱাৰ প্ৰস্তাৱ দিছিল সুন্দৰী অভিনেত্ৰীক৷ চিনেমাত অভিনয়ৰ সুযোগ লাভ কৰিবলৈ শৰীৰ ভোগৰ সুবিধা বিচাৰিছিল নামজ্বলা পৰিচালকে৷ সেইদিনা অভিনেত্ৰীগৰাকীয়ে অপমান কৰিছিল পৰিচালকজনক৷ অভিনেত্ৰীগৰাকী হৈছে কাশিকা কাপুৰ৷
মডেল হিচাপে পৰিচিত হৈ পৰা কাশিকাই বলীউডত অভিনয়ৰ সুযোগ বিচাৰিছে৷ তেওঁক চিনেমাৰ বাবে স্ক্ৰীন টেষ্টলৈ শেহতীয়াকৈ এজন পৰিচালকে নিমন্ত্ৰণ কৰিছিল৷ কেৰিয়াৰে গতি লোৱাৰ সম্ভাৱনা দেখি স্ক্ৰীন টেষ্টৰ বাবে উপস্থিত হৈছিল কাশিকা৷ কিন্তু পৰিচালকে তেওঁৰ সৈতে অভিনয়ৰ বিষয়ে কথা নাপাতিলে৷
সুন্দৰী কাশিকাক কাপোৰ খুলিবলৈ নিৰ্দেশ দিলে পৰিচালকে৷ তেওঁৰ নিৰ্দেশ অনুসৰি কাশিকাই কাপোৰ খুলিবলৈ বাধ্য হ’ল৷ কিন্তু শেষত যেতিয়া ব্ৰা আৰু পেণ্টী খুলিবলৈয়ো নিৰ্দেশ দিলে তেতিয়াহে কাশিকাই বুজি পালে পৰিচালকৰ মনৰ ভাৱ৷ তেওঁ অন্তৰ্বাস খুলিবলৈ অস্বীকাৰ কৰিলে৷
সুন্দৰী অভিনেত্ৰীয়ে আকৌ কাপোৰ পৰিধান কৰি পৰিচালকৰ ৰূমৰ পৰা ওলাই আহিছিল৷ কিন্তু আকৌ তেওঁক মাতি নিছিল পৰিচালকজনে৷ এইবাৰ তেওঁ কৈছিল এটা বিশেষ কথা৷ পৰিচালকজনে চিনেমাত অভিনয়ৰ সুযোগ প্ৰদানৰ বিনিময়ত তেওঁৰ সৈতে এৰাতি থকাৰ প্ৰস্তাৱ দিছিল কাশিকাক৷
কিন্তু কাপোৰ খুলিবলৈ বাধ্য হ’লেও এনিশা কটোৱাৰ প্ৰস্তাৱ কাশিকাই নামানিলে৷ তেওঁ পৰিচালকে ভোগ কৰিবলৈ নিদিলে নিজৰ উদ্ভিন্ন যৌৱনা শৰীৰ৷ কাশিকাই বলীউডৰ আগশাৰীৰ পৰিচালকে এই অফাৰ দিয়া বুলি বৰ্তমান দাবী কৰিছে৷ কিছুদিন পিছত পৰিচালকজনৰ নামো প্ৰকাশ কৰিব কাশিকাই৷
কাশিকাই প্ৰকাশ কৰা মতে ভয়-ভাবুকিৰে তেওঁক কাপোৰ খুলিবলৈ বিশেষ পৰিচালকজনে বাধ্য কৰিছিল৷ কিন্তু শেষত যেতিয়া ব্ৰা খুলিবলৈ নিৰ্দেশ দিলে তেতিয়া খং উঠি হ’ল কাশিকাৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial